শিক্ষামন্ত্ৰী ডাঙৰীয়া কি সাহসত স্কুল খুলিব দিছে


 ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া, আপুনিয়ে অসমৰ স্বাস্থ্যমন্ত্ৰী নহয় জানো? এইযে চলিত মাহতে স্কুল খুলিব দিলে এইয়া আপোনাৰ তথাকথিত বিশেষজ্ঞ কমিটিৰ আহ্বান নে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ যাক আপুনি কোনোপধ্যেই বিৰোধিতা কৰিব নোৱাৰে ৷ ইলেকছনৰ বতৰত নোৱাৰাটোৱে স্বাভাৱিক ৷ স্বাস্থ্যমন্ত্ৰী হিচাপে আপোনাৰ নিৰন্তৰ বক্তব্য শুনি আহিছোঁ ৷ স্বাস্থ্যকৰ্মী হিচাপে ক’ভিড ৰ সংক্ৰমণৰ ভয়াবহতা বুজোঁ ৷ অন্তত আজিৰ তাৰিখত ই চিন্তনীয় কাৰণ বাৰম্বাৰ আপুনিয়ে কৈছে চিকিৎসকৰ অভাৱ, বিচনাৰ অভাৱ, আইচিইউ অক্সিজেনৰ অভাৱৰ কথা ৷ ঢাক ঢোল বজাই নিজৰ প্ৰচাৰ কৰি থাকিলেও কিন্তু আপুনি ব্যৰ্থ হ’ল ৷ কংগ্ৰেছী নেতাক কাৰ প্লাজমা দিলে তাৰো খবৰ আপুনি ৰাখে, কিন্তু বিটিচি নিৰ্বাচনত আপোনাৰ সতীৰ্থই যে কোনো সামাজিক দূৰত্ব নমনাকৈ মাস্ক নিপিন্ধা শ শ মানুহৰ আগত ভাষণ দি থাকে তাৰ খৱৰ আপুনি হয়তো নাৰাখে ৷ এতিয়া শিক্ষামন্ত্ৰী হিচাপে আপুনিয়ে স্কুল খোলাৰ নিৰ্দেশ দিছে ৷ শিক্ষাৰ গুৰুত্ব আমি বুজোঁ ৷ কিন্তু ল’ৰা ছোৱালীৰ জীৱনৰ লগত নিশ্চয় কেইটামান মাহৰ ক্ষতিক ৰিজোৱা ভুল হ’ব ৷ নিয়মমাফিক বিদ্যালয় চেনিটাইজেচনৰ কথা কৈছে ৷ কিন্তু কিমানসময়ৰ মূৰে মূৰে চেনিটাইজ কৰা দৰকাৰ আপুনিতো জানেই, আমাৰ দৰে সাধাৰণ মানুহে সোঁৱৰাই দিয়াৰ প্ৰয়োজন নাই ৷ আপুনি হয়তো পুনৰ সফল মন্ত্ৰীৰ বাহবাহ লোৱাৰ এক প্ৰচেষ্টা কৰিছে ৷ আপোনাৰ দুৰ্বলতা তেতিয়াই প্ৰকাশ পালে যেতিয়াই আপুনি অভিভাৱকৰ এন ও চি ৰ প্ৰসংগ উলিয়ালে ৷ তাৰমানে আপুনিও জানে স্কুল খোলাৰ লগে লগে সংক্ৰমণো বাঢ়িব ।মাত্ৰ নিজৰ ওপৰত দোষৰ চেকা নপৰিবলৈ ছাত্ৰ ছাত্ৰীক গিনিপিগ সজাব বিচাৰিছে ৷ এতিয়া যিসকল নাহিব তেওঁলোকৰ বাবে নিশ্চয় একো বিশেষ ব্যৱস্থা আপুনি গ্ৰহণ কৰিব দিয়া নাই ৷ স্কুল আহিবলৈ অমান্তি হোৱা কেইজন আকৌ লগৰ কেইটা পঢ়াত আগুৱাই যোৱাৰ চিন্তাত মানসিক অশান্তিত ভূগিব, কাৰণ বয়সটোৱেই তেনেকুৱা ৷ অাপুনি দক্ষ, সন্দেহ নাই ৷ মাত্ৰ  প্ৰতাপী মন্ত্ৰী বাবেই কিছুমান অদ্ভুত সিদ্ধান্ত নলব ৷ আপোনাৰ নিজৰ সন্তান কেইটা যেনেকৈ আপোনাৰ অতি মৰমৰ, আমাৰবোৰো আমাৰ মনত সমানেই মৰমিয়াল ৷

🖋️ ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send