আধৰুৱা প্ৰেম কাহিনী - কৰম উৎসৱ আয়োজন (খণ্ড -২৬)

©Admin
0

আজি মিঃ ৰাজুহতঁৰ গাৱঁত কৰম পৰৱৰ আয়োজন কৰিছে ৷ সত্যম আৰু দিবাকৰ দুয়ো যাবলৈ ওলাল ৷দিবাকৰে ক’লে

" সত্যম দা আজি জমিব আমাৰ বাগানৰ কৰম পৰৱ বৰ বিশালকৈ আয়োজন কৰা হয় আপুনি ফুুু ইঞ্জয় কৰিব পাৰিব "           বাৰু হব এতিয়া ব’লা নহ’লে দেৰি হৈ যাব মোক কাহিনী বুঢ়াৰ কাহিনীটো ৰেকৰ্ড কৰিব আছে "                                       দুয়ো লৰালৰিকৈ গাড়ীত উঠিল ড্ৰাইভাৰ ব’লা সত্যমেে গাড়ীখন চলাবলৈ নিৰ্দেশ দিলে ৷ দুয়ো সন্ধিয়া পাঁচটা বজামানতে কৰম উৎসৱ থলীত ( আখৰাত ) উপস্থিত হ'লহি ৷ এনেতে মিঃ ৰাজুৱে ঘোষণা এটি জাৰী কৰিলে ৷

" আজি কৰম উৎসৱত অংশ গ্ৰহণ কৰা সকলোকে সৰ্বপ্ৰথমে মই কৰম ৰজাৰ ওচৰত তেওঁৰ মংগল কামনা কৰিছোঁ লগতে আজি কৰম উৎসৱত উপস্থিত অতিথি গণ তথা বাগিচাবাসী ৰাইজৰ সহযোগ কামনা কৰিছোঁ ৷ আজি কৰম উৎসৱৰ বিশেষ আকৰ্ষণ সত্যম ৰবিদাসৰ পৰিচালনাত  আৰু অভিনিত সুপৰিকল্পিত চুপৰহিট বাগানীয়া চিনেমা " আধৰুৱা প্ৰেম কাহিনী " য’ত আছে জোৰদাৰ এক্সন ৰোমাঞ্চ আৰু ইমচন এই চিনেমাখন আপোনালোকে উপভোগ কৰিবলৈ পাব টিকট মাত্ৰ এহাজাৰ টকা গতিকে সকলকে আমাৰ অস্থায়ী টিকট কাউণ্টাৰৰ পৰা টিকট সংগ্ৰহ কৰিবলৈ আহ্বান জনোৱা হ'ল ধন্যবাদ "

লগেলগে টিকট কাউণ্টাৰত ৰাইজৰ সোঁত ববলৈ ধৰিলে ৷ সত্যম ইতিমধ্যে চাহকাপ খাই আখৰা তলত উপস্থিত হৈছেহি ৷ ৰাতি সাতটা বজাৰ লগেলগে কাহিনী বুঢ়াই কাহিনী পাঠ কৰিবলৈ আৰম্ভ কৰিলে ৷ 

কাহিনী বুঢ়াৰ কাহিনী সমাপ্ত হোৱাৰ লগেলগে কাহিনী বুঢ়াই ঝুমইৰ গীত   জুৰিলে

          আখৰা বন্দনা কৰি স্বৰস্বতী

             মাগৌ বলি

             আখৰা বন্দনা ব্ৰজনাৰী 

            মাদৰে ঝুমইৰ লাগল বাড়ী…….৷

গীতৰ লগেলগে মাদলৰ চাপৰত আকাশ নভ বায়ু, গছগছনি সকলোৱে ৰজন জনাই নাচোনৰ ঢৌ তুলিবলৈ আৰম্ভ কৰিলে ইতিমধ্যে কৰমতীসকলেও আহি আখৰা তলীত নৃত্যত যোগ দিছেহি ৷ 

