বাপেক হ'বলৈ সহজ

©Admin
0

 বাপেক হ'বলৈ সহজ , কিন্তু দেউতাক হোৱাতো খুবেই কঠিন | সেই কথাটো এতিয়াহে মৰ্মে মৰ্মে উপল্লদ্ধি কৰিছোঁ | দেউতাক মানে এজন সফল দেউতাক হোৱাতো কিমান কঠিন কাম |
বাপেক হ'বলৈ দহ মিনিটো নালাগে | কিন্তু দহ বছৰতো এজন সফল দেউতাক হৈ নুঠিব পাৰে | মই এতিয়া বুজিছো মোৰ দেউতা সঁচা অৰ্থত এজন সফল দেউতাক হ'ব পাৰিছিল | কিমান প্রত্যাহবানৰ মাজেৰে ছয়জনীয়া পৰিয়াল এটা চলাইছিল | মাজে মাজে অলপ দুখ কষ্ট পালেও বৰ বেছি কষ্ট পাবলৈ নিদিয়াকৈ চাৰিটা ল'ৰা ছোৱালীক সু নাগৰিক কৰি গঢ়ি তুলিবলৈ আপ্রাণ চেষ্টা কৰিছিল | দেউতাহঁতৰ চাৰিজন ভাই ককাইৰ মাজত মোৰ দেউতা সৰু আছিল | ডাঙৰ কেইজনে পৈত্তিক সম্পত্তিৰ পৰা বঞ্চিত কৰিছিল | তেতিয়া সেইটো ভবা নাছিলো উপল্লব্ধি কৰিবলৈ অৱকাশ পোৱা নাছিলো | বস্তু লাগে বুলি আবদাৰ কৰিছিলো , কিন্তু ভবা নাছিলো দেউতাই আবদাৰ কৰা বস্তুটো আনিব পাৰিবনে নাই  ? কি অৱস্থাত আছে তেওঁ | দেউতাই কিন্তু কেতিয়াও আবদাৰ পুৰণ নকৰাকৈ নাছিল | দেউতাই কেতিয়াও না কৰা নাছিল | দেউতাই নিজৰ কথা কমকৈ ভাবিছিল | দেউতাৰ গাত কেতিয়াও দামী পোচাক দেখা পোৱা নাছিলো |  অথচ উপাৰ্জন দেউতাই কৰিছিল | কিন্তু দেউতাই আমাক কেতিয়াও কম দামী পোচাক আনি দিয়া নাছিল | ভাবিব পৰা নাছিলো সুধাও নাছিলো দেউতা তুমি এইবোৰ কেনেকৈ কৰিব পাৰা | এতিয়া বুজিছো বাপেক হ'বলৈ সহজ দেউতাক হ'বলৈ বহু টান  |
     মোৰ দেউতা এতিয়া মোৰ লগত নাই | তেখেতৰ পৰলোক প্রাপ্তি ঘটিছে | তাৰ আগেয়ে দুটা ল'ৰাক নিজৰ নিজৰ ভৰিত ঠিয় কৰাই সমসাৰৰ মায়াজালেৰে বান্ধি দুজনী ছোৱালীক সু পাত্ৰত গতাই মনত দুখ নৰখাকৈ শান্তিৰে সংসাৰৰ পৰা বিদাই মাগিলে | সেয়েহে এতিয়া ভাবিছো বাপেক হ'বলৈ সহজ কিন্তু দেউতাক হোৱাটো কিমান কঠিন | 
      এতিয়া মই ভাবিছো মই বাৰু মোৰ দেউতাৰ দৰে এজন সফল দেউতাক হ'ব পাৰিম নে ? আজিলৈ উপল্লদ্ধি কৰিছো মই সফল দেউতাক হ'ব পৰা নাই | মনত পৰে তেখেতে কেনেকৈ সুকলমে চলাইছিল সংসাৰ | কেতিয়াবা মই ভাগৰি পৰো | দেউতাৰ ক্ষেত্ৰত যি হৈছিল মোৰ ক্ষেত্ৰটো একেই হৈছে | দেউতাই প্রত্যাহবান গ্রহণ কৰিব পাৰিছিল | মই তাৰ দহ শতাংশও পাৰা নাই | সঁচায়ে এতিয়া বাৰে বাৰে ভাবিছো বাপেক হোৱাটো সহজ দেউতাক হোৱাটো খুব কঠিন 

   📝হেমেন  হাজৰিকা  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)