ইচ্ছাই মুকলি কৰে

©Admin
0
ইচ্ছাই মুকলি কৰে সফলতাৰ সোণালী দুৱাৰ | মানুহৰ মনটো হৈছে আটাইতকৈ শক্তিশালী অংগ | এই মনতেই বাহ লয় ইচ্ছাই আৰু এই ইচ্ছাই মুকলি কৰিব পাৰে সফলতাৰ সোণোৱালী দুৱাৰ | কিবা এটা কাম কৰিবলৈ হলে ইচ্ছা শক্তি প্রৱল হ'ব লাগিব | ইচ্ছা থাকিলে মানুহে পৰ্বত বগাব পাৰে | ইচ্ছা নাথাকিলে মানুহে ঠাইতে লৰচৰ হ'ব  নোৱাৰে  |
ইচ্ছাই মানুহৰ মনত শক্তি যোগাই | গতিকে ইচ্ছা শক্তিক কেতিয়াও এলাহৰ বান্ধোনেৰে বান্ধিব নালাগে | গুহাত বসবাস কৰা মানুহে ইচ্ছাৰ বলতে সমগ্র পৃথিৱীখনকে হাতৰ মুঠিত ৰাখিব পাৰিছে | ইচ্ছাৰ বলত মানুহে আজি কি কৰিব নোৱাৰে | 
     বিজ্ঞানৰ ন ন আৱিস্কাৰে পৃথিৱীখনক এখন গাঁৱত পৰিনত কৰিছে |  সেয়া সম্ভৱ হৈছে মানুহৰ ইচ্ছাৰ বলত | পৃথিৱীত যিমান বেয়া কামবোৰ হয় সেয়াও ইচ্ছাৰ বলতেই | সেয়েহে আমি আমাৰ ইচ্ছাক ইতিবাচক কামত ব্যৱহাৰ কৰি আমাৰ প্রগতিৰ সোণালী বাট কটাত অৰিহণা যোগাব লাগে | 
    ইমান সুন্দৰ পৃথিৱীখন আমি আৰু অধিক সুন্দৰ কৰি তুলিব পাৰো , যদি আমাৰ ইচ্ছা থাকে , সেই ভাৱ মনত উদয় হয় | আজি আমি লক্ষ্য কৰিছো আমাৰ যি শক্তি আছে সেই সমূহ আমি ধ্বংসাত্মক কামত ব্যৱহাৰ কৰিবলৈ লৈছো |  আমি আমাৰ ইতিবাচক চিন্তাৰ পৰা ফালৰি কাটি নেতিবাচক চিন্তাত লিপ্ত হৈছো | আনৰ ভাল , আনৰ উন্নতিত আমি দেখিব নোৱাৰা হৈছো | ইয়াৰ ফলত আমাৰেই ক্ষতি হৈছে | ইমান সুন্দৰ পৃথিৱীখন আমাৰ দোষতে ই ধ্বংসৰ আবৰ্জনালৈ পৰিণত হৈছে |
    সেয়েহে আমাৰ উন্নতিৰ বাবে আমাৰ প্রগতিৰ বাবে আমি আমাৰ ইচ্ছা শক্তিক ভাল কামত প্রয়োগ কৰিব লাগিব | এলেহুৱা মানুহে একো কাম কৰিব নোৱাৰে | 
এলাহ হৈছে মনৰ ব্যাধি , এলেহুৱা মানুহ সেৰোপা হয় সি জীৱনত উন্নতি কৰিব নোৱাৰে | গতিকে মনৰ  ইচ্ছা শক্তিক যোগাত্মক দিশত প্রয়োগ কৰি আমাৰ প্রগতিৰ বাট সুগম কৰো |

🖋️হেমেন হাজৰিকা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)