দূৰ্ভাগ্যজনক

©Admin
0
 এম্বুলেন্সখন  আহি  পদূলিত  ৰোৱাৰ  পাছত  তনুশ্রীৰ  দেউতাক  ঈশান বৰুৱাক হস্পিটেললৈ   লৈ যোৱা হ'ল। যোৱাকালি নিশাৰ  পৰা  মানুহজনৰ  গাটো ভাল নাছিল । তেল শোধনাগাৰৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছৰে পৰাই মানুহজনৰ এটা নহয় এটা অসুখ লাগি থকা জাহ্নৱীয়ে  মন কৰিছে । যোৱাকালি  তাই এবাৰ খবৰ লবলৈ যাওঁতে  মানুহজনে জিৰণি লৈ থকাৰ বাবে মাত দিব  নোৱাৰিলে । তনুশ্রীৰ মাক  ঢুকুৱাৰ  আজি এবছৰমান হ'ল। একমাত্ৰ ল'ৰা  শ্যামন্ত বাংগালোৰত কৰ্মৰত ।  সমগ্ৰ দেশতে মহামাৰী কৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে লোৱা ব্যবস্থা হিচাপে লকডাউন ঘোষণা কৰাৰ সময়ত সি আহি কিছুদিন ঘৰতে আছিল যদিও  অবস্থা কিছু উন্নত হোৱাত কৰ্মস্থলীলৈ উভতি গ'ল। এতিয়া  দেউতাকৰ অসুখ সম্পৰ্কীয় গোটেই দায়িত্ব  তনুশ্রী আৰু  জোঁৱাই  মৃন্ময়ে  চম্ভালিব লগীয়া হৈছে । একেটা  চৌহদতে  ভাড়াতীয়া হিচাপে থকা  শিক্ষয়িত্ৰী  জাহ্নৱীয়ে অবশ্যে মাজে মাজে খা-খবৰ কৰি থাকে । জাহ্নবীহতৰ এইখন ঘৰত  থকা প্ৰায় পাঁচবছৰমান হ'ল। তাইৰ  স্বামী  জয়ন্ত  নলবাৰীত বেংক বিষয়াৰূপে কৰ্মৰত । বন্ধবাৰবোৰত তেওঁ ঘৰলৈ আহে  । শাহুৱেক আৰু  কনমানি  তৃষাৰ সৈতে  জাহ্নৱীৰ বিশেষ অসুবিধা নহয়।  কৰোনাৰ বাবে  যোৱা  মাৰ্চ মাহৰ পৰা স্কুলৰ শ্ৰেণীসমূহ বন্ধ । কেৱল অনলাইন শ্ৰেণীসমূহ চলি আছে । সেইবাবে কামৰ পৰা  অলপ আজৰি হলেই  জাহ্নৱীয়ে তনুশ্রীৰ খবৰ লবলৈ যায়। দেউতাকক হস্পিটেললৈ  নিয়াৰ পাছত  তনুশ্রীয়ে দুপৰীয়াৰ আহাৰ ৰন্ধাৰ  যো-জা কৰিছিল । কাৰণ হস্পিটেলত  দেউতাকৰ সৈতে থকা  মৃন্ময় আৰু দেওৰেকলৈ কিবা অলপ ৰান্ধি দি পঠিয়াব পাৰিব । বিষন্ন মনেৰে তনুশ্রীয়ে জাহ্নবীক কৈছিল " যোৱা কালিৰে পৰা মোৰ মনটো ভাল লাগি থকা নাই বৌ । সেইবাবে  ভাইটিক  আহিবলৈ ফোন কৰিছো।"
"বেছি চিন্তা নকৰিবা তনু । খুড়া  ভাল   ঘূৰি আহিব। তুমি এতিয়া ৰন্ধা বঢ়া কৰা  বাৰু " বুলি কৈ   জান্হবী আহি   নিজৰ  ঘৰত কামত  ব্যস্ত হৈ পৰিল । এঘণ্টামানৰ পাছত  তনুশ্রীৰ  কান্দোন শুনি  জাহ্নবী ঢপলিয়াই গৈ  গম পালে  তনুশ্রীৰ দেউতাক ডায়েবেটিজ ৰোগী ঈশান বৰুৱাক  ডায়েলেছিছ কৰিবলৈ  নৌপাওঁতেই  হাৰ্ট এটেক হৈ মৃত্যু ঘটিল । কিছু সময়ৰ আগতে  মৃন্ময়ে খবৰটো দিলে । কৰোনা মহামাৰীয়ে বিধ্বস্ত কৰা  এই
সময়খিনিত ‌ তনুশ্ৰীহতৰ ঘৰখনলৈ নামি অহা  দূৰ্ভাগ্যজনক ঘটনাই ‌জাহ্নৱীৰ  মনটো বেদনাবিভোৰ কৰি তুলিলে। খবৰটো পাই তনুশ্ৰী শোকত ভাগি পৰিল। তাইৰ অৱস্থাটো প্ৰত্যক্ষ কৰি ‌জাহ্নৱীয়ে নিজাকে চম্ভালি ল'বলৈ বাধ্য হ'ল আৰু তনুশ্ৰীৰ লগত আলোচনা মৰ্মে 
কাষৰ টেবুল খনৰ পৰা প্ৰয়োজনীয় ফোন নম্বৰ উল্লেখ থকা ডায়েৰীখন লৈ পৰিচিত আত্মীয় সকলক দূৰ্ভাগ্যজনক খবৰটো জনাবলৈ সাজু হ'ল।

  📝ৰীতা মণি বৰদলৈ
       (গুৱাহাটী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)