এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায় (খণ্ড-০৬)

©Admin
0
আজি ২৭ ডিচেম্বৰ।যোৱা কালি আমাৰ সকলোৰে পৰীক্ষা সমূহ শেষ হৈছে।পৰীক্ষা পৰীক্ষা কৈ কেনেকৈ নো ডিচেম্বৰ মাহতো পাৰ হল ধৰিবই নোৱাৰিলো। এই মাহৰ প্ৰথম সপ্তাহতে প্ৰান্তিক দাৰ পৰীক্ষাৰ ৰিজাল্ট আহিছে। জবটো তেওঁৰ ফাইনেল হৈ গল। ভালেই হল। কিবা এটা অন্ততঃ আশা কৰিব পাৰি এইবাৰ।
কাইলৈ ঘৰলৈ যাব লাগিব  কিন্তু মোৰ ঘৰলৈ যাবলৈ অকণমানো মন নাই। ঘৰলৈ গলেই আকৌ মই বন্দী হৈ যাম। কিন্তু উপাই নাই যাবই লাগিব। কালিৰ পৰাই ছোৱালী বোৰ ঘৰলৈ যোৱা আৰম্ভ কৰিয়েই দিছে আৰু হয়টো এই দুদিনৰ ভিতৰত হোষ্টেল খালি হৈ যাব।পাখিও আজিয়েই যোৱা কথা আছিল কিন্তু মোৰ খাতিৰত তাই আজি ৰৈ গল। কাইলৈ তাই যাব গৈ সেইকাৰণে তাইৰ লগতে মইয়ো যাব লাগিব।খিৰিকী খনৰ ওচৰতে বহি প্ৰান্তিক দাৰ লগত কথা পাতি আছো।
_________ আপুনি যোৱাটো এতিয়া এক মাহেই হৈ গল। আৰু তিনি চাৰি মাহলৈ চাগে লগ নাপাম।
প্ৰান্তিক_______ কিয় কিবা দীঘলীয়া যাত্ৰাত ওলাইছা নেকি?
_________ ধেমালি নকৰিব।মই ভাবিছিলো ঘৰলৈ যোৱা আগত এবাৰ লগ পাম আপোনাক।কিন্তু এতিয়া ......? ঘৰলৈ যাবলৈ মোৰ অলপো মন নাছিল। পৰীক্ষাৰ ৰিজাল্ট দিওঁতে খুব বেছি দুই/ তিনি মাহৰ ওচৰ লাগিব।ইমান দিন মই কি কৰি থাকিম বাৰু ঘৰত?
প্ৰান্তিক_________ ঘৰলৈ নাযাবলৈ আকৌ কি হল। একো নহয় সেইবোৰ কথা বোৰ ভাবি নাথাকিবা, আগৰ দৰে থাকিবা ঘৰত।
________ সেইটো নহয় ঘৰলৈ যোৱাটো বাৰু হৈ যাব।কিন্তু ঘৰলৈ গৈ কথা পাতিম কেনেকৈ? ফোন টো দেখিব নহয়।
প্ৰান্তিক________ কথা নাপাতো আৰু তেতিয়া....
_________ কি কলে আকৌ এবাৰ কওঁক চোন। ইমান দিন কথা নপতাকৈ থাকিব পাৰিম নেকি মই। আপুনি টো ভালেই পাই কথা পাতিব নাপালে।
প্ৰান্তিক_______ হব হব আই।মোৰ কোৱাই ভুল হল।sorry! ঘৰৰ পৰা আহি লোৱা তাৰ পাছত মই যাম।হব নে?
________ বাৰু হব সোনকালে আহিব খালি। আৰু শুনক চোন স্বাগত দা যাব নেকি তাৰলৈ।
প্ৰান্তিক_________ অ কালি বুজাই বহাই তাক ইয়ালৈ আহিবলৈ মান্তি কৰাইছো। প্ৰথমতে নাহো বুলিয়েই কৈছিল পাছত মই তাৰ মাকৰ লগত ফোনত কথা পাতি ইয়ালৈ পঠাই দিবলৈ ক'লো।
__________ ওম ভালেই হব স্বাগত দা গলে আপোনাৰো লগ এটা হব।
প্ৰান্তিক_________ ওম
_________ আৰু মই ঘৰলৈ গলেও যিমান পাৰোঁ কথা পাতিবলৈ চেষ্টা কৰিম কোনেও গম নোপোৱাকৈ। কিন্তু কথা পাতিবলৈ যদি এদিনো সুযোগ নাপাওঁ তেতিয়া আপুনি আকৌ মোক পাহৰি নাযাব। তাতে এতিয়া গুৱাহাটীত থাকিব, জব পাই লৈছে। চাব কিবা উল্টা পুল্টা কৰিবলৈ হলে দিম ইয়ালৈ আহিলে তেতিয়া ঠিকছে।
প্ৰান্তিক________ ইমান ভয় নে মই আঁতৰি যাওঁ বুলি। তুমি সেইবোৰ কথা ভাবি এনে এনেই মূৰ গৰম নকৰিবা। মই আছো নহয় আৰু সদাই থাকিম তোমাৰ লগত।
_________ ওম। 
_________হব দিয়ক এতিয়া মই বস্তুবোৰ সামৰি লওঁ কাইলৈ নহলে লৰা - লৰি হব।
প্ৰান্তিক_______ ঠিক আছে যোৱা bye.
    
