গ্ৰাম্য অঞ্চলত পুথিভঁড়ালৰ প্ৰয়োজনীয়তা

©Admin
0
"গাঁৱৰ পুথিভঁৰাল হ'ব পাৰে একোটা সৰু সৰু পঁজাঘৰ।পুথিভঁৰালত লাগতিয়াল সা-সঁজুলি নাথাকিব পাৰে,পুথিৰ সংখ্যাও নিচেই তাকৰ হ'ব পাৰে তথাপি ই আমাৰ দুখীয়াসকল ৰাইজে পবিত্ৰ আন্তৰিকতাৰে পতা পুথিভঁৰাল। ইয়াৰ মাজেদি প্ৰকাশ পাইছে জনসাধাৰণৰ মাজত নৱজাগৰণৰ চেতনা, সাংস্কৃতিক বিকাশৰ ঐকান্তিক আগ্ৰহ ।"
             -----ঁ শৰৎ চন্দ্ৰ সিংহ

      
       পুথিভঁৰাল হ'ল জ্ঞানৰ ভঁড়াল যাক আমি জ্ঞানৰ মন্দিৰ বুলিও ক'ব পাৰোঁ।আমাৰ জ্ঞানৰ সীমা নাই।জ্ঞানেই মানুহৰ পথ দেখুৱায়।জ্ঞানৰ বাবে পুথি অধ্যয়নৰ আৱশ্যক।পুথি অধ্যয়নৰ বাবে পুথিৰ প্ৰয়োজন।পুথিভঁৰালে এই বিষয়ত বিভিন্ন পুথি যোগান ধৰি সহায় কৰি আহিছে।কিয়নো পুথিভঁৰালত বিভিন্ন ধৰণৰ বিভিন্ন বিষয়ৰ গ্ৰন্থ সংগ্ৰহ কৰি ৰখা হয়।বি.লেনধিয়াৰৰ ভাষাত-"তেনেই কম সময়ৰ ভিতৰত আটাইতকৈ অধিক লোকক যি পুথিভঁৰালে আটাইতকৈ অধিক পুথি যোগায় সিয়ে আটাইতকৈ শ্ৰেষ্ঠ পুথিভঁৰাল।"পুথিভঁৰাল শিক্ষাৰ এক অপৰিহাৰ্য অংগ।সেইবাবে প্ৰতিটো শিক্ষানুষ্ঠানত একোটা পুথিভঁৰাল থকাৰ লগতে গ্ৰামাঞ্চলতো একোটা পুথিভঁড়াল প্ৰতিষ্ঠা কৰিব লাগে, কিয়নো পুথিভঁৰালৰ জৰিয়তে এজন ব্যক্তিয়ে বিভিন্ন গ্ৰন্থ অধ্যয়নৰ যোগেদি নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব পাৰি।সত্যনাথ বৰাদেৱৰ ভাষাত- " পঢ়নৰ পৰা দূৰৈৰ মানিক হাততে পোৱা যায়।" আকৌ, তেখেতৰ মতে-"প্ৰত্যেক পুথি একোজন মানুহৰ থূপাই থোৱা বিদ্যাৰ ভঁৰাল।লিখকে বহু যত্ন পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয়,আমি কেৱল পুথিখন পঢ়িয়েই তেওঁৰ আৰ্জ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ।গতিকে দেখা যায় যে পুথি অধ্যয়ন অত্যন্ত প্ৰয়োজনীয়।কিন্তু পুথি অধ্যয়ন কৰিবৰ বাবে প্ৰয়োজনীয় সকলো কিতাপ কিনিবলে সকলোৰে সামৰ্থ নহ'ব পাৰে অথবা সহজে সেই কিতাপ নাপাবও পাৰে।কিন্তু পুথিভঁৰালে সেই অভাৱ পূৰণ কৰে।এইক্ষেত্ৰত গ্ৰামাঞ্চলৰ জনসাধাৰণ অতিকৈ পিছপৰা।গতিকে গ্ৰাম্য অঞ্চলতো পুথিভঁৰাল স্হাপন কৰাটো নিতান্তই প্ৰয়োজন হৈ পৰিছে য'ত পুৰুষ মহিলা উভয়ে অৰ্থাৎ অধ্যয়ন কৰিব বিচৰাসকলে পুথিভঁৰাললৈ গৈ গ্ৰন্থন অধ্যয়ন কৰাৰ সুযোগ পাব।আনকি ব্যস্ত লোকসকলেও আজৰি পৰত পুথিভঁৰালত অধ্যয়ন কৰিব পাৰে।ড° এছ আৰ ৰঙ্গনাথনে মত পোষন কৰে যে- "পুথিভঁৰালবোৰ কেৱল গ্ৰৰন্থৰ গুদামঘৰ নহয়,ই এনে এটি নিজৰা যি নিজৰাৰ জ্ঞানপানী বৈ গৈ শিক্ষা আৰু সংস্কৃতিৰ বহল পথাৰ প্লাৱিত কৰে।"
