আজি জীয়েক অপৰাজিতাৰ প্ৰথম মাহৰ দৰমহাৰ টকাৰে বহুদিনীয়া বন্ধকীত থকা মাটিডোখৰ মোকলাব পাৰি সনাতন বুঢ়াৰ আনন্দৰ সীমা নোহোৱা হৈ পৰিছে।
পিছে অপৰাজিতাৰ মনত নাই কোনো আনন্দৰ চাপ। ঘৰখন উদ্ধাৰৰ বাবে চাকৰিটো পাবলৈ তাই যি একান্তই ব্যক্তিগত সম্পদ অভিশপ্ত নিশাটিত বন্ধকীত থৈ আহিছিল, সেয়া জানো কিবা মূল্যৰ বিনিময়ত কাহানিবা মোকলাব পাৰিব।
📝অংশুমান ভূঞা
চামতা,নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