পৰিৱৰ্তনৰ সোঁত

©Admin
0

 সময় গতিশীল। গতিশীল সময়ৰ সোঁতত পৰিৱৰ্তন হয় জীৱন। হয়তো পৰিৱৰ্তনেই বাঞ্চনীয়। পৰিৱৰ্তনেই প্ৰকৃতিৰ অপৰিৱৰ্তনীয় নিয়ম। পৰিৱৰ্তন হয়তো হ'ব পাৰে বিষাদৰ পৰা আনন্দলৈ নাইবা আনন্দৰ পৰা বিষাদলৈ। জীৱনে অবিৰতভাৱে গতি কৰে। পুৰণি সুঁতি সলাই নতুনৰ বাট মেলে। জীৱনৰ মোহনাত থমকি ৰয় গতি। সোঁতৰ পৰিৱৰ্তন কৰি পুনৰ গতি কৰে জীৱনে। ইচ্ছা, আশা, আকাংক্ষা, সপোন সকলো সলনি হয়। কেতিয়াবা হয়তো স্বতঃস্ফূৰ্তভাৱে নাইবা কেতিয়াবা বাধ্যবাধকতাত.....।।

               প্ৰতিটো দিনৰ হালধীয়া সৰাপাতে সজায় কলিজাৰ ডায়েৰীৰ পৃষ্ঠা। অনুভৱবোৰৰো পৰিৱৰ্তন হয়। পুৰণি সৰাপাতৰ মাজতো কেতিয়াবা বিচাৰিব খোজে এৰি অহা পুৰণি স্মৃতিক। হাঁহাকাৰ কৰি উঠে পাই হেৰুওৱাৰ বেদনাত। তথাপিও, আগুৱাই গৈ থাকে; জীৱনৰ দোমোজাত পৰিৱৰ্তনৰ সোঁতত। কেতিয়াবা হয়তো হাঁহে, কেতিয়াবা কান্দে, কেতিয়াবা নীৰৱে থাকে। কিন্তু, ই নহ'বও পাৰে সঁচা অনুভূতি.....।
               পৰিৱৰ্তন..... জীৱনক গতি দিয়া ই এক সঞ্জীৱনী। কিন্তু, ই মৃত্যুদায়িনীও হ'ব পাৰে কাৰোবাৰ বাবে। মৃত্যু হৈয়ো হয়তো কোনোবা জীয়াই থাকিব পাৰে; আশাৰ তাড়ণাত,মায়াৰ তাড়ণাত.....। হয়তো পৰিৱৰ্তনৰ আশাতেই।। যেতিয়া পৰিৱৰ্তন নোহোৱা হয়, আশাবোৰো মৰহি যায়। মৰহা আশাক সাৱটি জানো জীৱন সম্ভৱ??? সেয়ে মৃত্যু হয় জীৱনৰ। পৰিৱৰ্তনৰ অভাৱতেই মৃত্যু হয় এটি জীৱনৰ। শেষ হয় জীৱনৰ এটা এটাকৈ সকলো অধ্যায়। পুনৰ গতি কৰে নতুন অধ্যায়ৰ দিশে। পুৰণি সময়ৰ পৰিৱৰ্তন হয়। পুনৰ আৰম্ভ হয় এক নতুন সময়ৰ সোঁত.....।।

✍️প্ৰজ্ঞা দেৱী ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)