ৰাজপথৰ দাঁতিত ৰখাই থোৱা ৰিক্সা এখনৰ কাষত থিয় হৈ আছিল এগৰাকী মহিলা৷ যাত্ৰীৰ অপেক্ষাত নহয়, বৰং গ্ৰাহকৰ অপেক্ষাত ৰৈ আছিল মহিলা গৰাকী৷ ৰিক্সাখনত সজাই থোৱা আছিল বিভিন্ন ফল-মূল৷ কেইবাবিধৰ কল, আনাৰস, আপেল, ডালিম আদি ফল বিক্ৰীৰ বাবে সজাই ৰিক্সাখনক ৰূপান্তৰিত কৰা হৈছে এখন চলন্ত দোকানলৈ আৰু সেই ফলমূলৰ চলন্ত বিপনীখনৰ বিক্ৰেতা হৈছে মহিলাগৰাকী৷গুৱাহাটী মহানগৰীৰ হাতীগাঁও অঞ্চলৰ ৰাজপথৰ দাঁতিত চলন্ত ফলৰ বিপনীৰ বিক্ৰেতা এই মহিলাগৰাকীৰ নাম হৈছে ভানুমতী ৰায়৷ ৪৭ বছৰীয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ মহিলাগৰাকীয়ে গুৱাহাটীৰ ৰাজপথৰ দাঁতিত যিখন ৰিক্সাত ফল-মূল বিক্ৰী কৰিবলৈ লৈছে, সেই ৰিক্সাখন চলাইছিল তেওঁৰ স্বামী প্ৰফুল্ল ৰায়ে৷ ৫৫ বছৰীয়া প্ৰফুল্ল ৰায়ৰ বাবে জীৱনৰ চালিকাশক্তি আছিল ৰিক্সাখন৷ প্ৰফুল্ল-ভানুমতীৰ প্ৰকৃত ঘৰ অসমৰ পশ্চিম প্ৰান্তৰ ধুবুৰী জিলাৰ গোলকগঞ্জ অঞ্চলত৷ দুই সন্তানসহ এদিন তেওঁলোক গুচি আহিছিল গুৱাহাটীলৈ৷ মহানগৰীৰ হাতীগাঁও অঞ্চলত ভাৰাঘৰত থাকি পৰিয়াল চলাবলৈ প্ৰফুল্ল ৰায়ে চলাইছিল ৰিক্সা আৰু ভানুমতীয়ে কেবাটাও পৰিয়ালত দিনটোত কাম বন কৰি ধন উপাৰ্জন কৰিছিল৷ নিজৰ ৰান্ধনীঘৰটোৰ পৰা আনৰ ৰান্ধনীঘৰ চম্ভালি লোৱা বা কাপোৰকানি ধোৱা, ঘৰ পৰিষ্কাৰ কৰা সকলো কাম কৰে ভানুমতীয়ে৷ নৱম আৰু সপ্তম শ্ৰেণীত পঢ়া দুই সন্তানৰ জীৱন গঢ়িবলৈ প্ৰফুল্ল ৰায়ে দেহৰ ভাগৰকো আওকাণ কৰি ৰিক্সাৰে দিনভৰ যাত্ৰী কঢ়িয়াইছিল, ভানুমতীয়ে আনৰ ঘৰৰ গৃহিণীৰ কাম কৰিছিল৷ তেনেদৰে অব্যাহত আছিল জীৱন যুদ্ধ৷
কিন্তু যোৱা মাৰ্চ মাহত চৰকাৰে কভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ঘোষণা কৰা লকডাউনে প্ৰফুল্ল-ভানুমতীৰ জীৱন স্তব্ধ কৰি দিলে৷ ৰিক্সা বন্ধ হ’ল, ভানুমতীকো কামৰ পৰা পৰিয়ালবোৰে আঁতৰালে৷ হাতত জমা থকা ধনখিনি শেষ হ’ল৷ বাকী ৰল ঘৰভাৰা দিবলৈ৷ লকডাউন দীঘলীয়া হ’ল৷ ৰিক্সা উলিয়াব নোৱাৰা হ’ল প্ৰফুল্লই৷ উলিয়ালেও মানুহ নুঠা হ’ল ৰিক্সাত৷ এদিন ৰিক্সা উলিয়াওতে আৰক্ষীয়ে খেদি আহিল লাঠি লৈ৷ সেইদিনাৰ পৰা ৰিক্সাৰ চকা আৰু নুঘূৰিল৷ পিছে এনে সময়তে ভানুমতীয়ে সিদ্ধান্ত ললে, লকডাউনৰ সময়ত ৰিক্সাত ফল-মূল লৈ বিক্ৰী কৰিব পথৰ দাঁতিত৷ পুৰুষে ব্যবসায় কৰিলে আৰক্ষীয়ে খেদি আহে মাৰিবলৈ৷ সেয়ে এগৰাকী মহিলা হিচাপে ভানুমতীয়ে পথৰ দাঁতিত ৰিক্সা ৰখাই ফলৰ দোকান আৰম্ভ কৰিলে৷
