PUBG ৰ প্ৰভাৱত বহুত হিংস্ৰ ব্যৱহাৰ আৰু নকৰাত্মকতা PUBG (খণ্ড-০২)

©Admin
0

PUBG গেমটোৰ  খেলুৱৈ সকল এই গেমত 
ইমান মগ্ন হৈ যায় যে খোৱা বোৱা সকলো কাম পাহৰি যায় ৷ PUBG গেমৰ কাৰণে বহুতো আত্মহত্যা সংঘটিত হৈছে ৷ নৱপ্ৰজন্মই এই গেমৰ নিচাত ঘৰৰপৰা পইচা চোৰ কৰিছিল সেয়াই নহয় PUBGগেমৰ কাৰণে বহু নৱযুৱকৰ হত্যালৈকে হৈছে ৷ কিছুমান  হাৰ্টএটেক আৰু ঘাটক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷ এই সকলোবোৰ মৰ্ম পৰিঘটনা ঘটাৰ একমাত্ৰ কাৰণ PUBG গেম ৷
এই গেমৰ কাৰণবসত আজি ছাত্ৰ সমাজ হিংস্ৰ হৈছে আৰু PUBG ৰ ফলত নৱপ্ৰজন্মৰ জীৱন অন্ধকাৰময় হৈ পৰিছিল কিন্তু ভাৰত চৰকাৰ ধন্যবাদৰ পাত্ৰ এনেধৰণৰ গেমক বন্ধ কৰাৰ বাবে ৷ এই গেম খেলা সকলৰ মন মস্তিস্ক PUBG ৰ প্ৰভাৱত থকাৰ কাৰণে অলপতে খং উঠা , বেয়া বেয়া গালি দিয়া, অবিভাৱকৰ প্ৰতি হিংস্ৰ ভাৱ প্ৰদৰ্শন আৰু বেছি ভাগ সময় অকলে থাকি মানৱতা ভাৱ কৰুণা ভাৱ , মৰম দয়া এই সকলোবোৰ গুণ লুপ্তপ্ৰায় হৈছিল ৷ ইয়াৰ পাছৰ খণ্ডত PUBGৰ কাৰণে হোৱা পাঁচটা ভয়াবহ দুৰ্ঘটনাৰ বিষয়ে আলোচনা কৰিম ৷

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)