ৰঙামাটিৰ ইতিবৃত্ত

©Admin
0

ৰবিদাস সম্প্ৰদায়ৰ সংখ্যা গৰিষ্ঠতাৰেই ৰঙামাটি চাহ বাগিছা। সদৌ অসম ৰবিদাস সন্মিলনৰ অভিকেন্দ্ৰ ও এই ৰঙামাটি। এই মাটিৰ পৰাই বীজ অংকুৰিত হৈ আজিৰপৰা ৫১বছৰৰ আগেয়ে ৰঙামাটিৰ সমাজসেৱক তথা চৰকাৰী গাঁওবুঢ়া প্ৰয়াত মুঞ্চিৰাম ৰবিদাস আৰু গোলাঘাট নগৰৰ মুক্তি যুঁজাৰু প্ৰয়াত ৰামদাস ৰবিদাসৰ চিন্তা, দূৰদৰ্শীতা,কষ্ট আৰু ত্যাগৰ ফচল ৰূপে সদৌ অসম ৰবিদাস সন্মিলন নামৰ সামাজিক সংগঠনৰ জন্ম হৈছিল। ৰঙামাটিৰ প্ৰথমজন স্নাতক তথা মোৰ পিতৃ প্ৰয়াত নন্দ ৰবিদাস, ৰঙামাটি চাহ বাগিছাৰ প্ৰথম ৰবিদাস সম্প্ৰদায়ৰ কৰ্মচাৰী (মহৰি) প্ৰয়াত নেতলাল ৰবিদাস, ৰঙামাটি চাহ বাগিছাৰ  ৰবিদাস সম্প্ৰদায়ৰ প্ৰথম চৰকাৰী কৰ্মচাৰী প্ৰয়াত দেৱেন ৰবিদাস, অসম চাহ মজদূৰ সংঘৰ গোলাঘাট শাখাৰ ৰঙামাটিৰেই সংগঠক প্ৰয়াত বগাই ৰবিদাস আদি ৰঙামাটিৰ সমাজকৰ্মী সকলৰ অৱদানকো নুই কৰিব নোৱাৰি।                                ‌‌‌‌        ‌‌‌                              ৰঙামাটি চাহ বাগিছা অসম চাহ নিগমৰ অধীনত আৰু নিগমৰ আগতে ব্ৰহ্মপুত্ৰ চাহ কোম্পানীৰ অধীনত আছিল। ই গোলাঘাট জিলাৰ পশ্চিম গোলাঘাট  অৰ্থাৎ বোকাখাট উন্নয়ন খণ্ড আৰু বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত। এই অঞ্চলৰ লোকসভাৰ সমষ্টি কলিয়াবৰ আৰু ইয়াৰ প্ৰশাসনিক মহকুমা গোলাঘাট। বোকাখাট মহকুমা গঠন হোৱাৰ প্ৰাৰম্ভিক কালত ৰঙামাটি মৌজা বোকাখাট মহকুমাত আছিল যদিও পিছলৈ গোলাঘাট মহকুমাত অন্তৰ্ভুক্ত কৰা হয়। ৰঙামাটিৰ ৰাজহ চক্ৰ কাৰ্যালয় খুমটাই সমষ্টিৰ অন্তৰ্গত খুমটাই আৰু আৰক্ষী চকী দেৰগাঁও সমষ্টিৰ অন্তৰ্গত দেৰগাঁও নগৰ। সেয়ে ক'ব পাৰি যে ৰঙামাটি মৌজাৰ জনসাধাৰণে প্ৰশাসনিয় কাম কাজ কৰাৰ বাবে গোলাঘাট জিলাৰ ৫টা বিধান সভা সমষ্টিৰ ভিতৰত সৰুপথাৰ বাদ দি বাকী ৪টা সমষ্টি ক্ৰমে বোকাখাট, দেৰগাঁও, খুমটাই আৰু গোলাঘাট সমষ্টিৰ অন্তৰ্গত কাৰ্যালয়লৈ দৌৰা-দৌৰি কৰিব লগীয়া হয়। ৰঙামাটি বোকাখাট মহকুমাত নপৰা হেতুকে ৰঙামাটিবাসীৰ জাতি, স্হায়ী