ভানুমতীয়ে আমাক কলে-“মোৰ মানুহজন দোকানত থাকিলে আৰক্ষীয়ে আহি বাধা দিয়ে, কিন্তু মই থাকিলে আৰক্ষীয়ে একো নকয়৷ এদিন মোকো বাধা দিছিল৷ কিন্তু মই প্ৰতিবাদ কৰি কলো যে আমাৰ জীৱন চলিব কিদৰে যদি কিবা এটা নকৰো৷ স্বাস্থ্য বিভাগৰ নিয়ম মানি মই দোকান কৰিছো৷ মহিলা হিচাপে পৰিয়াল চলাবলৈ কিবা এটা মই কিবা এটা কৰিছো,মোক বাধা নিদিব৷ বৰ্তমান মই ব্যৱসায় কৰি যি ধন উপাৰ্জন কৰিছো, সেই ধনেৰে পৰিয়াল চলিছে৷ স্বামীৰ উপাৰ্জন হেৰুৱাৰ পিছত ময়েই দায়িত্ব মুৰ পাতি লৈছো ঘৰখনৰ৷ ’’
উল্লেখ্য যে লকডাউনৰ সময়ত আৰক্ষীয়ে বহু পুৰুষক ৰাজপথত নিৰ্যাতন চলোৱাৰ বাবে সাধাৰণ ব্যৱসায়ী সকলে ব্যৱসায় কৰিবলৈ গৈ পচ্ছাদপদ হ’বলগীয়াত পৰিছে৷ বিপৰীতে আগবাঢ়ি আহিবলগীয়া হৈছে ঘৰৰ মহিলাগৰাকী৷ মহিলা হোৱা বাবেই আৰক্ষীৰ পৰা বাচি থাকি এনে নাৰীয়ে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী মহানগৰৰ ৰাজপথ-উপপথত৷ তেনে এগৰাকীয়ে হ’ল ভানুমতী ৰায়৷ লকডাউনে আৰ্থিকভাৱে জুৰুলা কৰাৰ পিছতো আৰক্ষী প্ৰশাসনৰ নিৰ্যাতনৰ পৰা পুৰুষজনক বচাই ভানুমতীয়ে প্ৰত্যাহবান নেওচি স্বামীৰ ৰিক্সাখনকেই অৱলম্বন হিচাপে লৈ চলাই নিছে জীৱন-জীৱিকাৰ চকা৷ ……
“লকডাউনে প্ৰভাৱিত কৰা ভানুমতী ৰায় এনে এগৰাকী নাৰী, যিয়ে মহিলাৰ বাবে বিশেষভাৱে চিহ্নিত কাম কাজ হেৰুৱাই নিজৰ আৰু আনৰ ঘৰৰ গৃহকৰ্ম হেৰুৱাৰ পিছতো সাহসেৰে ৰাজপথৰ দাঁতিত সংকটৰ সময়ত, জটিল পৰিস্থিতিত অৰ্থ নৈতিক বিপ্লৱৰ যাত্ৰা অব্যাহত ৰাখিছে৷ অৰ্থাৎ লকডাউনৰ বাবে ভানুমতীয়ে পৰিৱৰ্তন কৰিবলগীয়া হৈছে বৃত্তি৷
একেদৰে অসমৰে বৰপেটা জিলাৰ পাঠশালা অঞ্চলৰ গোলপী দাস নামৰ মহিলাগৰাকীয়ে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এখন তিনিচকীয়া ঠেলাগাড়ীত পাচলি বিক্ৰী কৰি ফুৰা দেখা গৈছিল লকডাউনৰ সময়ত৷ ৫৭ বছৰীয়া গোলাপী দাসো আছিল এগৰাকী গাৰ্হস্থ্য কৰ্মী(Domestic worker)৷ লকডাউন ঘোষণা কৰাৰ এদিন পিছতে গোলাপীক কামত নিয়োগকৰ্তা পৰিয়ালবোৰে কামৰ পৰা অব্যাহতি দিয়ে৷ অসংগঠিত খণ্ডৰ এগৰাকী মহিলা শ্ৰমিক গোলাপীয়ে স্বামীৰ সৈতে ভাৰাঘৰত বাস কৰে৷ তেওঁৰ স্বামীয়ে দিনমজুৰি কৰিছিল৷ লকডাউনৰ সময়ত তেওঁৰ স্বামীয়ে কাম নোপোৱা হ’ল৷ কেইদিনমান হাতত জমা থকা ধনখিনিৰে সংসাৰ চলিল৷ কিন্তু লাহে লাহে খাবলৈ, ঘৰভাৰা দিবলৈ ধন নোহোৱা হ’ল৷ গোলাপীৰ স্বামীয়ে এদিন এখন তিনিচকীয়া ঠেলা দিনে এশ টকাত ভাৰাত লৈ পথৰ দাঁতিত পাচলি বিক্ৰী কৰিবলৈ ল’লে৷ কিন্তু আৰক্ষীয়ে আহি তেওঁক বাধা দিলে৷ পিঠিত একোব দিলেও৷ দুদিন পিছত সেই ঠেলাখন লৈ ৰাজপথলৈ ওলাই আহিল গোলাপী৷