                     গ্ৰাম্য অঞ্চলৰ জনসাধাৰণ সদায় পিছপৰা হিচাপে গণ্য কৰা হয় য'ত চৰকাৰৰ পৰাও সদায় অৱহেলিত আৰু বহুতো সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে।বিশেষকৈ শৈক্ষিক দিশতো অতি পিছপৰা।গতিকে গ্ৰাম্য অঞ্চলত পুথিভঁৰালসমূহে জনসাধাৰণক শিক্ষিত কৰি তোলাৰ যত্ন কৰি শৈক্ষিক দিশটো যথেষ্ট আগুৱাই নিয়াৰ ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব পাৰে।
        গ্ৰাম্য অঞ্চলত পুথিভঁৰালৰ যথেষ্ট প্ৰয়োজনীয়তা তথা উপকাৰিতা আছে।বিশেষকৈ,নৈতিক শিক্ষা আৰু জ্ঞান বিস্তাৰত ইয়াৰ বৰঙণি অতুলনীয়।সকলো মানুহে স্কুল কলেজত পঢ়ি জ্ঞান আহৰণৰ সুযোগ নাপায়।আকৌ, স্কুল কলেজত পঢ়ি জ্ঞান পোৱা ব্যক্তিৰো চৰ্চাৰ অভাৱত বিদ্যা ক্ৰমে হ্ৰাস পোৱা দেখা যায়।গতিকে পুথিভঁৰালে পুনৰ পুথি অধ্যয়নৰ সুযোগ প্ৰদান কৰে আৰু জ্ঞান চৰ্চা অব্যাহত ৰখাত সহায় কৰে,যাৰ ফলত জ্ঞান স্পৃহা থকা ব্যক্তিসকল অতি সহজভাৱে উপকৃত হ'ব পাৰে।
            গ্ৰাম্য অঞ্চলত প্ৰতিষ্ঠা কৰা পুথিভঁৰালে স্কুল-কলেজ আৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীৰো যথেষ্ট উপকাৰ সাধিব পাৰে।জ্ঞান লাভৰ বাবে স্কুলৰ পাঠ্য পুথিখিনিয়েই যথেষ্ট নহয়।তাৰ কাৰণে কিছু বাহিৰা পুথি অধ্যয়নৰো দৰকাৰ।পুথিভঁৰালে পাঠ্যপুথিৰ ওপৰিও বাহিৰা পুথিৰো যোগান ধৰে।গ্ৰামাঞ্চলৰ বহুতো দৰিদ্ৰ তথা মেধা ছাত্ৰ-ছাত্ৰীয় অৰ্থৰ অভাৱত নিজা পাঠ্যপুথি সময়মতে সংগ্ৰহ কৰাত অসুবিধাৰ সন্মুখীন হয়।গতিকে গ্ৰাম্য অঞ্চলতো যদি একোটাকৈ পুথিভঁৰাল থাকে তেনেহ'লে নিশ্চয়কৈ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকল সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব।
            গ্ৰাম্য অঞ্চলত পঢ়ুৱৈৰ সংখ্যা তেনেই নগণ্য।পঢ়াৰ সুযোগ সুবিধা নোপোৱাৰ বাবে হওঁক বা গ্ৰন্থৰ অভাৱতে হওঁক।কিন্তু গ্ৰাম্যঞ্চলত পুথিভঁৰাল স্থাপন কৰি সু-প্ৰয়োগ কৰিলে নিশ্চয় এনে অঞ্চলতো পঢ়ুৱৈ তথা পাঠকৰ সংখ্যা বৃদ্ধি পাব।
