আমি জাগ্ৰত প্ৰহৰী
টেট উত্তীৰ্ণ শিক্ষক সমাজ
আত্মীয় স্বজনৰ পৰা আঁতৰি
কৰোঁ নিজৰ ডিউতি
আমি হাতে হাতে ধৰি
আগুৱাই যাম
নিজৰ লক্ষ্যত উপনীত হ'ম
অ' আমি জাগ্ৰত প্ৰহৰী
কলম আমাৰ মান
বিদ্যালয়ত আমাৰ মন
নানা ঘাট প্ৰতিঘাট
আমি হেলাৰঙে মূৰ পাতি লওঁ
প্ৰতিকূল বতৰতো যাওঁ আগুৱাই
দেশৰ ভবিষ্যত উজ্জ্বল কৰিবলৈ
অ' আমি টেট উত্তীৰ্ণ শিক্ষক সমাজ
কত সতীৰ্থৰ অকাল বিয়োগ হ'ল
কত বাইদেউৰ সন্মান হানি হ'ল
আমাক লাগে সতীৰ্থৰ বাবে ন্যায়
আমাক লাগে ন্যায্য অধিকাৰ
আমি গঢ়িম এখন নিকা সমাজ
য'ত মানুহৰ মূল্য টকাৰে
জুখিবলৈ সাহস নহ'ব
অ' আমি একোজন জ্ঞানৰ পূজাৰী
বিদ্যালয় আমাৰ এক মন্দিৰ
ইতিহাস সাক্ষী হ'ব
আমাক কৰা হ'ল অপমান
আন্দোলনত ৰাজপথত বহিবলৈ
ৰজাঘৰীয়াই কৰালে বাধ্য
অ' আমি একোজন জীয়া মানুহ
আমাৰো থাকে বহু আশা আকাংক্ষা
জীৱনৰবাটত আগুৱাই যোৱাৰ
বহু থাকে পৰিকল্পনা।
📝অজন্তা তামুলী ফুকন
লংকা হোজাই জিলা
বৰ ভাল লাগিল।
ReplyDelete