এ.পি.জে আব্দুল কালাম

©Admin
0
এ.পি.জে আব্দুল কালাম ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁৰ পৰিয়ালৰ বহুতো লোকে ৰাষ্ট্ৰপতি ভৱন চাবলৈ অহাৰ ইচ্ছা ব্যক্ত কৰিলে। তামিলনাডুৰ এখন সৰু চহৰত বাস কৰা তেওঁৰ পৰিয়ালৰ লোক সকলৰ বাবে ৰাষ্ট্ৰপতি ভৱনত পদাৰ্পণ কৰাটোৱেই সপোন স্বৰূপ আছিল। ৰাষ্ট্ৰপতি কালামে ২০০৬ চনৰ মে’ মাহত তেওঁৰ পৰিয়ালৰ সকলো লোককে একেলগে এসপ্তাহৰ বাবে ৰাষ্ট্ৰপতি ভৱনলৈ মাতি পঠিয়ালে। সকলোকে একেলগে আহিবলৈ ৰেলৰ টিকট তেওঁ পঠিয়াই দিলে।

তেওঁৰ পৰিয়ালৰ ৫২ জন লোকে একে সময়তে আহি ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ’ল। এই দলটোত ৯০ বছৰীয়া কালাম ছাৰৰ ককায়েকৰ পৰা আৰম্ভ কৰি ডেৰ বছৰীয়া তেওঁৰ আজো-নাতিনীলৈকে সকলো আছিল।

কালাম ছাৰৰ পৰিয়ালৰ লোক সকলে ৮ দিন ৰাষ্ট্ৰপতি ভৱনত কটোৱাৰ পিছৰ আজমেৰ শ্বৰীফ দৰ্শন কৰি ঘৰলৈ উভতৈ গ’ল। তেওঁলোক যোৱাৰ পিছত কালাম ছাৰে একাউণ্টেণ্ট জনক মাতি পঠিয়ালে। একাউণ্টেণ্ট জনৰ পৰা তেওঁ পৰিয়ালৰ নামত অহা যোৱা, থকা খোৱাৰ সকলো খৰছৰ হিচাপ বিচাৰিলে। একাপ চাহলৈকে সেই হিচাপৰ পৰা বাদ পৰি নগ’ল। একাউণ্টেণ্ট জনে হিচাপ দিলে যে মুঠ খৰছ হ’ল তিনি লাখ বাৱন্ন হাজাৰ টকা। কালাম ছাৰে এখন চেক লিখি সেই টকাখিনি তেওঁৰ ব্যক্তিগত একাউণ্টৰ পৰা কাটি ল’বলৈ নিৰ্দেশ দিলে।


সংগ্ৰহিত ফেচবুকৰ পৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)