এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায় (খণ্ড-১১)

©Admin
0

প্ৰান্তিক_______ মই বুজি পাইছো পাগলি। অহা বাৰ ঘৰলৈ আহিলে মই দুই খন ঘৰতে আমাৰ সম্পৰ্কৰ কথা জনাম।এইবাৰ চাবা তোমাক ঘৰটো একো নকয়। হব নে? 
_________ হব বাৰু।
প্ৰান্তিক________ পিন্ধিবা নে এতিয়া?
________ ওম।
হাত খন মেলি দিলো তেওঁ আঙুঠি টো পিন্ধাই দিলে।জীৱনত প্ৰথম বাৰলৈ মা হতক নজনাই বহুত যেন ডাঙৰ কাম কৰিলো তেনেকুৱা লাগিছে। প্ৰান্তিক দাক ভাল পাওঁতেও একো ভুল কাম কৰা নিচিনা লগা নাছিল,আজি যিমান লাগিছে। চাবলৈ গলে বেলেগৰ মানত এইটো তেনেই সাধাৰণ কথা।কিন্তু মোৰ......?
প্ৰান্তিক______ মন বেয়া কৰি নাথাকিবা। একো নহয়। এতিয়া মই যাওঁ।বহুত দেৰি হল ইয়াত ৰৈ থকা।
________ ওম...... কাইলৈ গৈ পালে ফোন কৰিব।
প্ৰান্তিক________ ঠিক আছে। ভাল কৈ থাকিবা, পঢ়াত মন দিবা।
______ ওম,,
তেওঁক আকৌ কিমান দিনলৈ লগ নাপাম ঠিক নাই।মনটো বেয়া লাগিছিল যদিও ফোনত কথা বতৰা হৈয়ে থাকিব কাৰণে মনটো ডাঠ কৰি ল'লো। তেওঁ যাবলৈ ললে।
________ ৰব চোন।
দৌৰ মাৰি গৈ তেওঁক সাৱটি ধৰি গালতে মই চুমা এটা খাই দিলো। তেওঁ হাঁহি দিলে। লাজতে মই ভিতৰলৈ গুচি আহিলো। তেওঁ গল গৈ।অলপ সময়ৰ কাৰণে মোৰ কি হৈ গল নিজেও ধৰিব নোৱাৰিলো। এতিয়া বহুত লাজ লাগিছে। হাঁহি হাঁহি ৰোম সোমাইছোহি যদিও কথা কিছুমানে মোক ঠেলি আনিছে। মনটো আজি বৰ অস্বস্তিকৰ অনুভৱ কৰিছো। আঙুঠি টোলৈ চাইছো এবাৰ। এগালমান প্ৰশ্নই খেলি মেলি কৰি আছে মনটো।
__________ আঙুঠি টো লোৱা ভুল হল নেকি বাৰু মোৰ, কিয় আজি হঠাতে মোক আঙুঠি দিয়াৰ সিদ্ধান্ত ললে তেওঁ তাকো এনেদৰে,কোনেও নজনাকৈ।
কথাবোৰ একেবাৰে সাধাৰণ যেন লাগিলেও মই নিজকে বুজাব পৰা নাই। আঙুঠি টো দিয়া সময়ত প্ৰান্তিক দাক এপলকলৈ অচিনাকি নিচিনা লাগিলে। মই যেন তেওঁক হেৰুৱাই পেলাম......?
" ঐ পাগল, ভূটে পোৱা মানুহৰ গতে যে তেনেকৈ ওলাই গলি। প্ৰান্তিক দা আহিব বুলি গম নাপাৱ নেকি?
পতককৈ পাখিয়ে মাত লগাই দিলে।
________ হা.....অঅ্।
কিনো কথাবোৰ ভাবি আছো মইয়ো যে দেই। প্ৰান্তিক দাই মোক ভাল পাই কাৰণে দিছে। ভাল নোপোৱা হলে জানো মোক এইটো দিলে হেঁতেন। তেওঁ মোৰ ইমান যত্ন লয় তাৰ পাছতো মই কিনো সন্দেহ বোৰ কৰি আছো। নিজৰ ওপৰতে খং উঠি গল।
_________ অ মোক কোৱাই নাছিল তেওঁ আহিব বুলি ইয়ালৈ অহা পাছত হে গম পাইছো। চা.....
তাইক আঙুঠি টো দেখুৱাই দিলো।
পাখি______ ৱা.... আঙুঠি দিলে।বেলেগ আৰু ছোৱালী। বিয়া পাতিবলৈ হে বাকী আছে এতিয়া।
________ যা জোকাই নাথাক।
পাখি________ ঘৰত গম পালে পিছে কি কৰিবি?
_________ নাজানো কি কৰিম।
পাখি_________ মই কথা এটা কওঁ তোক। তই কি ভাৱ নাজানো কিন্তু মই যিমান খিনি লৈকে জানো সেইটো কৈছোঁ।
________ ক' চোন কি কথা?
অলপ গহীন হৈ দিলো।
পাখি________ তই নাভাবিবি যে তোক প্ৰান্তিকে আঙুঠি দিয়া কাৰণে মই বেয়া পাইছো। তই সঁচাকৈ প্ৰান্তিকক বিশ্বাস ক'ৰ' নে? তোৰ লগত যে তেওঁ সদায় থাকিব? আৰু এনেকৈ আঙুঠি সৱেই লয়। কিন্তু তই ঘৰৰ কথা ভাবি চালি নাই? 

পাখিৰ কথা বোৰে আকৌ মোক বেমেজালিত পেলাই দিলে।
________ বুজিছো তই কি কব ওলাইছ। মোৰ অনিচ্ছা সত্বেও তেওঁৰ পৰা আঙুঠি টো লবলৈ বাধ্য হলো। তই কোৱা কথা বোৰ মোৰ মনটো খেলাইছিল। কাৰোবাক ভাল নাপালে জানো ইমান এটা মূল্যৱান বস্তু এনেই দিব পাৰে। আৰু প্ৰান্তিক দাৰ ওপৰত মোৰ বিশ্বাস আছে যে তেওঁ কেতিয়াও সলনি নহয়। সলনি হোৱা হলে এনেকৈ কাৰোবাক কিবা বস্তু জানো দি থৈ যাব পাৰে। প্ৰথমতে মই নলওঁ বুলি কৈছিলো কিন্তু তেওঁৰ ভালপোৱা খিনি লৈ চাই মই লবলৈ বাধ্য। তেওঁৰ আশাত মই না কৰিব নোৱাৰিলো। এইবাৰ হেনো ঘৰলৈ আহিলে আমাৰ কথা ঘৰত কব নিজেই।সেইদেখি মই আৰু একো নকলো।কিন্তু ঘৰলৈ সোনকালে আহিব নোৱাৰিব এইবাৰ।
পাখি________ ওম। তই যদি বুজি পাইছ মোৰ তেতিয়া কব লগীয়া একো নাই।
_______ মই ঘৰলৈ যোৱা আগতে যদি তেওঁ আহি ঘৰত কথা বোৰ কয় তেতিয়া মই বাচি যাম।
পাখি________ ঘৰত যদি মানি নলয় তেতিয়া.....? আৰু বিহুত কি তই ঘৰলৈ নাযাবি নেকি? তেতিয়া লৈ জানো প্ৰান্তিক দা আহিব?
________ অহ..... বিহুত ঘৰলৈ যাব লাগিব বুলি মই পাহৰিয়েই গৈছিলো। তেওঁ আহিম বুলি কৈছে।আহিব চাগে।
পাখি_______ ওম.....

আগলৈ.....

🖋️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)