আৰু এনেকৈ গৈ আছোঁ গৈ আছোঁ

©Admin
0
বিষণ্ণ সুৰ এটাই মেৰিয়াই ধৰে
ঘৰমুখী পক্ষীজাকৰ কাকলিত 
এটা দিনৰ সকলো ঠিকনা সমাপ্তি ঘটাই
সন্ধিয়া বতাহজাকত উৰি অহা
নিৰ্জনতাবোৰত
খেপিয়াই চাওঁ নিজকে
কি পালোঁ আৰু কি হেৰুৱালোঁ
দিনটোৰ কৰ্মব্যস্ততাত ৷

দেউতাৰ গলহেকাৰি
জপনাখন বন্ধ কৰ
প্ৰতিদিনৰ নিয়মানুবৰ্তীতা প্ৰকাশ
কেতিয়াবা ভাল নলগা হৈ পৰে 
শুনা কথাবোৰ শুনি শুনি 
য’ত নতুনত্বৰ একোৱেই নাই ৷

গুৰুগৃহৰ পৰা ভাঁহি অহা
আই আকুল মিনতিয়ে
চেপি ধৰে জীয়া উশাহবোৰ ৷

--- নেদেখাজন আপোননে দেখাজন আপোন 
মানৱতাই পৰম ধৰ্ম
আই বিশ্বাসত কেতিয়াবা নাস্তিক হৈ উঠো
আইয়ে দুখ কৰে 
স্নেহৰ জৰীত আৱদ্ধ পৌনঃপুনিকৰ কথাবোৰ কাণত ঢালে 
বিশ্বাসে মিলয় হৰি 
ৰাখে হৰি মাৰে কোনে ---

তথাপিও 
আউল লগা জীৱনটোৰ নিজা বুলিবলৈ 
একো নাই নেকি
প্ৰশ্নবোৰ নিজৰ ওচৰত থমকি ৰোৱা আগতেই
দলিয়াই দিওঁ কুসংস্কাৰ

আৰু এনেকৈয়ে আগলৈ গৈ আছোঁ 
গৈ আছোঁ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)