"তই এনেকৈ কথা লগাই থাকিলে মই নোৱাৰো আৰু...!" সৰুপুত্র পুলকে মাকক উদ্দেশ্যি ক'লে। মজিয়াৰ কাঠৰ আৰামী চকীখনত বহি থকা মাকে একো উত্তৰ নিদিলে। নিৰ্বিকাৰ ভাবে তেওঁ বিচনীখনেৰে বিচি থাকিল। তেওঁ জানে ক'বলগীয়া একো নাই। বোৱাৰীয়েক দুজনীৰ কাজিয়া ভাঙিবলৈ গৈ তেওঁ ল'ৰাৰ কথা শুনিবলগীয়া হৈছে। কোন ভুল, কোন শুদ্ধ বিচাৰ কৰাৰ ক্ষমতা সকলোৱে যেন হেৰুৱাই পেলাইছে। অলপ পিছত বৰপুত্র আহি চাগে বেলেগ কিবা এটা ক'ব। চহৰত বৃদ্ধাশ্ৰমত মানুহবোৰ থাকে বুলি তেওঁ শুনিছে। ইয়াত তেনেকুৱা একো নাই, নহ'লে চাগে কথাবোৰ বেলেগেই হ'লহেঁতেন! হাই-উৰুমি , উখনা-উখনি বোৰৰ মাজত জীৱনৰ বিয়লি বেলা নীৰৱ হৈ থকাৰ বাদে তেওঁৰ একো গত্যন্তৰ নাই।
✍️অৰুণিমা ভট্টাচাৰ্য্য
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