এটা সময় আছিল
জগত ব্যস্ত |
ব্যস্ত জগতৰ মই এজন ব্যস্ত মানুহ ;
মোৰ এই ব্যস্ত পৃথিৱীত
তুমি এটি অচিনাকী সুৰ |
এটি অচিনাকী বাঁহীৰ
কৰুণ সুৰ |
কৰুণতাৰ মায়াৰে উতলা
অচিনাকী সুৰ
মোৰ চিনাকী হৈ পৰিল |
আৰু এতিয়া.....
এতিয়াতো তুমি বহুত ব্যস্ত
তোমাৰ এই ব্যস্ত পৃথিৱীত
মই এতিয়া
মাথো এটি অচিনাকী সুৰ |
✍️অবিনাশ বড়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