হিমন্ত বিশ্ব শৰ্মায়ে এইবাৰ বিধানসভা নিৰ্বাচন সঁচাকৈয়ে নেখেলে নেকি!

©Admin
0
এতিয়া অসমৰ ৰাজনীতি আৰু নিউজ চেনেলত এটা চৰ্চিত বিষয় "হিমন্ত বিশ্ব শৰ্মায়ে এইবাৰ বিধানসভা নিৰ্বাচন সঁচাকৈয়ে নেখেলে নেকি!"
আমি এই প্ৰসংগ আলোচনা কৰিম কিন্তু যেনেকৈ চিকিৎসক আৰু উকীলৰ ওচৰলৈ নিজৰ সমস্যা লৈ গ'লে চিকিৎসক আৰু উকীলজনে প্ৰথমে প্ৰথমৰ পৰা History সোধে তেনেকৈ আমি এইটো সমস্যাৰ সমাধান বিচাৰিবলৈও অলপ History লৈ যাব লাগিব।

এতিয়া এটা প্ৰশ্ন হয় একালৰ প্ৰবল প্ৰতাপী কংগ্ৰেছ দলৰ নেতা হিমন্ত বিশ্ব শৰ্মায়ে আজি বিজেপি দলৰ প্ৰতাপী নেতা কিয় হ'ল! হয় উত্তৰ তাতেই, তথাপিও অলপ সহজ কৰি আলোচনা কৰো মানে অলপ History লৈ যাওঁ।
এটা সময়ত তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক পিতা-পুত্ৰৰ দৰে আছিল। তৰুণ গগৈয়ে কিছুমান সংবাদ মেলত আজিও কোৱা শুনো "হিমন্তক মই নিজৰ ল'ৰা দৰে ভাবিছিলো।" আৰু হিমন্ত বিশ্ব শৰ্মায়েও তৰুণ গগৈক নিজৰ পিতাৰ দৰে জ্ঞান কৰিছিল। তাত কোনো সন্দেহ নাই। কিন্তু নিজৰ পুত্ৰৰ দৰে ভবা আৰু নিজৰ সঁচা পুত্ৰ হোৱা দুয়োটাৰ মাজত যথেষ্ঠ পাৰ্থক্য আছে।
গুৰু দ্ৰোণাচাৰ্যৰ দিনৰ পৰা ধৃতৰাষ্ট্ৰকে আৰম্ভ কৰি সুনীয়া গান্ধী, অমিতাভ বচ্চনলৈকে পুত্ৰপ্ৰেমত অন্ধ আছিল। এতিয়া অভিনয় জগত আৰু ৰাজনীতিত স্বজনপ্ৰীতি ভালকৈ চলিছে তাৰ উদাহৰণ দি শেষ কৰিব নোৱাৰি। তৰুণ গগৈয়ো এই ক্ষেত্ৰত পিছপৰা নাছিল। নিজৰ পুত্ৰ গৌৰৱ গগৈৰ এক শক্তিশালী ৰাজনৈতিক জীৱন তেওঁ কাম্য কৰে, নিশ্চয়কৈ তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত গৌৰৱ গগৈকো সেই আসনত বহা বিচাৰে। এই কথা মই কোৱা নাই। এই কথা বিভিন্ন বাতৰি কাকত আৰু নিউজ চেনেলৰ টক শ্ব'ত ইতিমধ্যে আলোচনা হৈ গৈছে।
এটা সময়ত হিমন্ত বিশ্ব শৰ্মায়ে বুজি পালে যে তেওঁক তৰুণ গগৈয়ে পুত্ৰ বুলি ভাবেহে কিন্তু মুখ্যমন্ত্ৰী আসনখনৰ বাবে গৌৰৱ গগৈৰ কথাহে ভাবে।

২০১১ চনত যেতিয়া তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে তৃতীয় বাৰলৈ চৰকাৰ কৰিবলৈ ওলাল লগতে আকৌ তৰুণ গগৈ মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মায়ে এইবাৰ ভালকৈ বুজি পালে যে তৰুণ গগৈ কংগ্ৰেছত থকা লৈকে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সপোন কেতিয়াও বাস্তৱ নহয়। এতিয়া তেওঁ নিজেই আসন এৰি নিদিয়ে আৰু পাছত তেওঁ নিজ পুত্ৰ গৌৰৱ গগৈৰ কথা ভাবে।

তেতিয়ায়ে তেওঁ সিদ্ধান্ত কৰিলে যে এইবাৰ তেওঁ হয় ইপাৰ নহয় সিপাৰ হ'ব। ২০১১ চনত কংগ্ৰেছ জয়ী হোৱাৰ পাছত তেওঁক সমৰ্থন কৰা বিধায়কৰ দল এটাৰ সমৰ্থনত তেওঁ সেইবাবেই দিল্লী পালেগৈ। হাইকমাণ্ড (হাইকমাণ্ড কোন সেই কথা মই নিলিখোঁ, সকলোৱে জানে) ৰ ওচৰত তেওঁ ফাইচালা শুনালে যে হয় মুখ্যমন্ত্ৰী দিয়ক নহ'লে মোৰ ওচৰত ইমান কেইজন বিধায়ক আছে আমি দলত বিসম্বাদ আৰম্ভ কৰি দল ভাঙিম।
হাইকমাণ্ডে তেওঁৰ কথাত গুৰুত্ব নিদিলে আৰু আকৌ তৰুণ গগৈক মুখ্যমন্ত্ৰী পাতি দিলে। তেতিয়ায়ে আৰম্ভ হ'ল কংগ্ৰেছত বিসম্বাদ। একালৰ পিতা-পুত্ৰ সম্বন্ধ শত্ৰুলৈ ৰূপান্তৰ হ'ল। সঁচাকৈয়ে এটা বিধায়কৰ দল লৈ হিমন্ত বিশ্ব শৰ্মায়ে কংগ্ৰেছত বিসম্বাদ কৰিলে আৰু কংগ্ৰেছ দল থানবান কৰি এটা বিধায়কৰ দল লৈ ২০১৫ চনত দিল্লীত গৈ অমিত শ্বাহৰ উপস্থিত বিজেপিত যোগদান কৰে।
এইবাৰো মই নিজেই কোৱা কথা নহয় বিভিন্ন তথ্যৰ পৰা গম পোৱা কথা। যি প্ৰায় সকলো লোকেই কমবেছি পৰিমাণে জানে। এইয়া আছিল History. 

এতিয়া আহোঁ বৰ্তমানলৈ। সকলোৰে মগজু আছে যেতিয়া সকলোৱে কিছুমান চিন্তা, কিছুমান ধাৰণা, কিছুমান অংক নিজেই কৰিব পাৰে। ধাৰণা কৰাত কাৰো আপত্তি থাকিব নালাগে। আৰু ধাৰণা সঁচা হ'বয়ে বুলিও কথা নাই। 
এটা সৰু ঘৰুৱা সাধু শুনাম মই। মোৰ লোভ ঘৰত মাংসৰ সৈতে ভাত খোৱাৰ কিন্তু মই ঘৰত সেই কথা বিভিন্ন কাৰণত কৈ দিব পৰা নাই। ঘৰত মোৰ বাবে ভাত বনাইছে দাইলৰ। মই এতিয়া ভাত খোৱাৰ ঠিক ঠিক আগে আগে ঘোষণা কৰি দিলো মই আজি ভাত নাখাওঁ। মই এই কথা ভালকৈ জানো মই ভাতৰ পাতত নবহিলে দেউতা আৰু মায়ে ভাত অকলে নাখায়।
মোৰ এই আকস্মিক ঘোষণায়ে দেউতা আৰু মাক বিপাঙত পেলালে। দেউতা আহিল মোৰ ওচৰলৈ "আহ বোপাই ভাত কেইটামান হ'লেও খাই ল" তাৰ পিছত দেউতায়ে মাক ক'লে ইয়াক অমলেট এটাকে বনাই দিয়াচোন। নাই, মই আকৌ ঘোষণা দিলো মই ভাত নাখাওঁ। মা চিন্তাত পৰিল। মায়ে ভাইটিক কলে যা ফতকৈ মাংস অকণ লৈ আহ। ই ভাত নাখালে আমিনো কেনেকৈ খাম।
মাংস ভাত বনাই মোক মায়ে আকৌ মাতিব আহিল "আহ বোপাই মাংস বনাইছো, কেইটামান ভাত খাই ল।" মোৰ খাবলৈ মন কিন্তু নিজৰ স্থিতি দেখাবলৈ আকৌ মাক ক'লো "মই ভাত নাখাওঁ"। 
মায়ে এইবাৰ জোৰ কৰিলে "বোপাই ভাত-মাংস বোৰ নষ্ট হৈ যাব নহয় তই নাখালে। খাই ল।"
এইবাৰ মই চুচুক-চামাককৈ ভাতৰ টেবুললৈ গ'লো। মাংস বাতিটো ভাতত ঢালি আকৌ সকলোকে শুনাকৈ কৈছো "মোৰ কিন্তু খাবলৈ একেবাৰে মন নাছিল, তোমালোকে ইমান জোৰ কৰাৰ বাবেহে খাইছো।" তাৰ পিছত মই বিচৰা মাংস ভাতখিনি মই টিপ-টপকৈ খাই দিলো।

সাধু ইমানেই। সৰুৰে পৰা সাধু শুনিয়েই নীতি-শিক্ষা নিজেই শিকি ডাঙৰ হৈছো। সেইকাৰণে মইও এটা সাধু আপোনালোকক শুনালো। নীতি-শিক্ষা নিজেই নিজেই বুজি লব আৰু।

📝লক্ষ্য জ্যোতি নাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)