দুচকুৰ অৰণ্যত তুমি

©Admin
0
                      "কাজল"
             তোমাৰ ভিজা চুলিৰ সতে
ওঠঁত মেঘালি হাঁহি,
নীলিম দুচকুত জিলিকে, প্ৰেমৰ মুকুটা মণি ।
মৰিচিকাত ৰক্ত জৱাৰ মৰম বিচাৰি বিচাৰি,
দুচকুৰ অৰণ্যত জিলিকি উঠে চিনাকী মুখ ।
দুগালত জিলিকে তোমাৰ ৰূপালী জোন,
সোঁৱৰণি এতিয়া যেন মোৰ সোণালী 
সপোন । "কাজল"
           প্ৰতিমাৰ তুল্য তুমি,
তোমাৰ সেন্দুৰীয়া দুভৰিত নূপুৰৰ শব্দ ।
নীল কমল নয়ন জুৰিত দেখা পাওঁ,
বিশাল সাগৰৰ গভীৰতা ।
ঘনে ঘনে মোৰ হৃদয়ত তুমি
প্ৰতি উশাহে উশাহে মোৰ কাষত এতিয়া জোনাক ।
"কাজল"
বুকুত ফুলিছে মোৰ প্ৰেমৰ পাৰিজাত,
তুমি মোৰ হেপাঁহৰ এপাহি গোলাপ ।
আউঁসীও নাহে এতিয়া মোৰ কাষত,
পূৰ্ণিমাৰ জোনটি দেখা পাওঁ 
       তোমাৰ দুগালত ।

             🖍️  বিনিতা বৰা
  হোজাই জিলা{লংকা-কাকী-3}

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)