বাসীন্দাকে ধৰি অন্যান্য নথি পত্ৰত বোকাখাট মহকুমাধিপতিয়ে স্বাক্ষৰ নকৰে আৰু সেয়ে গোলাঘাট জিলা উপায়ুক্তৰ পৰাহে প্ৰয়োজন অনুসৰি স্বাক্ষৰ কৰাব লগীয়া হয়। কিন্তু বিভিন্ন উন্নয়ন পৰিষদৰ মহকুমা ভিত্তিত গঠিত সমিতি সমূহত বোকাখাট মহকুমাত সাঙুৰি লোৱা দেখা যায়।                                               "নহয় ৰঙামাটি, নহয় গুৱাহাটী"এই আপ্ত বাক্য শাৰীৰ ব্যৱহাৰ বিভিন্ন প্ৰসংগত হোৱা দেখা যায়। কিন্তু কেতিয়াৰ পৰা আৰু কোন ৰঙামাটিৰ কথা কোৱা হৈছে, সঠিককৈ জনা নাযায়। কাৰণ বাংলাদেশতো ৰঙামাটি নামৰ এখন জিলা, পশ্চিম বংগত ৰঙামাটি নামৰ মৌজা, গাঁও, চাহ বাগিছা আদি আছে। অন্যহাতে আমাৰ অসমৰ দৰং জিলাৰ মঙলদৈ সমষ্টিৰ অন্তৰ্গত ৰঙামাটি নামৰ মৌজা, ধুবুৰী জিলাতো ৰঙামাটি নামৰ গাঁও, গোলাঘাট জিলাৰ বাদুলীপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰঙামাটি বাহনীয়া গাঁও আৰু ৰঙামাটি কৈৱৰ্ত গাঁও পঞ্চায়তৰ অন্তৰ্গত বাদুলিপাৰৰ ওচৰত ৰঙামাটি চেউনি নামৰ গাঁও আছে। কিন্তু সদৌ অসম ৰবিদাস সন্মিলনৰ জন্মস্থান তথা আজিৰ এই সোণালী জয়ন্তীৰ অনুষ্ঠানভাগিৰ স্হান ৰঙামাটি হ'ল গোলাঘাট জিলাৰ ৰঙামাটি মৌজা এলেকাৰ ৰঙামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰঙামাটি চাহ বাগিছা। এই ৰঙামাটি চাহ বাগিছাৰ সংখ্যা গৰিষ্ঠতা থকা সম্প্ৰদায়টোৱেই হ'ল অনুসূচিত জাতিৰ ৰবিদাস সম্প্ৰদায় আৰু এই সম্প্ৰদায়ৰ লোকসকলে নিজ কুলগুৰু সন্ত শিৰোমণি ৰবিদাস দেৱৰ নামটোকেই পৰৱৰ্তী কালত উপাধি স্বৰূপে লিখিবলৈ লয়।এই প্ৰসংগতেই উল্লেখ কৰো যে গুৰুজনাৰ জন্ম ইংৰাজী ১৩৭৭ চন আৰু হিন্দী বিক্ৰমী সম্ৱত১৪৩৩ৰ পবিত্ৰ মাঘী পূৰ্ণিমা তিথিত উত্তৰ প্ৰদেশৰ কাশীত পিতৃ ৰঘূদেৱৰ ঔৰষত আৰু মাতৃ কৰমাদেৱীৰ গৰ্ভত হৈছিল।                                                                          আগতে এই অঞ্চলৰ মাটিৰ ৰং ৰঙা আৰু লিকতিয়া আছিল আৰু সেয়ে স্বাভাবিকতে অঞ্চলটোৰ নাম ৰঙামাটি হৈছিল। ৰঙামাটিৰ এটা অংশক লালমাটি বুলি জনা যায়।