ৰুণজুন (খণ্ড -২৬)ধাৰাবাহিক উপন্যাস

Rinku Rajowar
0
এমাহৰ ভিতৰতে ৰুণে টিউচন চেণ্টাৰখনৰ কাম  বহুত আগবঢ়ালে ।
তাই মাজে মাজে তাতে থাকিবলৈও  ল,লে । এজন চকীদাৰ দৰ্মহা দি  ৰাখিলে । দেউতাকক সকলোবােৰ কথা জনাই থাকিল । তাৰ কেইদিনমানৰ পিছত ৰিহণ ঘৰলৈ আহিল । ঘৰত আহি ৰুণক নাপালে । অমল খুৰাক শুধিলে ," ৰুণ ক'ত গ'ল "। তেওঁ নাজানাে বুলি ক'লে । ৰিহণে ৰুণলৈ ফােন লগালে । ৰুণে হেলঅ বুলি কৈ  উঠি,লগে লগে ক'লে," আজিনাে  কিয় ফােন কৰিলা "? মাহৰ পাছত মাহ বাহিৰত থাকিলেও ফােন নকৰা আজি কিয় মােক বিছাৰিব লাগে ? মােক তােমাৰ প্ৰয়ােজনেই নাই ,
আজি কিয় প্ৰয়ােজন হ'ল ?
ৰিহণে ভবাই নাছিলে,  ৰুণ যে ইমান অসন্ত্তষ্ট   হ'ব বুলি ।   ৰিহণে তুমি ক'ত আছা বুলি সুধিলে ?
উত্তৰত ৰুণে ক'লে ," তুমি ক'ত থাকা (?) , কি কৰা মােক কেতিয়াবা চেয়াৰ কৰিছানে ? মই নোহোৱাকৈয়ে তােমাৰ দিনবােৰ অতিবাহিত কৰিছা , আজি কিয় বিছাৰিলা ??? মােক প্ৰয়ােজন আছে  তোমাৰ ?
তুমি তোমাৰ বন্ধু বৰ্গৰ মাজত জীৱনতো  কটােৱাগৈ।
মই কটাও বা নকটাও বা মৰো  সেইবােৰ খবৰ লােৱাৰ কোনাে দৰকাৰ নাই । তুমি তোমাৰ লেপটপ, মােবাইল, ফেচবুকক জীৱন সংগী কৰি লােৱা । Good bye  বুলি কৈ
ৰুণে ফােন থৈ দিলে ।

আৰু ৰিহণে  ফােন এৰি চিধাই ৰুণৰ মাক - দেউতাকৰ ওচৰলৈ আহি সুধিলে ," ৰুণ ক'ত আছে"?
দেউতাকে ক'লে," তাইৰ নিজা টিউচন চেণ্টাৰত থাকে "।
ৰিহণে প্ৰায় দৌৰি যোৱাৰ দৰে গৈ গাড়ীত উঠিল আৰু টিউচন চেণ্টাৰত লগ ধৰিলে ।
ৰিহণে ক,লে ," কি কৰিছা  ৰুণ, এইবােৰ "?
: ৰুণ -  মই মােৰ মতে কাম কৰি আছাে ? মােক ইয়াত হকাবধা দিবলৈ নাহিবা ।
: ৰিহণ - নাই এইবােৰ বাদ দিয়া ।ঘৰলৈ ব'লা ।
: ৰুণ- কি কৰিম ঘৰত গৈ ?
ঘৰৰ খুটা আৰু মােৰ মাজত কিবা  পাৰ্থক্য আছেনে ? মই অকলশৰে কেনেকৈ আছিলাে কেতিয়াবা শুধিছিলানে ?
আজি পাচ বছৰে মােক ক'ৰবাত ফুৰাবলৈকে নিছানে বা মােৰ লগত কথা পাতিছা ????
এবাৰ মােৰ মনৰ খবৰ লৈছিলানে ?
খাবলৈ পিন্ধিবলৈ পালেই মানুহৰ সকলো নহয়  - তুমি নুবুজিবা ।
ৰিহণ ৰুণৰ কাষলৈ আহিল । কিন্তু, ৰুণে গাত হাত নিদিবলৈ কৈ দিলে । ৰিহণ থমকি গ,ল ।  ৰিহণ, অনুতপ্ত  হােৱা যেন লাগিল ।
এতিয়া তুমি মােৰ ওচৰলৈ নাহিবা । বহুত দেৰি কৰিলা  । মই ডিভােৰ্চ পেপাৰ বনাবৰ বাবে সাজু হৈছাে ।
ৰিহণ চিঞঁৰি উঠিল -
না -ই- ই -ই ।
মই ইতিমধ্যে নিসংগতাক
সংগী কৰি লৈছাে ।
যোৱা মােৰ অস্থি নি কি কৰিবা ।  যোৱা তুমি  তোমাৰ ব্য -ৱ  -সা  -য় - ত    লা -গা -গৈ ।
  নাই,  নাই ৰুণ তেনে নকৰিবা ।   মই ভৱাই নাছিলাে তুমি ইমান গভীৰভাৱে  লৈছা বুলি ।
: ৰুণ - তোমালোক পুৰুষবােৰে তিৰোতাক যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা ।
তেওঁলােকৰো যে এখন অন্তৰ আছে , সেইবােৰ বুজিবলৈ ইচ্ছা নকৰা ।

ৰিহণে তেতিয়াহে  বুজিলে- নিজৰ যে ক'ৰবাত ভুল হৈ আছিল, তাকে উপলব্ধি কৰিলে । ৰুণক এই সময়ত  ঘৰলৈ নিব নােৱাৰিব বুলি বুজি পালে । তাই  মনত ইমান  আঘাত পাই আছে বুলি তেতিয়াহে বুজিলে ।

ৰিহণে সেইদিনা ৰাতিয়েই নগাৱঁৰ নিজৰ ঘৰ পালেগৈ । ঘৰ পাই এই কথাখিনি  মাক - দেউতাকক  নোকোৱাকৈ থাকিব নােৱাৰিলে । মাকে কথাখিনি শুনাৰ লগে লগে আৰম্ভ কৰিলে ," মই বােৱাৰী অহাদিনাখন বহুত কথা মন কৰি আছিলাে আৰু এতিয়া গম পালো তোৰ ভুল আছিল । পিছে এতিয়া  কি কৰা যায় (?)  মাকে সুধিলে । মা, আমাৰ  খুৰাক তুমি পথিয়াই দিয়ানা ৰুণৰ ওচৰলৈ মােৰ হৈ ক্ষমা খুজিবলৈ ।
সেইমতে মাকে পিছদিনা
খুৰাকক অনুৰোধ কৰিলে  যে ," বােৱাৰীৰ মনতাে ঘূৰাই আনিবলৈ" । খুৰাকে  সকলো কাম এৰি পিছদিনা ৰিহণৰ লগতে গুৱাহাটীৰ ৰিহণৰ ঘৰ আহি পালেহি আৰু  ৰাতি ৰিহণৰ তাতে থাকিলে । পিছদিনা ৰুণৰ তালৈ যোৱাৰ সিদ্ধান্ত ল'লে ।
ৰাতি খাই - বৈ দুয়ো শুই থাকিল ।
----- আগলৈ-----

🖋️মীনা পামে গাম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)