শিক্ষাই সকলোতকৈ উত্তম মিত্ৰ।এজন শিক্ষিত লোকে সকলোতে সন্মান লাভ কৰে
ৰূপযৌৱন সম্পর্না বিশাল কুলসম্ভবা বিদ্যাহীনা ন শোভন্তে নির্গন্ধা ইব কি়ং শুকা।অর্থাৎ ৰূপ-যৌৱনেৰে পৰিপূর্ন হ'লেও,ঐশ্বর্য্যশালী বংশকুলত জন্ম হ'লেও বিদ্যাহীনজন গোন্ধ নোহোৱা ফুলৰ দৰে।
"নৈতিকতাই শিক্ষাৰ মেৰুদণ্ড স্বৰূপ।শিক্ষা শক্তিশালী অস্ত্র,
শিক্ষাই পৃথিবীত পৰিবর্তন আনিব পাৰে"-------নেলচন মেণ্ডেলা।
এজন শিক্ষক হ'ব লাগিব শাৰীৰিক ভাবে উপযুক্ত, আবেগিক ভাবে ধীৰ-স্থিৰ,
মানসিক ভাবে সজাগ,সামাজিক ভাবে কর্মপটু আৰু আধ্যাত্মিক দিশত ঈশ্বৰৰ প্ৰতি ভয়-ভক্তি থকা লোক-----' এৰিষ্টটল'।
শিক্ষক সকল হৈছে সমাজ এখনৰ মেৰুদণ্ড স্বৰূপ।শিশু এজন জন্মৰ ৬ বছৰৰ পৰা ২৫ বছৰ বয়সলৈকে জীৱনৰ
অতি মুল্যবান সময় এই শিক্ষক সকলৰ লগতেই পাৰ কৰে।গতিকে সমাজ এখনৰ বাবে প্রকৃত মানব সম্পদ সৃষ্টিৰো মূল দায়িত্ব শিক্ষকসকলৰ।
কেৱল পুথিগত শিক্ষা প্রদানেই শিক্ষক এজনৰ মূল
উদ্দেশ্য নহয়।ডঃ ৰাধাকৃষ্ণনে বিশ্বাস কৰিছিল যে যদি উচিত পদ্ধতিৰে শিক্ষা দিয়া হয় তেন্তে সমাজৰ পৰা অনেক অপশক্তিক অর্থাৎ অসৎ প্রবৃত্তিক বিনাশ কৰিব পাৰি।তেওঁ ছাত্র ছাত্রীক নৈতিক ভাৱে সুস্থ সৱল কৰি গঢ়ি তোলাৰ কথা কৈছিল।
শিক্ষা-শিক্ষক আৰু শিক্ষাদান
কেৱল পাঠ্যপুথি আৰু বিদ্যালয়েই নহয়।
ডঃ ৰাধাকৃষ্ণন১৯৬২ চনত ভাৰতৰ ৰাষ্টপতি নির্বাচিত হয়।সেই সময়তে তেওঁক
বিশ্ব ই দার্শনিক আখ্যা দিছিল।জীৱনত তেওঁৰ কর্মৰাজিৰ বাবে বিভিন্ন পুৰস্কাৰেৰে সন্মানিত হৈছিল।১৯৫৪ চনত ভাৰতৰ সর্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন লাভ কৰে।ডঃৰাধাকৃষ্ণনে যেতিয়া ভাৰতৰ ৰাষ্টপতি হিচাপে নির্বাচিত হয় তেতিয়া
৫ ছেপ্তেম্বৰৰ দিনাখন তেওঁৰ
জন্মদিন পালনৰ বাবে এগৰাকী ছাত্র ই অনুমতি বিচাৰিছিল।তেতিয়া মহান গুনৰ অধিকাৰী গৰাকীয়ে কৈছিল যে মোৰ জন্মদিনটো
পালন কৰিব বিচৰাটো মোৰ বাবে গৌৰৱৰ বিষয় ,কিন্তু এই
দিনটো শিক্ষক দিৱস হিচাপে
পালন কৰিলে ম ই আৰু অধিক আনন্দিত হ'ম।লগতে তেওঁ শিক্ষকসকলক দেশৰ আটাইতকৈ শ্রেষ্ঠ অভিহিত কৰি কয় যে--------a teacher should be best mind in the country.
তাৰ পিছত ১৯৬২ চনৰ পৰা প্রতি বছৰে ৫ ছেপ্তেম্বৰৰ তাৰিখটো সমগ্র দেশতে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।
ডঃ সর্বপল্লী ৰাধাকৃষ্ণনে ৰাষ্টপতি হোৱাৰ পিছতো
শিক্ষকতাকেই গুৰুত্ব দিছিল।
তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰাৰ যি পৰম্পৰা চলি আহিছে তাৰ জৰীয়তে শৈক্ষিক দিশত অনেক উৎকর্ষ সাধন কৰিব পাৰি, সেয়ে শিক্ষক দিৱসৰ প্রাসঙ্গিকতা সদায়ে থাকিব।
মূলতে তেখেতৰ উদাৰতা , মানসিকতা,আদর্শবান ব্যক্তিত্বৰ গুনৰাজিৰ সুপৰামর্শক শৈক্ষিক জীৱনত প্রয়োগ কৰিব পাৰিলেহে শিক্ষক দিৱস পালন কৰাটো
সার্থক হ'ব।
🖋️ৰুনু শর্মা ,গুৱাহাটী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