লালমাটি হৈছে ৰঙামাটিৰেই চাহ জনগোষ্ঠীৰ চাদ‌্ৰী দোৱানৰ (উপভাষা) অনুবাদ। ৰঙামাটি চাহ বাগিছাত ৰবিদাস সম্প্ৰদায়ৰ উপৰিও ইছলাম ধৰ্মাৱলম্বী ঝুলা সম্প্ৰদায়ৰ আৰু লগতে গাতে লাগি থকা ৰঙামাটি শেণচোৱা গাঁৱত কৈৱৰ্ত সম্প্ৰদায়ৰ লোকৰ প্ৰাধান্য আছে। চাহ বাগিছাখনত ইয়াৰ উপৰিও গোৱলা,কুৰ্মি, ভূঞা,মূদি, কৰ্মকাৰ,ঘাটোৱাৰ, চাওঁতাল, মাহিলী,মুড়া,হাজাম,বাঢ়ৈ,চাহু আদি বিভিন্ন জাতি উপজাতিৰ লোকে বসবাস কৰি আহিছে। ৰঙামাটি চাহ বাগিছাখন ৰঙামাটি  শেণচোৱা গাঁৱখনৰ লগতে ৰঙামাটি গ্ৰান্ত,কাঠনি চুক, ৩৭ন্ং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত অঞ্চলটো আদিক সামৰি সমগ্ৰ অঞ্চলটোক ৰাজহ গাঁও হিচাপে ৰঙামাটি কৈৱৰ্ত গাঁও বুলিহে কোৱা হয়। বৰ্তমান একেখন পঞ্চায়তৰ অন্তৰ্গত ৰঙামাটি চেউনি গাঁৱত অৱস্থিত ৰেল ষ্টেচনৰ নামো ৰঙামাটি বুলিহে উল্লেখ আছে। উক্ত গাঁৱখনতো এখন উচ্চ মাধ্যমিক বিদ্যালয় আছে আৰু গাঁৱখনৰ লোকসকল উচ্চ শিক্ষিত সাধাৰণ বৰ্গৰ। ৰঙামাটি বাগান অঞ্চলত ৪খন, শেণচোৱা গাঁৱত ১খন আৰু চেউনি গাঁৱত ১খন চৰকাৰী প্ৰাথমিক বিদ্যালয় আছে। ৰঙামাটি চাহ বাগিছা অঞ্চলত ১খন চৰকাৰী ,১খন বেচৰকাৰী মধ্য ইংৰাজী বিদ্যালয় আৰু ১খনহে উচ্চ মাধ্যমিক বিদ্যালয় আছে যদিও শিক্ষকৰ অনুপাতে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক। তাৰোপৰি অঞ্চলটোত উচ্চতৰ মাধ্যমিকৰ কোনো শিক্ষানুষ্ঠান নথকাত ছাত্ৰ-ছাত্ৰী সকল অসুবিধাৰ সন্মুখীন হৈ আহিছে।        উল্লেখ্য যে ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়ত ৰবিদাস সম্প্ৰদায়কে ধৰি চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক যদিও আজিলৈকে কোনো এগৰাকী ৰবিদাস সম্প্ৰদায় বা চাহ জনগোষ্ঠীৰ লোকে হাইস্কুলখনৰ পৰিচালনা সমিতিৰ সভাপতিৰ আসন অলংকৃত কৰা দেখা পোৱা নাই। ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ আৰু অসজাগতাৰ বাবেই ৰবিদাস সম্প্ৰদায়ৰ যোগ্য ব্যক্তি সকলো এই ক্ষেত্ৰত বঞ্চিত হৈ অহা দেখা গৈছে। শেণচোৱা গাঁৱখনৰ লগতে চাহ বাগিছা অঞ্চলৰ পূব আৰু দক্ষিণে দৰিয়া নদী, উত্তৰ দিশে গেলাবিল নদী আৰু পশ্চিমে বাদুলীপাৰ, নুমলীগড় আদি অঞ্চল আছে। ৰঙামাটি বোকাখাট সমষ্টিৰ অন্তৰ্গত হ'লেও নৈ দুখনৰ দুয়োটা পাৰেই খুমটাই সমষ্টিত পৰে।                          ৰঙামাটিৰ চাহ জনগোষ্ঠীৰ চৰকাৰী শিক্ষক বুলিলে সমীৰ ৰবিদাস, দ্বীপেন ৰবিদাস, বিপিন ৰবিদাস,ৰিমা ৰবিদাস,হৰেন ৰবিদাস, নিৰৱী কুৰ্মি, ৰঞ্জিত কুৰ্মি আদিৰ নাম ল'ব পাৰি। চাহ বাগিছাৰ ষ্টাফ কৰ্মচাৰী ৰূপে লক্ষেশ্বৰ ৰবিদাস,ৰবীন কুৰ্মি, দিলীপ কুৰ্মি আদিৰ নাম ল'ব পাৰি। ৰাজীৱ ৰবিদাস, সুনীল ৰবিদাস, পুলিন ৰবিদাস,মনজিৎ হাজাম আদিয়ে নতুনকৈ শিকাৰু ৰূপে কেৰেনি, মহৰি পদত কৰ্মৰত হৈ আছে আৰু ৰঙামাটিৰেই পম্পী ৰবিদাস কাৰ্বি আংলং জিলাৰ বগিজান চাহ বাগিছাৰ নাৰ্চ পদত কৰ্মৰত হৈ আছে। আৰক্ষী আৰু প্ৰতিৰক্ষা বিভাগত ক্ৰমে ৰঙামাটিৰ ৰাজেশ ৰবিদাস,পৱন ৰবিদাস,নীৰেণ ৰবিদাস,অমৰ  ৰবিদাস আদিয়ে কৰ্মৰত হৈ আছে আৰু নৱজোতি ৰবিদাস চাকৰিত মকৰলৰ বাবে নিৰ্বাচিত হৈছে। ৰঙামাটিৰেই অমিত ৰবিদাস লক্ষিমপুৰ উপায়ুক্ত কাৰ্যালয় আৰু এই লিখক পংকজ ৰবিদাস বৰ্তমান তিনিচুকীয়া বিদ্যূৎ বিভাগত কৰ্মৰত হৈ আছো। ৰঙামাটিৰ পৰাই এই অভাজনে দেৰগাঁওৰ পৰা প্ৰকাশিত সাপ্তাহিক বাতৰি কাকত "ৰাইজৰ দৰ্পণ", গোলাঘাট নগৰৰ পৰা প্ৰকাশিত "সাপ্তাহিক ধনশিৰি"আৰু "সাপ্তাহিক সাতদিন সেৱা"আদি কাকতত অঞ্চলটোৰ পৰা পোনপ্ৰথমে সংবাদ পৰিবেশন কৰাৰ উপৰিও সেউজ পুত্ৰ, শ্ৰমিক বন্ধু, সেউজী তল আদি আলোচনীত লেখা মেলা কৰি আছিলো। গুৰু ৰবিদাসদেৱৰ  বিষয়ে আলোকপাত কৰি লিখা অসমৰ দৈনিক বাতৰি কাকতত হয়তো মোৰেই  লেখা পোনপ্ৰথমে প্ৰকাশ পাইছে। বিগত বৰ্ষত বিভিন্ন জনৰ লগতে এই লিখকেও ভাৰতীয় দলিত সাহিত্য একাডেমীৰ পৰা আম্বেদকাৰ ফেলোশ্বিপ সন্মান নতুন দিল্লীত অনুষ্ঠিত অনুষ্ঠানত লাভ কৰা বাবে অনুসূচিত জাতি পৰিষদৰ বোকাখাট জিলা সমিতীয়েও সমৰ্ধনা জনাবলৈ আমাক  আমন্ত্ৰণ জনাইছিল। ৰঙামাটি চাহ বাগিছাৰ প্ৰথমজন স্নাতক প্ৰয়াত নন্দ ৰবিদাস আৰু এতিয়া ৰবিদাস সম্প্ৰদায়ৰ ভিতৰত পবিত্ৰ ৰবিদাস, অমিত ৰবিদাস, দ্বিপেন ৰবিদাস(পিতৃ-ঁসুভাস), দ্বীপেন ৰবিদাস (পিতৃ-ঁদেৱেন),  দ্বীপেন ৰবিদাস(পিতৃ-ৰামেশ্বৰ),সুনীল ৰবিদাস,গনেশ ৰবিদাস, কল্পনা ৰবিদাস,ডলী ৰবিদাস,শিখাশ্ৰী ৰবিদাস , বিক্ৰম ৰবিদাস, ৰাজেশ ৰবিদাস, চুমী ৰবিদাস,চন্দনজ্যোতি ৰবিদাস আদিয়ে স্নাতক ডিগ্ৰী লাভ কৰিছে। ইয়াৰ ভিতৰত ডলী আৰু শিখাশ্ৰী আন ঠাইলৈ বিয়া হোৱাত এতিয়া ৰঙামাটিৰ বাসীন্দা বুলি ক'ব নোৱাৰি। ৰঙামাটি পঞ্চায়তখন মৌজা ভিত্তিত থকা অৱস্থাত পোনপ্ৰথমে ৰঙামাটিৰ ৰবিদাস সম্প্ৰদায়ৰ ভিতৰত প্ৰয়াত নন্দ ৰবিদাসে পদেন সদস্য পদ লাভ কৰিছিল। বৰ্তমান ৰঙামাটি গাঁও পঞ্চায়তৰ অধিকাংশ ৱাৰ্ড সদস্য ৰবিদাস সম্প্ৰদায়ৰ ভিতৰত আছে। বৰ্তমান আঞ্চলিক পঞ্চায়তৰ উপ-সভাপতিৰ পদত ৰঙামাটিৰেই ভাৰতী ৰবিদাস আৰু গাঁও পঞ্চায়তৰ উপ-সভাপতিৰ পদত নয়ন ৰবিদাস আছে। গৌৰৱৰ কথা এয়েই যে ৰঙামাটিৰ জীয়ৰী সুৱন্তী ৰবিদাস আদি দেৰগাঁও আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীৰ পদত অধিষ্ঠিত হৈছে আৰু শিখাশ্ৰী ৰবিদাসে আগৰটো কাৰ্যকালত লেতেকুজান গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ পদত অধিষ্ঠিত আছিল। অৱশ্যে দুয়োগৰাকীয়েই বৰ্তমান বৈবাহিক সূত্ৰে আন পঞ্চায়তৰ বাসীন্দা। ইতিপূৰ্বে ৰঙামাটি গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত অধিষ্ঠিত হোৱা ৰবিদাস সম্প্ৰদায়ৰ ভিতৰত কুসুম ৰবিদাস, চম্পা ৰবিদাস, গোবিন্দ ৰবিদাস আৰু উপসভানেত্ৰীৰ পদত অনিমা ৰবিদাসৰ নাম ল'ব পাৰি। বৰ্তমান ৰঙামাটি কৈৱৰ্ত গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০টা ৱাৰ্ডৰ ভিতৰত মুঠ ৫টা ৱাৰ্ডত ৰবিদাস উপাধিৰে সদস্য ক্ৰমে নয়ন, অবিনাশ, সঞ্জীৱ, জিতেন (যুগ্নু), আৰু চিনু ৰবিদাস আদি অধিষ্ঠিত হৈ আছে।                 