আন্ধাৰ

Rinku Rajowar
0
কাৰোবাৰ আসুৰিক গলাৰ বেসুৰা গীতৰ টুকুৰা,
কোনো হৃদয়ৰ পৰা অহা কবিতাৰ শাৰী,
সিমানে বাঢ়ে,
                   যিমানে নিশা গভীৰ হয়।
নিদ্ৰাৰ বুকুত সপোনে বাহ সাজে
সপোনৰ সমাধিত বহি শুনো
ধূলিময় ধ্বংসস্তূপৰ পৰা ভাঁহি অহা
ফিনিক্স পখীৰ গান।
হঠাৎ কিলবিলাই উঠে
আন্ধাৰৰ এডাল বিষাক্ত মহীৰূহ;
আন্ধাৰৰ পদূলিত সুহুৰীয়াই থাকে নাচনী যখিনী।
বিশ্বাসঘাতকতাৰ জন অৰণ্যত
চৰাই-চুবুৰি ফালি বিয়পি যায় যন্ত্ৰণাকাতৰ গেঙনি
মনৰ আন্ধাৰত জ্বলি উঠিছে এটি দুৰ্বল তৰা,
যাৰ আয়ুস তেনেই খন্তেকীয়া।
জোনাক নিশা জাৰৰ ৰাতি
জিৰজিৰকৈ বৈ যোৱা বতাহজাকে
কঢ়িয়াই দুখৰ স্মৃতি.....।

✍️ প্ৰজ্ঞা দেৱী ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)