এজন পাচলি বিক্ৰেতাৰ পৰা অলপ কম দামত সৰহকৈ পাচলি ক্ৰয় কৰি সেই ঠেলাখনতেই বিক্ৰী কৰিবলৈ ল’লে৷ আৰক্ষীয়ে বাধা দিবলৈ আহোঁতে গোলাপীয়ে তৰ্কযুদ্ধত লিপ্ত হ’ল আৰু পথে-উপপথে চলাই গ’ল পাচলিৰ ভ্ৰাম্যমাণ বিপনী৷ গোলাপী দাসে লকডাউনৰ প্ৰভাৱত বৃত্তি পৰিৱৰ্তন কৰিবলৈ বাধ্য হোৱাই নহয়, অৰ্থনৈতিক যুদ্ধতো লিপ্ত হৈছে৷ ঠেলা টানি টানি ব্যবসায় কৰাটো কেৱল পুৰুষৰ কাম বুলি চিহ্নিত হোৱা প্ৰক্ৰিয়াক নিঃচিহ্ন কৰি মহিলা হিচাপে গোলাপী দাসে অন্য এক পথেৰে বাট বুলিছে৷ পথত ব্যবসায় কৰাটো লকডাউন বিধিমতে নিষিদ্ধ যদিও গোলাপী দাসে এগৰাকী মহিলা হিচাপে প্ৰশাসনিক বিষয়াৰ বাধা অতিক্ৰমি আধিপত্য বিস্তাৰ কৰিছে ৰাজপথত৷ যিটো কাম তেওঁৰ স্বামীয়ে কৰিব পৰা নাছিল, সেই কামটো অব্যাহত ৰাখিছে গোলাপীয়ে৷ গোলাপীয়ে কলে -‘লকডাউনৰ বাবে মই জীৱিকা সলনি কৰিব লগীয়া হ’ল৷ পিছে ঘৰুৱা কৰ্মী হিচাপে কাম কৰাতকৈ এতিয়া মই বেছি স্বাধীন অনুভৱ কৰিছো৷ নিজৰ মতে ব্যৱসায় কৰিছো, উপাৰ্জন কম হৈছে কিন্তু মানুহৰ সতে কথা বতৰা পাতিব পাৰিছো, পথাচাৰীৰ সৈতে আলাপ কৰিছো৷ মনৰ কথা খুলি কব পৰা ঠাই পাইছো৷ লকডাউনৰ বাবে অৰ্থ উপাৰ্জন বহু কমিছে, কিন্তু নিজৰ ঘৰ আনৰ ঘৰৰ চাৰিবেৰৰ মহিলাৰ বাবে নিৰ্দিষ্ট কৰি দিয়া ঘৰ মছা, বাচন-ধোৱা, কাপোৰ ধোৱা এইবোৰ কামৰ পৰা আঁতৰি আন এখন মুকলি ঠাই পাইছো৷ আৰক্ষীয়ে ব্যতিব্যস্ত কৰে যদিও মহিলা হোৱা বাবে বিশেষ একো কব নোৱাৰে৷ স্বামীয়ে ৰাতিপুৱা আহি সহায় কৰি আঁতৰি যায়৷ মই দিনটো ঠেলাখন অলিয়েগলিয়ে টানি টানি পাচলি বিক্ৰী কৰো৷ ’’
৫২ বছৰীয়া সবিতা গৰ নামৰ মহিলাগৰাকীয়ে নাৰেংগী-চন্দ্ৰপুৰ সংযোগী পথৰ খাংকৰ অঞ্চলত কচু-ঢেকীয়া, বাঁহগজ, কলডিল, কলমৌ আদি সন্মুখত লৈ বহি আছিল৷ লকডাউনৰ সময়ত ৰাজপথটোৰে মানুহৰ আহ যাহ কম যদিও অপেক্ষা কৰিছিল কোনোবা আহিব,সামগ্ৰীবোৰ কিনিব৷ সেই শাক-পাচলিখিনি বিক্ৰী কৰা সামান্য ধনখিনিয়েই এদিন বা দুদিন জীয়াই থকাৰ সম্বল হ’ব৷ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত পূৱ-খাংকৰ গাঁৰ বাসিন্দা সবিতা গৰে ৰাজপথৰ দাঁতিত লকডাউনৰ সময়ত সেই সামান্য বস্তুকেইপদ লৈ বিক্ৰীৰ বাবে বহিব লগা হৈছে কিয়? ইয়াৰ আগতে সেই ঠাইটুকুৰাত কোনো মহিলাই শাক-পাচলি বিক্ৰী কৰা নাছিল৷ লকডাউনৰ সময়ত পথৰ দাঁতিত ব্যৱসায় বন্ধ হোৱাৰ পিছতো সবিতা গৰ আহিল কৰ পৰা?
