মই এটা কবিতা লিখিম

©Admin
0
মই এটা কবিতা লিখিম,
নিৰিহ জনতাৰ বাবে,
হৃদয়ৰ আবেগ ধালি প্ৰকাশ কৰিম,
মুখেৰে প্ৰকাশ কৰিব নোৱাৰা ,
পুহ মাহৰ জাৰত ঠেৰেঙা দিয়া,
ৰেল ষ্টেচনত শুই থকা আইতা ককাৰ বাবে,,,
এইবাৰ লিখিমেই লিখিম,
নপঢ়াইয়ো পঢ়িব,নোবুজাইয়ো বুজিব,
এই কবিৰ  কবিতা।
এইবাৰ নিলিখো,
প্ৰেমিকৰ প্ৰেমৰ কবিতা,
নিলিখো আত্মকেন্দ্ৰিক কবিতা,
লিখিম দেশৰ বাবে প্ৰাণ আহুতি দিয়া,
মোৰে দাদা ভাইৰ কেঁচা তেজৰ কবিতা,
নিলিখো বিষাদৰ কবিতা,
স্বাধীন হৈয়ো পৰাধীনতাৰ মেৰপাকত আৱদ্ধ 
 মা ভনীৰ বুকুত জ্বলা 
দুখৰ শিখাৰে লিখিম আন এটা কবিতা।
অকবিৰ নাম পালেও ,
বৃদ্ধাশ্ৰমত  কেঁকাই থকা 
মা দেউতাৰ  নীৰৱতা,নিশব্দবোৰো,
কবিতাৰ ৰূপ দিমেই দিম।
   আকৌ লিখিম,
অন্ধবিশ্বাসত আৱদ্ধ 
মোৰ মৰম গাঁৱখনৰ  বাবে,
কু- সংস্কাৰৰ পৰা মুক্ত কৰিবলৈ হাতত কলম তুলি লম,
মাকৰ আঁচল ফালি সন্তানক কাঢ়ি নিয়াৰ পৰা
  বুকুৰ জ্বলি থকা জুইকুৰা,
নুমুৱা নাই উমি উমি জ্বলিছে,
মাৰ বাবেই যদি নিলিখো,
আধাৰুৱা হ'ব মোৰ কবিতা,
লিখিম,
মই লিখিম  বুলিয়োটো,
হাতত কলম তুলি লৈছোঁ,
হৃদয়ত ক্ৰিয়া কৰা প্ৰতি শব্দৰে লিখিম,
মই এইবাৰ কবিতা লিখিমেই লিখিম।

📝নুমলী  শৰ্মা
শিৱসাগৰ নেমুগুৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)