       বস্তুবোৰ সামৰি লৈ বিছনা খনতে বহি বাহিৰলৈ চাই আছো। আগতে ইমান সময়ত হোষ্টেলৰ ছোৱালী বোৰৰ যি চিঞৰ বাখৰ। কিন্তু কালিৰ পৰা পৰিৱেশটো অলপ নিজান হৈছে।আৰু অলপ দেৰি পাছত ৰাতিৰ ভাত দিব।ভাত খাই একেবাৰে শুই হে থাকিম এইকেইদিন মায়ে ফোনো কৰা নাই।ঘৰলৈ যাম বুলি গম নাপাই চাগে নহলে কাইলৈ মোক নিবলৈ পাই গ'লহি হেতেন।
         
         ভাত খালো। খাই আহি দুই জনী শুই থাকিলো,ৰাতিপুৱা একেবাৰে ৭.৩০ মানত সাৰ পাইছো। উঠি গা- পা ধুই,ভাত পানী খোৱালৈ ১০ টাই বাজিলে। পাখি সোনকালে ঘৰলৈ যাব কাৰণে মোকো সোনকালে ওলাবলৈ কৈ আছে। লাহে লাহে ওলাইছো। তেনেকুৱাতে বৰ্ষাই কৰিলে।
________ ওম ক'
বৰ্ষা________ কি কৰিছ?
________, ঘৰলৈ যাবলৈ ওলাইছো। জান' মোৰ যে ঘৰলৈ যাবলৈ মন যোৱা নাই।
_________ তই কি কৰিছ'?
বৰ্ষা________ একো নাই এনেই আছো মই। বাহিৰলৈ ওলাই আহ চোন অলপ।
_______ ক'ৰ বাহিৰলৈ?
আচৰিত মই।হঠাতে ক'লৈ চাবলৈ কৈছে আকৌ তাই?
বৰ্ষা_______ আচৰিত হব নালাগে। তললৈ নামি আহ।
তাইক একো নকলো আৰু ফোন টো থৈয়ে চিধাই বাহিৰলৈ দৌৰ মাৰিছো। মই তেনেকৈ যোৱা দেখি পাখিও আচৰিত।তাই মোক কিবা সোধে মানে মই আহি বাহিৰ পালোঁহি।
গৈ পাইয়ে দেখিছোঁ বৰ্ষা আহিছে। উশাহ টো ঘুৰাবই পৰা নাই মই। ইমান দিনৰ মূৰত দেখি তাইক সাৱটি ধৰি কান্দি পেলালো। তাইৰো চকু দুটা চলচলিয়া হৈ গল।

             আগলৈ

📝পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)