এই সন্দৰ্ভত সবিতা গৰে কলে-“ লকডাউনৰ আগতে সৰু ফেক্টৰী এটাত কাম কৰিছিলো৷ লকডাউনৰ বাবে আমাক কামৰ পৰা এৰুৱালে৷ স্বামীয়ে মজুৰি নোপোৱা হ’ল৷ এদিন স্বামী ৰাজু গৰে হাবিৰ পৰা বাঁহগজ, কচু-ঢেকীয়া, কলডিল খান্দি আনি এই পথৰ দাঁতিত বিক্ৰী কৰিবলৈ বহিছিল৷ কিছু পিছত আহিল পুলিচ৷ আহিয়েই পুলিচে খেদি পঠিয়ালে, সামগ্ৰীবোৰ পথৰ ওপৰতে পৰি থাকিল৷ ইয়াৰ পিছত মই আহি ৰাজপথৰ ওপৰত এই সামগ্ৰীবোৰ লৈ বহিলো পথৰ ওপৰত৷ মোৰ সৈতে আন তিনিগৰাকী মহিলাও আহিল৷ আমি অতি দুখীয়া পৰিয়ালৰ৷ দিনে দিনে বজাৰ কৰি দিনে খাও৷ দুদিন উপাৰ্জন নকৰিলে লঘোন দিব লাগে৷ সেয়ে কৰ’নাত মৰাতকৈ পুলিচৰ লাঠিৰ কোবত মৰাই ভাল বুলি আমি তিনিওগৰাকী মহিলাই এই স্থানতে বনৰীয়া শাক পাচলি লৈ বিক্ৰী কৰিবলৈ বহিলো৷ পুলিচ আহিল, বাধা দিলে,কিন্তু বুজাই কলো-আমি মাইকী মানুহে লৰা ছোৱালীক কি খুৱাম, কেনেদৰে জীয়াই থাকিম যদিহে দুপইচা উপাৰ্জন নকৰো৷ সজ পথেৰে আগবাঢ়িছো৷ মহিলা হোৱা বাবে বিশেষ একো কব নোৱাৰিলে পুলিচে৷ সেইদিনাৰ পৰা আমি তিনি মহিলাই পথৰ দাঁতিত দোকান দি আহিছো৷ পুৰুষবিলাকে হাবিৰ পৰা বস্তুবোৰ সংগ্ৰহ কৰি আনি দিয়ে৷ পুলিচৰ কোব খাব লাগে বাবে তেওঁলোক ঘৰতে আছে, আমি ওলাই আহিছো৷ ’’
সবিতা গৰৰ সৈতে খাংকৰ নামৰ স্থানতে একে গাঁৱৰে গীতা দৰ্জী(৫০) নামৰ মহিলাগৰাকীকো দেখা গৈছিল৷ এটি শিশু লগত লৈ বহি আছিল পথৰ দাঁতিত৷ একেদৰে কৌশল্যা নামৰ ৭০ বছৰীয়া বিধৱা মহিলাগৰাকীক বনৰীয়া শাক-পাচলি বিক্ৰী কৰি থকা অৱস্থাত পোৱা গৈছিল সেই স্থানতে৷ পুত্ৰ-বোৱাৰী থকাৰ পিছতো স্বাধীনভাৱে অকলেই জীৱন-যাপন কৰা কৌশল্যাই আনৰ ঘৰত কাম-বন কৰিছিল৷ লকডাউনৰ ফলত সত্তৰ বছৰীয়া কৌশল্যাই কাম হেৰুৱালে৷ বৃত্তি সলাই বিক্ৰ কৰিবলগীয়া হ’ল কচু-ঢেকীয়া৷ ওচৰৰ পাহাৰৰ পৰা সামগ্ৰী সংগ্ৰহ কৰিবলৈ গৈয়ো বাঘৰ আক্ৰমণৰ ভয়ত বেছি সময় পাহাৰত থাকিব নোৱাৰে৷ তথাপিও জীৱনৰ তাগিদাত ৰাজপথৰ ওপৰত সৰলভাৱে নিজৰ আধিপত্য বিস্তাৰ কৰিছে সত্তৰ বছৰীয়া কৌশল্যাই৷ পুত্ৰ-বোৱাৰীৰ ওপৰত নিৰ্ভৰ নকৰি সত্তৰ বছৰ বয়সতো সেইগৰাকী বৃদ্ধাই কঠোৰ লকডাউনৰ সময়ৰ প্ৰশাসনৰ কঠোৰতাক প্ৰতাহ্বান জনাই অনন্য দৃষ্টান্ত দেখুৱাইছে৷ বহু পুৰুষে লকডাউনৰ সময়ত পথৰ ওপৰত ব্যৱসায় কৰিবলৈ সক্ষম নহয় যদিও কৌশল্যা, গীতা, সবিতাৰ দৰে নাৰীয়ে আধিপত্য বিস্তাৰ কৰিছে পথৰ ওপৰত৷
