হে' গুৰু

হে' গুৰু তোমাক যাচিছোঁ শতবাৰ
শতকোটি প্ৰণাম
জ্ঞানৰ জ্যোতিৰে তুমি জ্যোতিষ্মান
তুমিয়েই যে দিছিলা এই অজ্ঞানীক 
জ্ঞান সমুদ্ৰৰ তীৰত বহাই
জীৱনৰ অন্ধকাৰ নাশিবলৈ 
জ্ঞান চক্ষুৰ সন্ধান।
হোৱা তুমি চিৰ দিন চিৰ কালে 
অজ্ঞানীক জ্ঞানৰ 
জেউতি বিলাই মহান
তোমাক শতবাৰ শতকোটি প্ৰণাম।

✍️অজয় ৰবিদাস

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send