সামাজিক সংগঠন হিচাপে সদৌ অসম ৰবিদাস সন্মিলনৰ গোলাঘাট জিলা সমিতিৰ সভাপতিৰ পদত ৰঙামাটিৰেই সমীৰ ৰবিদাস আৰু তাৰো আগেয়ে ৰঙামাটিৰেই কুচুম ৰবিদাস, যোগেন ৰবিদাস আদি আছিল। এই সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত মুঞ্চিৰাম ৰবিদাসো ৰঙামাটিৰেই বাসিন্দা আছিল। প্ৰয়াত নেটলাল, দেৱেন,নন্দ আৰু বৰ্তমানৰ গোপাল,অমিত,অনুপ,কুচুম, পংকজ আদি ৰঙামাটিৰ বাসিন্দা সকল সন্মিলনৰ কেন্দ্ৰীয় বিষয়বাবত আছে বা আছিল আৰু প্ৰয়াত সুভাস ৰবিদাস সমাজ খনৰ ধৰ্মীয় দিশত পোৰুহিতৰ কাম কৰি আছিল। বৰ্তমান এইটো দিশত পোৰুহিত ৰূপে আতো ৰবিদাস এই সেৱা আগবঢ়ায় আহিছে। ৰবিদাস সমাজ খনৰ সমাজসেৱক তথা সংগঠক হিচাপে প্ৰয়াত জয়লাল  ৰবিদাস,প্ৰয়াত লাটলাহ ৰবিদাস, প্ৰয়াত কাশি  ৰবিদাস আদিৰ সেইসময়ত কিছু প্ৰভাৱ পৰিলক্ষিত হৈছে।শিৱনাৰায়ণ পন্হী সন্তাৱলী সকলৰ গুৰু ঘৰ ৰঙামাটিত আছে আৰু এই পন্থাৰ মহন্ত হিচাপে প্ৰয়াত মুঞ্চিৰাম, কাশী আৰু সূভাস ৰবিদাসে একাদিক্ৰমে সেৱা আগবঢ়ায় আহিছিল। ৰঙামাটিৰ ৰবিদাস সমাজ খনৰ পৰিচালনা ত ৰবিদাস যুৱ সংঘৰ ভূমিকা আছে আৰু এই সংঘৰ বৰ্তমান সভাপতি সম্পাদক ক্ৰমে অনুপ ৰবিদাস আৰু ৰমেশ ৰবিদাস।আটছাৰ উপশাখা সমিতি আৰু প্ৰাথমিক গোট ৰঙামাটিত আছে। উপশাখা সমিতিৰ সভাপতি সমপাদক  ক্ৰমে প্ৰাঞ্জল গুৱলা আৰু উমেশ ৰবিদাস।  আনহাতে প্ৰাথমিক গোট ৰ সভাপতি সমপাদক ক্ৰমে ৰাজীৱ কৰ্মকাৰ আৰু দীনেশ ৰবিদাস।আটছাৰ দেৰগাঁও শাখাৰ সম্পাদক অমিত ৰবিদাস ৰঙামাটিৰেই আৰু আটছাৰ দেৰগাঁও শাখাৰ সহকাৰী সম্পাদক তৰুণ ৰবিদাস  ৰঙামাটি চাহ বাগিছাৰ উপকৰ্মচাৰিৰেই সন্তান হয়। স্হানীয় ছাত্ৰ নেতা হিচাপে অমিতৰ ৰঙামাটিত প্ৰভাৱ দেখা যায় আৰু ইয়াৰ আগতে আটছাৰ নেতা হিচাপে ৰঙামাটিত ভগৱান হাজাম, কমল গুৱলা, প্ৰয়াত ফতেন ৰবিদাস (দাৰাসিং) আদিৰ প্ৰভাৱ দেখা গৈছিল। পোনপ্ৰথমে ৰঙামাটিত আটছাৰ প্ৰাথমিক গোটটোৰ নাম ব্ৰহ্মপুত্ৰ প্ৰাথমিক গোট নামেৰে জনা গৈছিল আৰু এই সমিতিত আগৰ ব্ৰহ্মপুত্ৰ চাহ কোম্পানীৰ মিছামৰা চাহ বাগিছা ও অন্তৰ্ভুক্ত হৈছিল। এই সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি মোৰ পিতৃ প্ৰয়াত নন্দ, উপ-সভাপতি প্ৰয়াত দেবেন ৰবিদাস আৰু সম্পাদক প্ৰয়াত উপেন গুৱলা আছিল বুলি জনা যায়। অনুসূচিত জাতি পৰিষদৰ ৰঙামাটি