সেইদৰে গুৱাহাটী মহানগৰীৰ বোন্দা অঞ্চলত অনেকগৰাকী মহিলাই পথৰ ওপৰত অব্যাহত ৰাখিছে ব্যৱসায়৷ চন্দ্ৰপুৰ নাৰেংগী বাইপাছ ৰাষ্ট্ৰীয় পথৰ হাজোংবাৰী অঞ্চলত লগ পোৱা গৈছিল ৫৫ বছৰীয়া মইনা উপাধ্যায়ক, যিয়ে লকডাউনৰ সময়ত ৰাজপথৰ দাঁতিত পাচলিৰ সৰু দোকান এখনত বহি ব্যৱসায় চলাইছিল৷ মইনা উপাধ্যায়ে কৈছিল- “ এই পাচলি দোকানখনত আগতে মোৰ স্বামী কালীনাথ উপাধ্যায়ে বহিছিল৷ কিন্তু লকডাউনৰ সময়ত কিছুদিন দোকান বন্ধ হৈ থকাত আমাৰ উপাৰ্জনৰ বিকল্প ব্যৱস্থা নাছিল৷ এদিন স্বামীয়ে আহি দোকানত সামগ্ৰী বিক্ৰী কৰিছিল যদিও প্ৰশাসনে বাধা দিলে৷ তেতিয়াৰ পৰা এই দোকানখনত মই বহিবলৈ ললো৷ আৰক্ষী প্ৰশাসনে মোক বিশেষ একো নকলে৷ সেয়ে মই এতিয়া পাচলিৰ দোকানখন চলাই গৈছো৷ স্বামীয়ে ঘৰতে থাকিবলগীয়া হৈছে৷ কেতিয়াবা পাহাৰলৈ গৰু চৰাবলৈ যায়, আন কাম নাই৷ মোৰ ওপৰত নিৰ্ভৰ কৰিয়েই এতিয়া তিনি কন্যাসহ ঘৰখন চলিছে৷ ’’
উল্লেখ্য যে লকডাউনৰ প্ৰভাৱে লিংগভিত্তিকভাৱে যি প্ৰভাৱ পেলাইছে তাৰ উদাহৰণ কেৱল মইনা,ভানুমতী, গীতা,সবিতা, গোলাপী আদিয়েই নহয়৷ কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তত এনে এচাম নাৰী দেখা পোৱা যায় যিয়ে ৰাজপথ- উপপথত ঠেলা বা ৰিক্সা প্ৰতিদিনৰ বাবে ভাৰাত লৈ ফল-মূল, শাক-পাচলি, মাছ আদিৰ ব্যৱসায় কৰিবলৈ লৈছে৷ এচামে তিনিচকীয়া ঠেলা ভাৰাত লৈ আন ব্যৱসায়তো নামিছে, এচামে পদপথৰ ওপৰতে ঘৰত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিছে৷ পিছে এইসকল মহিলাই কোনোদিনেই ৰিক্সা বা ঠেলা টানি লৈ যোৱা নাছিল গুৱাহাটীৰ ৰাজপথত৷ কিন্তু লকডাউনৰ প্ৰভাৱত যেতিয়া পুৰুষজন কৰ্মহীন হৈছে, বা নিজেও দীৰ্ঘদিনে কৰি থকা “বিশেষ কামটো’’ হেৰুৱাইছে তেতিয়া এনে মহিলাই বাধ্য হৈছে-ঠেলা, ৰিক্সা ভাৰাত লৈ বা পদপথৰ দাঁতিত ব্যৱসায় কৰিবলৈ৷ লকডাউনৰ সময়ছোৱাত চানমাৰী-বামুণীমৈদাম পথৰ দাঁতিত এগৰাকী মহিলাই ডাব নাৰিকল কাটি কোনো অভিজাত মানুহৰ হাতত তুলি দিয়া প্ৰতক্ষ্য কৰা হৈছিল৷ এই কথাই প্ৰমাণ কৰে পুৰুষৰ বাবে বুলি নিৰ্দিষ্ট কৰি থোৱা বা সমাজত স্বীকৃত বা চিহ্নিত কাম কিছুমান লকডাউনৰ কালত প্ৰভাৱিত হোৱা এচাম নাৰীয়ে সমাপন কৰি অনন্য নিদৰ্শন দাঙি ধৰিছে৷ দেখা গৈছে, এনে কামত স্ব-নিয়োজিত হোৱা অধিকাংশ মহিলাৰ কাষতে পুৰুষজন সততেই অনুপস্থিত৷ অৰ্থাৎ যিমানে কামৰূপ মহানগৰ জিলাৰ পথ উপপথত মহিলা ব্যৱসায়ীৰ আধিপত্য বৃদ্ধি হৈ গৈ আছে বিপৰীতে পুৰুষ পচ্ছাদপদ হৈ যোৱা পৰিলক্ষিত হৈছে৷ একে সময়তে এইদৰে পথত মুকলিকৈ ব্যৱসায়ত বা স্ব-নিয়োজিত হোৱা মহিলা সকলৰ অধিকাংশই লকডাউনৰ আগলৈকে আছিল ঘৰৰ চাৰিবেৰৰ মাজত বা এক নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত৷ যিসকলৰ অধিকাংশই কেৱল মহিলাৰ বাবে নিৰ্দিষ্ট বুলি চিহ্নিত কাম কিছুমানত নিজৰ ঘৰত বা আনৰ ঘৰত ব্যস্ত আছিল৷ কিন্তু লকডাউনে এনে বহু মহিলাক উলিয়াই আনিলে ৰাজপথ, উপপথলৈ৷ আনকি চানমাৰী(গুৱাহাটী)ত