এনেদৰে কেইটামান ঝুমুইৰ গীত ক্ৰমান্বয়ে চলি থাকিল ৷ ঠিক এঘাটা বজাৰ লগে লগে মিঃ ৰাজুৱে আকৌ এটি বিশেষ ঘোষণা জাৰী কৰিলে

" শ্ৰদ্ধাৰ অতিথি গণ আৰু ৰাইজ আপোনালোকে সাজো হৈ থাকক ঠিক বাৰটা বজাৰ লগে লগে আমাৰ ঝুমুইৰ নৃত্যৰ সামৰণি পৰিব আৰু আৰম্ভ হব এইবছৰৰ জনপ্ৰিয় চিনেমা"  আধৰুৱা প্ৰেম কাহিনী " লগতে সত্যম ৰবিদাসক এটি ঝুমইৰ গীত গাবলৈ অনুৰোধ জনোৱা হ'ল ধন্যবাদ "

দিবাকৰে ক’লে "

সত্যম দা যাওঁক যাওঁক ঝুমুইৰ এটি গাই সকলোকে ইম্পেছ কৰক অল দা ৱেষ্ট "

সত্যমে উঠি গৈ মাইক্ৰফোনটো হাতত তুলি লৈ 

" শ্ৰদ্ধাৰ ৰাইজ মই গাম বুলি কোনো প্ৰিপাৰেচন কৰি অহা নাই গতিকে পুৰণা ঝুমুইৰ এটিকে গাই দিছোঁ 

             ফুটিল ফুটিল হাইৰে

             কাশীয়া ফুল ফুটিল 

            অ ভাদৰ মাসে ৰে

            অ কৰমশালে ৰে

            মনে পীৰিতি জাগিল 

           যৌৱন কালে ৰে……..৷

সত্যমে ঝুমইৰ গীত শেষ কৰাৰ পাছত অন্য কেবাজনো ঝুমইৰ গীত গালে বাৰটা বজাৰ লগে লগে সকলোৱে ফিল্ডত গৈ বহিল ৷ চিনেমা আৰম্ভ হ'ল ৷ দুটা ঘণ্টা ধৰি চিনেমা চলিল ৷ তাৰপাছত আকৌ কৰমতীসকলে ঝুমইৰ নৃত্য আৰম্ভ কৰিলে ৷ পুৱা পাঁচটা বজাৰ লগে লগে কৰম ৰজাক বিদায় দিবলৈ নৈ ঘাটলৈ নিয়া হ'ল 

          আইজ ৰে কৰম ৰাজা

         ঘৰে দুৱাৰে 

         কাইল ৰে কৰম ৰাজা

         সাত নদীৰ পাৰে…... ৷৷

গীত আৰু ঝুমইৰ নৃত্যৰ তালে তালে কৰম ডালক নৈত উটুৱাই দি সকলোৱে ঘৰাঘৰি হ'ল ৷

নিতুয়ে এতিয়া সুযোগ পাইছে সত্যমক লগ কৰিবলৈ ৷ ৰাতি মাজে সময়ে চাহৰ কাপৰ সৈতে দেখাদেখি হৈছিল কিন্তু বহি ভালদৰে কথা পাতিবলৈ সময় মিলা নাছিল গতিকে এতিয়া নিতুয়ে এই সুযোগ অথলে যাবলৈ নিদিয়ে তাই সত্যমৰ ওচৰত গৈ ক’লে

" আধাঘণ্টাৰ পাছত নাহৰ জোপাৰ তলত আহিব মই অপেক্ষা কৰি থাকিম ৷ পাছফালৰ পৰা নিতুৰ বাপেকে কথাবোৰ শুনি আছিল সি মনেমনে ক’লে 

" মৰে বেটী মকেই ধখা দিছে ৰ’ বেটী নাহৰ তলে এই চামাৰ ছকড়াকেৰ সংগে কথা হবি মই দেখব কি ৰকমে তুই চামাৰটাকে ভেটাবি মই লাগি তৰ বাপ ভালকে চিনেক পাই না " এইবুলি কৈ গুছি গ'ল ৷ 

               আগলৈ

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)