আঞ্চলিক সমিতি এখনো আছে আৰু এই সমিতিত ৰবিদাস সম্প্ৰদায়ৰ ভিতৰত প্ৰাক্তন সম্পাদক এই লিখক পংকজ ৰবিদাস আৰু বৰ্তমান সম্পাদক পদত ৰঙামাটিৰেই বলীন্দ্ৰ নাৰায়ণ ৰবিদাস আছে যদিও বিশেষ কাৰণত হয়তো সাংগঠনিক কামকাজ চকুত পৰাকৈ কৰা দেখা নাযায়। বিশেষ কাৰণ এয়ে যে সমিতিখন বোকাখাট জিলা সমিতিৰ অন্তৰ্গত আৰু ৰঙামাটি মৌজাটোৱেই গোলাঘাট মহকুমাত পৰা বাবে জাতি প্ৰমাণ পত্ৰ উলিয়াবলৈ সমিতিখনে অসূবিধাৰ সন্মুখীন হৈ আহিছে। অসম চাহ মজদূৰ সংঘৰ গোলাঘাট শাখাৰ অন্তৰ্গত ৰঙামাটিত এটা বাগিছা গোট আৰু ৰঙামাটিৰ  শাখা বাগিছা (ডিভিজন)ৰাঙলিটিং চাহ বাগিছাটো এটা গোট আছে। এই শ্ৰমিক ইউনিয়নৰ ৰাঙলিটিংৰ সভাপতি সম্পাদক ক্ৰমে বুবুল ৰবিদাস আৰু ভাস্কৰ হাচদা। অন্যহাতে ৰঙামাটিৰ ক্ৰমে ৰঞ্জিত ৰবিদাস আৰু ৰাজকুমাৰ কুৰ্মি। অনুসূচিতজাতি উন্নয়ন পৰিষদৰ বোকাখাট মহকুমা সমিতিৰ সদস্য পদত ৰঙামাটিৰেই কল্পনা ৰবিদাস আৰু বিজিত ৰবিদাস আছে। ইয়াৰ আগতে উক্ত ৱেলফাৰ ব'ৰ্ডত ৰঙামাটিৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী গোপাল ৰবিদাসৰ উপৰিও যোগেন ৰবিদাস আৰু গুণাৰাম ৰবিদাস আছিল। ৰঙামাটিৰ এই লেখাটো দৰাচলতে সীমিত পৰিসৰত লিখিব লগা হোৱা বাবে অন্য জাতি জনগোষ্ঠীৰ বিষয়ে বিষদভাৱে আলোকপাত কৰা হোৱা নাই। আমাৰ দেশৰ স্বাধীনতা আন্দোলনৰ মেল মিটিং আদিত ৰঙামাটিৰ প্ৰয়াত গণপত ৰবিদাসেও অংশ গ্ৰহণ কৰাৰ কথা শুনা যায় যদিও কোনো ধৰণৰ লিখিত দলিল নথকাত প্ৰাপ্য সন্মান আৰু স্বীকৃতিৰ পৰা বঞ্চিত হৈ থাকিল। প্ৰসঙ্গক্ৰমে উল্লেখ কৰো যে ৰঙামাটিৰেই শিক্ষিত যুৱক মৃগেন আৰু গনেশ ৰবিদাসে বিগত কালত কেইবাটাও দুসাসহিক আৰু অগতানুগতিক কামেৰে ৰাইজৰ শলাগৰ পাত্ৰ হৈছে।২০১৬ চনৰ পৰা তেওঁ লোক দুয়োজনেই যুতিয়াভাৱে ১২ঘন্টা অবিৰাম দৌৰ প্ৰদৰ্শন কৰি ১১০কিলোমিটাৰ অতিক্ৰম কৰিছিল। তাৰোপৰি পৃথিৱীৰ সুউচ্চ শৃংগ এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হৈছিল।