একাংশ মহিলাই পথৰ ওপৰত পাচলিৰ দোকান দি মাজে সময়ে মুক্তমনে কথাবতৰা পতাৰ দৃশ্য দেখা পোৱা যায়৷ অৰ্থাৎ এইসকল নাৰীয়ে পথৰ ব্যৱসায়ত চামিল হৈ কেৱল পৰিয়াললৈ আৰ্থিক সকাহ দিয়াৰ উপৰিও নিজৰ মাজত বিভিন্ন বিষয় সুকীয়াকৈ আলাপ-আলোচনা কৰিবলৈ স্থান সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ পুৰুষসকলে বিভিন্ন কৰ্মত নিয়োজিত হৈ থকাৰ মাজতে যি আড্ডাস্থলী সৃষ্টি কৰি লয়, তাৰ বিপৰীতে নিম্ন আয়ৰ বা শ্ৰমিক শ্ৰেণীৰ মহিলা সকলৰ ক্ষেত্ৰত সেয়া প্ৰায়ে দেখা পোৱা নাযায়৷ কিন্তু কামৰূপ মহানগৰ জিলাত শেহতীয়াকৈ এনে ব্যতিক্ৰমী দৃশ্য দেখা গৈছে৷ অৰ্থাৎ নাৰীৰ বাবে নিৰ্মাণ হৈছে অন্তৰংগ ভাৱ বিনিময়ৰ বিশেষ স্থান৷ লকডাউনৰ এক অনন্য প্ৰভাৱ এয়া৷
আনহাতে কেইদিনমান পূৰ্বে একাংশ মহিলাই আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হৈছিল বেলতলা অঞ্চলত৷ আৰক্ষীয়ে মহিলা ব্যৱসায়ীয়ে বিক্ৰী কৰিবলৈ অনা শাক-পাচলি পেলাই দি ব্যৱসায় বন্ধ কৰিবলৈ ভাবুকি দিছিল৷ কিন্তু সেই মহিলাসকলে যুক্তিপূৰ্ণ ভাৱে ৰাজপথত আৰক্ষী প্ৰশাসনক মানুহৰ জীৱন –জীৱিকাৰ সুৰক্ষাৰ বিষয়ে প্ৰশ্ন তুলিছিল৷ অৰ্থাৎ লকডাউনৰ প্ৰভাৱে একাংশ নিম্ন আয়ৰ নাৰীক জীৱিকাৰ অধিকাৰ, মানৱ অধিকাৰৰ বিষয়েও সচেতন কৰি তুলিছে৷ কামৰূপ মহানগৰ জিলাত চলোৱা আমাৰ এক সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে লকডাউনৰ সময়ত যদিও বহু নাৰীয়ে বৃত্তি বা জীৱিকা পৰিৱৰ্তন কৰিবলৈ বাধ্য হৈছে, তাৰ বিপৰীতে তেওঁলোকে ঘৰৰ আৰ্থিক সংকটক মোকাবিলা কৰিবলৈ পদপথ-উপপথ ৰাজপথৰ দাঁতি আদিত ক্ষুদ্ৰ ক্ষুদ্ৰ অস্থায়ী বা ভ্ৰাম্যমাণ বিপনী দিছে৷ লগতে পুৰুষে সততে নিয়োজিত হোৱা ব্যৱসায়ত মহিলাই হাত দিছে৷ পুৰুষৰ ওপৰত প্ৰশাসনৰ লোকৰ অত্যাচাৰ দেখি এনে মহিলাই ঘৰৰ বোজা মূৰ পাতি লৈছে য’ত পুৰুষজনে পচ্ছাদপদ অৱস্থান লৈছে৷
সমীক্ষাত পোৱা গৈছে যে পূৰ্বতকৈ এই সকল মহিলাৰ উপাৰ্জন কমিছে কিন্তু ব্যৱসায়টো স্বাধীনচিতীয়া হৈছে, স্ব-নিয়োজিত হৈছে, আন মহিলাৰ সতে বিভিন্ন বিষয়ৰ মত বিনিময়ৰ সুযোগ লাভ কৰিছে, ঘৰৰ চাৰিবেৰৰ পৰা ওলাই আহিছে, ঘৰুৱা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আগস্থান লাভ কৰিছে বা নিৰ্ণায়ক ভূমিকা লৈছে আৰু বাস্তৱৰ কঠোৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মানসিক শক্তি লাভ কৰিছে৷ লকডাউনৰ প্ৰভাৱত কামৰূপ মহানগৰীৰ বহু মহিলাৰ কাম কাজে নাৰী সবলীকৰণৰ এক অন্যৰূপ দেখা গৈছে৷ তাৎপৰ্যপূৰ্ণ যে ইতিপূৰ্বে গৃহকৰ্মী হিচাপে কৰ্মৰত বহু মহিলাই এতিয়া স্ব-অৱলম্বনৰ বাবে পথৰ ব্যৱসায়ীলৈ ৰূপান্তৰিত হোৱাৰ পিছত পূনৰ গৃহকৰ্মী হ’বলৈ অনিচ্ছা প্ৰকাশ কৰিছে৷ সমীক্ষাত পোহৰলৈ আহিছে যে গৃহকৰ্মী হৈ থকা কালত বহু নাৰীয়ে কাম কৰা ঘৰৰ পৰা বিভিন্ন ধৰণে নিৰ্যাতনৰ সন্মুখীন হৈছিল৷ একাংশই যৌন নিৰ্যাতন বা অশ্লীল আচৰণৰ সন্মুখীন হৈছিল মালিক পক্ষৰ পৰা৷ বহু সময়ত একাংশ নাৰীয়ে সময়মতে উপযুক্ত মজুৰি লাভ কৰা নাছিল৷ লকডাউনৰ সময়ত বহু মালিকে হঠাতে কামৰ পৰা অব্যাহতি দি কেৱল কাম কৰা দিনকেইটাৰ হে ধন আদায় দিছিল ফলত এনে কৰ্মীয়ে সংকটত পৰিছিল৷ লকডাউনে বহু শ্ৰমজীৱি নাৰীৰ জীৱন-জীৱিকালৈ সংকট নমাই আনিছিল, প্ৰভাৱিত হৈছিল তেওঁলোকৰ সন্তান- পৰিয়ালৰ আন সদস্যসকল৷ লগতে এনে বহু নাৰীয়ে মানসিক পীড়াত আক্ৰান্ত হৈছিল৷ কিন্তু ইয়াৰ মাজতো এচামে কঠোৰ বাস্তৱ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি, বাধা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে আৰু আধিপত্য বিস্তাৰ কৰিছে ৰাজপথ-পদপথ-উপপথত। উলেখ্য যে কামৰূপ জিলাৰ উপৰিও অসমৰ ভিন্ন প্ৰান্ততো বহু নাৰীয়ে ঘৰৰ অৰ্থনৈতিক সংকট দূৰ কৰিবলৈ লকডাউন কালত বৃত্তি পৰিবৰ্তন কৰিবলৈ বাধ্য হৈছে।
এই সন্দৰ্ভত মহিলাৰ অধিকাৰৰ হকে কাম কৰা“যুৱা ’’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ পৰামৰ্শদাতা তথা সমাজকৰ্মী পূজা নিৰলা ই কয়-“ লকডাউনে জীৱিকালৈ সংকট নমাই আনিছে৷ আনকি এচামে ভিক্ষা বৃত্তি লবলৈয়ো বাধ্য হৈছে৷ এয়া হোৱাৰ কাৰণ হ’ল অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকৰ বাবে ৰাজ্যত সবল কোনো আইন প্ৰণয়ন কৰা হোৱা নাই, যিয়ে সামাজিক সুৰক্ষা নিশ্চিত কৰিব পাৰে৷ এনে জটিল পৰিস্থিতিৰ বাবেই এই মহিলা সকলে বৃত্তি পৰিৱৰ্তন কৰিবলগীয়া হৈছে আৰু আৰ্থিকভাৱে সংকটৰ সন্মুখীন হৈছে৷ চৰকাৰে অতিশিঘ্ৰে এইসকল মহিলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত৷ জীৱন-জীৱিকাৰ প্ৰশ্নক অৱজ্ঞা কৰি সমাজ নিৰ্মাণ যিহেতু অসম্ভৱ সেয়ে এনে মহিলা সকলৰ অধিকাৰৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰক৷ ’’
একেদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠানৰ প্ৰাক্তন গৱেষিকা ডক্টৰ সোণালী শৰ্মা ই এই সন্দৰ্ভত কয়-“কামৰূপ মহানগৰ জিলাৰ বিভিন্ন স্থানত মহিলাই আৰ্থিক স্বাৱলম্বীতাৰ বাবে বিভিন্ন প্ৰক্ৰিয়াৰে ওলাই অহাতো তাৎপৰ্যপূৰ্ণ ঘটনা৷ এয়া লকডাউনৰ স্বত:স্ফুত প্ৰভাৱ৷ বিশেষকৈ বিভিন্ন পথত মহিলাই ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি ৰাজ্যত এক সামাজিক পৰিৱৰ্তনৰ সূচনা কৰিছে৷ স্ব-নিৰ্ভৰশীলতাৰ অন্য এক গতিশীলতা আমি দেখিবলৈ পাইছো৷ ব্যক্তিগতভাৱে আমি উপলব্ধি কৰিছো যে আৰ্থিক সংকট দুৰ কৰিবলৈ বা জীৱিকা পৰিৱৰ্তনৰ বাবে যদিও এইৰূপ দেখিবলৈ পোৱা গৈছে প্ৰকৃততে এনে ঘটনাই প্ৰমাণ কৰিছে যে মহিলা সবলীকৰণ থমকি ৰোৱা নাই৷ বৰং মহিলা হোৱা বাবেই যি কাম হেৰুৱাইছে,সেই নাৰীয়ে আকৌ মহিলা হোৱা বাবেই প্ৰশাসনৰ বাধা অতিক্ৰমি পথত স্বাস্থ্যবিধি মানি চলি জীৱিকাৰ নতুন ভেটি নিৰ্মাণ কৰিছে৷’’
