ইউনিফৰ্ম পিন্ধি পিঠিত কিতাপ বহীৰ বেগ লৈ নিতৌ অহা যোৱা কৰা মইনাহঁতক নেদেখা বহুত দিনেই হ'ল ।
বিদ্যালয়লৈ দৌৰা দৌৰিকে অহা-যোৱা কৰা ছাৰ বাইদেউহঁতক নেদেখা হোৱাৰ বহুত দিন হ'ল ।
বহুত দিনৰ পৰা ৰাতিপুৱাৰ সকলোৰে ব্যস্ত সময়বোৰ নাইকিয়া হৈ পৰিল ।
কিছুমানে বহুত কষ্ট কৰি দিন পাৰ কৰিলে এতিয়ালৈকে।
কিছুমানে আৰামেৰে দিন কটালে এতিয়ালৈকে ।
কোনোৱে ক'লে, কৰিলে ৰাজনীতি ।
হুমনিয়াৰে কলে ক'ত গ'ল সেই দিন?
ক'ত গ'ল সেই দিন?
শিক্ষক দিৱস সমাগত, শিষ্যৰ অবিহনে শিক্ষকসকল আধৰুৱা, শিষ্যসকলো শিক্ষকৰ অবিহনে আধৰুৱা ।
কি যে হ'ব শিক্ষা আৰু দেশৰ ভবিষ্যৎ । ক'ত গ'ল ভাল দিনবোৰ ।
📝শ্ৰী উৎপল দাস
বোকখাত কুৰুৱাবাহী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