ৰাজাপুখুৰীৰ পিয়াক নাম

©Admin
0

কৃষ্ণ সংস্কৃতিৰ অন্যতম নিদৰ্শন ৰাজাপুখুৰীৰ পিয়াক নাম |  দক্ষিণ কামৰূপ হ'ল পূবে জালুকবাৰীৰ পৰা পশ্চিমে ধুপধৰালৈ উত্তৰে পলাশবাৰীৰ বিশাল ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা দক্ষিণে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সীমান্তবৰ্তী বাৰৈগাঁৱলৈ এই বিস্তৃত অঞ্চলেই হৈছে দক্ষিণ কামৰূপ | 
     এই দক্ষিণ কামৰূপ অঞ্চল বিভিন্ন সাহিত্য সংস্কৃতিৰ ভঁৰাল সদৃশ | ইয়াৰ প্রাকৃতিক পৰিবেশ যেনে মনোৰম ঠিক তেনেদৰে ইয়াত পালন কৰা বিভিন্ন পৰবসমূহো তেনেধৰণেই মনোৰম।
এই অঞ্চল সময়ে সময়ে পালন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানসমূহে সংস্কৃতিলৈ অৱদান আগবঢ়াই আহিছে  আৰু ই বহু লোকক আকৰ্ষিত কৰি আহিছে  |
     অসমীয়া জনজীৱনত ভাদ মাহৰ এটা সুকীয়া বৈশিষ্ট্য আছে | এই ভাদ মাহতে বিভিন্ন তিথি পৰবসমূহ পালন কৰা হয় | এই ভাদ মাহতে ভগৱান শ্রীকৃষ্ণৰ জন্ম হোৱা বুলি অসমীয়া জনগণে বিশ্বাস কৰি আহিছে | ভাদ মাহৰ কৃষ্ণ অষ্টমীৰ ৰোহিণী নক্ষত্ৰত কৃষ্ণই দৈৱকীৰ গৰ্ভত কংসৰ কাৰাগাৰত জন্ম লাভ কৰিছিল | সেইবাবে ঘোষাত পোৱা যায় এনেদৰে....
      আজি মধ্যৰাতি
      শিলা বৰষিলে
  নুশুনি কাৰোৰে মাত |
পালি পহৰীয়া 
  সবে নিদ্ৰা গৈলা
  উপজিলা জগন্নাথ ||
কথিত আছে জন্ম লাভ কৰিয়েই কৃষ্ণই দেউতাক বসুদেৱক কৈছিল গকুলৰ নিঃসন্তান দম্পত্তী নন্দ যশোদাৰ ঘৰত থৈ আহিবলৈ | ইফালে কৃষ্ণ অষ্টমীৰ অন্ধকাৰ , শিলাবৃষ্টিৰে বৰষুণ , বিজুলী, ঢেৰেকনী | বসুদেৱে কৃষ্ণৰ আজ্ঞা পালন কৰি ফেনেফুটুকাৰে বাঢ়ি অহা যমুনা নদী পাৰ হৈ যশোদাৰ কাষত কৃষ্ণক থৈ যোগমায়াক কোলাত লৈ পুনৰ কংসৰ কাৰাগাৰ পালেহি | 
   পিছদিনা নন্দৰ ঘৰত আনন্দৰ সীমা নাই | নিঃসন্তান যশোদাৰ সন্তান হৈছে , তাকো পুত্ৰ সন্তান | গতিকে আনন্দৰ ঢল নামিছে |
 এইয়াই নন্দ উছৱ  |
   এই নন্দ উছৱকে ৰাজাপুখুৰী নামৰ ঠাইত মহা উলহ-মালহেৰে পালন কৰে | তেওঁলোকে ইয়াক পিয়াক নাম মান্যভাষাত বোকা নাম হিচাবে পালন কৰে | পিয়াক কামৰূপীয়া শব্দ | পিয়াক ( বোকা)ত হোৱা নাম | সেয়েহে পিয়াক নাম | নন্দৰ কোনো সন্তান নাছিল | গতিকে পুত্র সন্তান ওপজাৰ বাবে গকুলবাসীৰ মাজত আনন্দৰ সীমা নাই | সকলো আনন্দত মতলীয়া | গকুলত যিহেতু গাখীৰৰ অভাৱ নাই সেয়েহে সকলোৱে কৃষ্ণ চাবলৈ পৰস্পৰে পৰস্পৰক গাখীৰ, কল আদি দলিয়াই আনন্দত নৃত্য কৰিছিল | এনেদৰে নৃত্য কৰোঁতে নন্দৰ চোতালখন বোকালৈ পৰিৱৰ্তিত হৈছিল | তাকেই সমলৰূপে লৈ দক্ষিণ কামৰূপৰ ৰাজাপুখুৰীবাসী ৰাইজে পিয়াক নাম হিচাবে পালন কৰি আহিছে | ইয়াত তেনেদৰে গাখীৰ পোৱা নাযায় সেয়েহে পানীকে ব্যৱহাৰ কৰা হয় বোকা সৃষ্টি কৰিবৰ বাবে | 
   ৰাজাপুখুৰী গাঁৱৰ ৰাইজ গয়ৰহৰ যি ৰাজহুৱা নামঘৰ আছে তাৰেই প্রাংগণত এক সপ্তাহ মান আগতে ঠাইডোখৰ হালবাই চহাই লোৱা হয় | জন্মাষ্টমীৰ পিছৰ দিনা পুৱা ভাগৰ পৰা উদুলি-মুদুলি পৰিৱেশ | সেইদিনা এটা বাৰ্ষিক পৰব যেন হৈ পৰে | আলহী অতিথিৰে ঘৰ গিজ্গিজাই থাকে |  বিয়া দিয়া জী আৰু জোঁৱাই নাতি-নাতিনী সকলো আহে | সঁচাকৈয়ে এটা উপভোগ্য অনুষ্ঠান |
     উক্তদিনা ৰাজহুৱা নামঘৰত নীতি-নিয়ম অনুসৰি ধৰ্মীয় কামখিনি সুকলমে পাৰ কৰাৰ পিছত বিয়লি ভাগলৈ মূল কামভাগ আৰম্ভ হয় | যিকেইদিন ল'ৰাই তাত নৃত্য কৰিব তেওঁলোকে সিদিনা উপবাসে থাকে | সকলোৱে নতুন গেঞ্জী , নতুন গামোচা এখনকৈ পিন্ধে আৰু এখন মূৰত মাৰি লয় |
    সকলোৱে শাৰী শীৰীকৈ ঠিয় হয় , গায়ন-বায়ন সকলো বহি লয় | সমাজৰ মুখিয়াল ব্যক্তিজনে হৰিধ্বনি দিয়াৰ লগে লগে বাজনা আৰম্ভ হয় সেই বাজনাৰ তালে তালে শাৰী পাতি থিয় হৈ থকা ল'ৰাবোৰে নাচিবলৈ আৰম্ভ কৰে | 
   এনেদৰে নৃত্য কৰি থাকোঁতে মাজে মাজে তেওঁলোকৰ গালৈ পাইপেৰে পানী চটিয়াই থকা হয় | এনেদৰে তালে তালে জঁপিয়াই জঁপিয়াই , বাগৰি বাগৰি নাচি থাকোতে ঠাইডোখৰত পিয়াক( বোকা ) হয় | এই নৃত্য চাবলৈ দূৰ দূৰণিৰ পৰা মানুহ আহে | লোকে লোকাৰণ্য হয় ৰাজাপুখুৰী | এনেদৰে নৃত্য কৰি থাকোঁতে মাজে মাজে দিয়া ক্ষন্তেকীয়া বিৰতিত ল'ৰাবোৰক কোনো কোনোৱে কল আদি ফল খাবলৈ দিয়ে | সচাঁকৈয়ে খুউব ভাল লাগে এনে উচৱ উপভোগ কৰি | নৃত্যৰ শেষত চাবলৈ অহা মানুহে অলপ অলপ বোকা লৈ ঘৰলৈ যায় |
শেষত নিশালৈ স্থানীয় যুৱক যুৱতীসকলে নাট মঞ্চস্থ কৰে  কেতিয়াবা যাত্রাপাৰ্টীও হয় | এই লেখাৰ লগত বিগত বৰ্ষত মই উপভোগ কৰা পিয়াক নামৰ কিছু দৃশ্য সংলগ্ন কৰি দিলো |

   হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)