আনহাতে এগৰাকী সামাজিক কৰ্মী ৰিহান আলী য়ে কয়-“ লকডাউনৰ দ্বাৰা ৰাজ্যত মহিলা সকল কিদৰে প্ৰভাৱিত হৈছে তাৰেই এক নতুন ৰূপ কামৰূপ মহানগৰ জিলাৰ বিভিন্ন ৰাজপথ-পদপথ-উপপথত দেখা গৈছে৷ প্ৰকৃততে এইসকল নাৰীয়ে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি দেখুৱাইছে যে জিলাখনৰ ৰাজপথত যি কাম পুৰুষে কৰিব পৰা নাই সেয়া নাৰীয়ে সম্ভৱ কৰি তুলিছে৷ তেওঁলোকে লকডাউনে জুৰুলা কৰা সমাজখনক পূনৰ আৰ্থিক ভাৱে চহকী কৰি তোলাৰ বাবে আগবাঢ়ি অহা সন্মুখৰ সেনানী হৈ পৰিছে৷ এয়া কেৱল কামৰূপ মহানগৰৰ অলিয়েগলিয়েই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত লকডাউনৰ সময়ত নাৰীয়ে পুৰুষতকৈ এঢাপ আগবাঢ়ি ওলাই অহা পৰিলক্ষিত হৈছে৷ যি পুৰুষে একোখন ঘৰৰ সকলো দিশ চম্ভালি লৈছিল, ঘৰখনৰ বিভিন্ন ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা লৈছিল সেই ঘৰৰ পুৰুষজন আজিৰ পৰিস্থিতিত পিছত থাকিবলগীয়া হৈছে আৰু মহিলাগৰাকীয়ে ঘৰখনক সন্মুখৰ পৰা নেতৃত্ব দিবলৈ ওলাই আহিছে৷ এয়া এক বিশেষ পৰিৱৰ্তন৷
তাৎপৰ্যপূৰ্ণ যে অসমৰ ৰাজধানীত অৱস্থিত কামৰূপ মহানগৰ জিলাৰ ৰাজপথ-পদপথ-উপপথত ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়েৰে মহিলাই যিদৰে আধিপত্য বিস্তাৰ কৰিছে, এয়াই সমাজৰ তথাকথিত লিংগ ভিত্তিক কৰ্মবিভাজনক নসাৎ কৰিছে৷ ভানুমতী ৰায়ে ৰিক্সাত চলন্ত ফলৰ বিপনীৰে ব্যৱসায় কৰি, গোলাপী দাসে তিনিচকীয়া ঠেলাত ভ্ৰাম্যমাণ শাক-পাচলিৰ ব্যৱসায় কৰি, সবিতা গৰ, কৌশল্যা গোৱালা, গীতা দৰ্জী, মইনা উপাধ্যায়ৰ দৰে মহিলাই পুৰুষ থকাৰ পিছতো সন্মুখৰ পৰা নিজৰ পৰিয়ালক নেতৃত্ব দিছে অৰ্থনৈতিকভাৱে৷ অথচ এই সকল নাৰীৰ নাই কোনো উচ্চ শিক্ষা, নাই বহু মূলধন৷ তথাপিও লকডাউন কালত পথৰ দাঁতিত স্বাধিকাৰ সাব্যস্ত কৰি আধিপত্য বিস্তাৰ কৰি প্ৰমাণ কৰি দিছে- মহিলা হোৱা বাবে কাম হেৰুৱা নাৰীয়ে মহিলা হোৱাৰ বাবেই স্ব-নিয়োযোজনাৰে একোখন ঘৰক সন্মুখৰ পৰা নেতৃত্ব দিব পাৰে৷ সংকটৰ সময়তো অৰ্থনৈতিক বিপ্লৱৰ বাটেৰে আগুৱাব পাৰে৷
(দিগন্ত শৰ্মা–ৰাষ্ট্ৰসংঘ জনসংখ্যা নিধি আৰু পপুলেচন ফাৰ্ষ্ট ,মুম্বাইৰ ‘লাডলী মেডিয়া ফেলশ্বিপ’ প্ৰাপক সাংবাদিক। এই প্ৰতিবেদন ফেলশ্বিপৰ অংশ। )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