২০১৮বৰ্ষত তেওঁলোকে গোলাঘাট জিলাৰ ৰঙামাটিৰপৰা দিল্লীলৈ চাইকেলেৰে যাত্ৰা কৰি সেই সময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিংক সাক্ষাৎ কৰি অসমৰ সমস্যাৰ ওপৰত স্মাৰক পত্ৰ প্ৰদান কৰিছিল।                                                         ৰঙামাটিত নামঘৰৰ উপৰিও ধৰ্মীয় স্হান হিচাপে বিষ্ণু মন্দিৰ, হনুমান মন্দিৰ, কালী থান,দানহ বাবা থান আদি আছে। বৃটিছৰ সময়ত স্হাপিত দানহ বাবা থানখনৰ এক সুকীয়া বৈশিষ্ট্য আছে।সপোনত কোৱা মতে বৃটিছ চাহাবে এই থান প্ৰতিষ্ঠা কৰা বুলি জনা যায়। প্ৰসাদ ৰূপে বাবাক সন্তোষ্টিৰ বাবে ভীমকল আৰু সুৰা অৰ্পণ কৰা হয়। লগতে মনোকামনা পূৰণৰ অৰ্থে মতা কুকুৰা বলি দিয়া হয়।এই থানৰ ওচৰত চাহ কাৰখানাৰ উপৰিও টাইলচ,পকীখোটা,কালভা্ৰট,ৰঙা ইটা,কংকৃত ইটা, প্লাষ্টিক পাইপ,ক্ৰেচাৰ, বিস্কুট, চাউল আদি বিভিন্ন উদ্য়োগ স্হাপন হৈছে।  ইছলাম ধৰ্মাৱলম্বী সকলৰ বাবে এটা মহজিদো আছে।                               এই গাঁৱৰ প্ৰাক্তন গাঁও বুঢ়া প্ৰয়াত ইন্দ্ৰেশ্বৰ শইকিয়া, প্ৰয়াত দন্দেশ্বৰ হাজৰিকা,তনু বৰা আদিয়ে ইতিপূৰ্বে অনুসূচিত জাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ পদ অলংকৃত কৰিছিল। জিলা পৰিষদৰ সদস্য়া পদত ইতিমধ্যে প্ৰয়াত ৰজীমাই হাজৰিকা আৰু ফিছফেদৰ উপাধ্যক্ষ ৰূপে ৰাজীৱ হাজৰিকা ই কাৰ্যনিৰ্বাহ কৰি গৈছে। সমবায় সমিতিৰ সভাপতি সুভাস চাহু, চাহ জনজাতি উন্নয়ন পৰিষদৰ উপাধ্যক্ষ বাবুল বাঢ়ৈ, প্ৰাক্তন সদস্য় ভগৱান হাজাম, গাঁও পঞ্চায়ত ভিত্তিত গঠিত সমবায় সমিতিৰ সভাপতি ৰমেশ ৰবিদাস আদি ৰঙামাটিৰেই বাসিন্দা হয়। বৰ্তমান ৰঙামাটি চাহ বাগিছাৰ পৰিচালক জিতেন শৰ্মা, ৰঙামাটি জিলা পৰিষদৰ সদস্য় ৰঞ্জিত খণ্ডাইত, ৰঙামাটি কৈৱৰ্ত গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰেমলতা দাস, আঞ্চলিক সদস্য়া ভাৰতী ৰবিদাস আৰু ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি জিতেন দাস। শেষত লেখাটোৰ লৈ যোৱা অনিচ্ছা কৃত ভূূল ক্ৰূতিৰ বাবে ক্ষমা প্ৰাৰ্থী হৈ ৰলো।

🖋️পঙ্কজ ৰবিদাস,গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)