ৰুণজুন (খণ্ড-২৫) ধাৰাবাহিক উপন্যাস

©Admin
0
ৰুণৰ ডায়েৰী :
      সেই মানুহজন (ৰিহণ) আজি মােৰ লগত নাই, যিজনে মােক নিজতকৈ  বেছি ভাল পাইছিল,  আৰু আজি খবৰ ল'বলৈ তেওঁৰ সময় আজৰি নাই  ।
   তেওঁ আজি মােৰ বাবে নুবুজা সাঁথৰ  । ইমান বুজাৰ পিছতাে যে, একেজন মানুহেই  অবােধ্য  হৈ যায় - ই কল্পনাৰাে আশাতীত,
সেয়া বাস্তৱত পালাে এতিয়া ।
  মই এই শােক সাগৰত
বথাহীন নাৱত ভৰি দি  সাগৰ পাৰ হব লগীয়াত পৰিছাে ।
  বুজিবলৈ চেষ্টা নকৰিলা (?) মােৰ মনৰ কথাবােৰ ।  হৃদয়খন এবাৰো জুমি 
নাচালে । এবাৰো নুশুধিলা তােমাৰ কিয় বেয়া লাগিছে  বুলি ?
   মােৰ গভীৰ  দুখাত্মাৰ দুখৰ সমভাগী হবলৈ তােমাৰ সময় নাই ।
মােৰ মনৰ শূন্যতাক এবাৰো উপলদ্ধি নকৰিলা ।
   তােমাৰ মনৰ পৰিধিৰ পৰা আঁতৰাই ৰাখিলা  ।
অৰ্থহীনভাৱে  পখিলাৰ দৰে
তােমাৰ ফুলনিত, মই উৰি থকাৰ কিবা যুক্তি থাকিব পাৰে  জানাে ???
    তুমিতাে নাজানা মই  অন্তৰত  কিমান দুখ পাইতো  তােমাৰ নিৰ্লিপটতাত ।
    ঠিক আছে । তুমি তোমাৰ কাম কৰি যোৱা আৰু মই মােৰ কাম কৰি যাম ।
    ময়াে মােৰ মনৰ বিপৰীতে যাব 
নােৱাৰাে ।
মনে যি কৰিবলৈ কয়, ময়াে তাকেই কৰি যাম ।

📝মীনা পামে গাম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)