           দেখা যায় গ্ৰাম্য সমাজত বসবাস কৰা অধিকাংশ যুৱকে জুৱা খেলা,মদ-ভাং খোৱা, আনক ভৰ্ৎসনা কৰা, তিনিআলি-চাৰিআলিয়ে আড্ডা মৰা আদি কাৰ্যত লিপ্ত হয়।কিন্তু গ্ৰাম্য অঞ্চলত পুথিভঁৰাল স্থাপন কৰি আজৰি সময়ত অধ্যয়ন কৰাৰ অভ্যাস অব্যাহত ৰাখিলে নিশ্চয় এনে কু-কৰ্মৰ পৰা মুক্ত হ'ব পাৰিব আৰু গ্ৰাম্য সমাজ উপকৃত হ'ব।তাৰবাবে লাগিব পঢ়াৰ প্ৰতি আগ্ৰহ আৰু এটা সুন্দৰ মন।
            দেখা যায় বহুতো জনসাধাৰণ অশিক্ষিত তথা নিৰক্ষৰ হোৱা বাবেও হত্যা, লুন্ঠন,নাৰী নিৰ্যাতন,ঠগ,প্ৰৱঞ্চক দিনক দিনে বৃদ্ধি পাইছে।গ্ৰাম্য অঞ্চলৰ পুথিভঁৰালৰ যোগেদি এনে ব্যক্তিসকলকো নৈতিক শিক্ষাৰে শিক্ষিত কৰি সৎ পথলে উভতাই অনাত অৰিহণা যোগাব পাৰে।তাৰবাবে লাগিব সকলোৰে সহযোগিতা আৰু এটা সুন্দৰ সু-পৰিৱেশ।তেতিয়া এনেবোৰ অপকৰ্ম ক্ৰমাৎ হ্ৰাস পাব বুলি মোৰ বিস্বাস।কিয়নো ব্যক্তিৰ চৰিত্ৰৰ ওপৰতেই সমাজ একোখনৰ উজ্জল ভৱিষ্যত নিৰ্ভৰ কৰে।
        নিৰক্ষৰতা জীৱনৰ কাঁইটীয়া বাট,শিক্ষাই মানুহৰ শৰীৰৰ প্ৰাণশক্তি সঞ্চয় কৰে।সৰ্বসাধাৰণৰ মংগলেই শিক্ষাৰ মূল উদ্দেশ্য হোৱা উচিত।প্ৰত্যেকেই নৈতিক উন্নতি কৰিব পৰা শিক্ষা লাভ কৰক।শিক্ষাই সমাজৰ আদি মূলস্বৰূপ।ই মানুহৰ চিন্তা, জ্ঞান আৰু কৰ্মনিপুণতাত সহায় কৰে।প্ৰতিটো অঞ্চলতে পুথিভঁৰাল স্থাপন কৰি সু-প্ৰয়োগ কৰিলে নিশ্চয় সেই শিক্ষা তথা কৰ্মনিপুুণতা বৃদ্ধি পাব।প্ৰথমে সমাজখনৰ সকলো ব্যক্তিয়ে কিতাপ পঢ়িবলৈ কিতাপৰ প্ৰেমত পৰিব লাগিব।কিতাপৰ সংগই মানুহক মনোৰঞ্জনৰ উপৰিও এজন ভাল বন্ধু হিচাপে অজ্ঞানৰ আন্ধাৰ গুচাই জ্ঞানৰ পোহৰে আলোকিত কৰা, আজৰি সময়কণ কিতাপৰ মাজেৰে পাৰ কৰা আদি বহুতো সমস্যা পুথিৰ যোগেদি সমাধান কৰিব পাৰি।এনে কৰিলে পিছপৰা সমাজখন নিশ্চিতভাৱে আগুৱাই যাব পাৰিব।
             গতিকে গ্ৰাম্য অঞ্চলত পুথিভঁৰাল প্ৰতিষ্ঠা কৰক।পুথি অধ্যয়ন কৰক।প্ৰত্যেকেই নৈতিক উন্নতি কৰিব পৰা শিক্ষা লাভ কৰক।জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰক।সমাজখন সৎ পথত আগুৱাই নিয়ক।

✒️উত্তম লইং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)