গুৰু-দক্ষিণা

Rinku Rajowar
0
গুৰু- শিষ্যৰ সম্পৰ্ক এনে এদাল অদেখা শিকলিৰে বান্ধ খাই আছে যাক কাহানীও দেখা নাযায় ই কেনেকুৱা | এই কথা তাহানীৰ গুৰু কুলিয়া শিক্ষা ব্যৱস্থাৰ পৰাই প্রমানিত হৈ আহিছে | ই এনে এক মধুৰ সম্পৰ্ক যাক কাৰেৰে সৈত্যে তুলনা কৰা নাযায় | ই অতুলনীয়  |
    পিতৃ-মাতৃয়ে সন্তান এটা জন্মহে দিয়ে , কিন্তু সেই সন্তানক মানুহ কৰাৰ গধুৰ দ্বায়িত্ব পালন কৰে শিক্ষক গৰাকীয়ে | সিহঁতক জ্ঞান চকু দান কৰি প্রকৃত মানৱ সম্পদ হিচাপে গঢ়িতেলে শিক্ষক এগৰাকীয়েহে | গতিকে শিশুটোৰ বাবে শিক্ষক গৰাকী দ্বিতীয় পিতৃ তুল্য | যিয়ে হাতত ধৰি ধৰি অশেষ কষ্ট কৰি প্রথম প্রথম আখৰ লিখিবলৈ শিকাই , পঢ়িবলৈ শিকাই , নিৰক্ষৰৰ পৰা স্বাক্ষৰ কৰায়  |
    অভিজ্ঞতাৰ তুলাচনীৰে গঢ়া শিক্ষক গৰাকীৰ ধাৰাবাহিক জীৱনৰ তিতা মিঠা ঘটনা ৰাজিৰে সমৃদ্ধ সংকল্পৰে কাৰোবাৰ জীৱনৰ গঢ়াৰ গধুৰ দ্বায়িত্ব কান্ধ পাতি লয় | নিজৰ সঞ্চিত জ্ঞান বিলাই এদাল মমৰ দৰে পুৰি পুৰি জ্বলি জ্বলি এচাম ভৱিষ্যত পুৰুষৰ উত্তৰ দ্বায়িত্ব কান্ধ পাতি লোৱাটো কিমান কষ্টসাধ্য আৰু কিমান দায়িত্ব গধুৰ কৰ্তব্য সেয়া বিজ্ঞজনে উপলদ্ধি কৰিব পাৰে |
      শিক্ষকতাৰ পদবীটো নিসন্দেহে অতি সন্মানীয় | ইয়াক এনেস্থানত সংস্থাপিত কৰা হৈছে যাক কাৰোৰে সৈত্য তুলনা কৰিব নোৱাৰি |
ই অতুলনীয় | শিক্ষক সকলোৰে উৰ্ধত | এগৰাকী শিক্ষকে সকলোকে সৃষ্টি কৰিব পাৰে | ৰাষ্ট্রপতি , ৰাজ্যপাল , প্রশাসনৰ মুৰব্বী সকল যিয়ে ৰাষ্ট্র পৰিচালনাৰ দায়িত্ব বহন কৰে | কিন্তু এগৰাকী ৰাষ্ট্রপতিয়ে নাইবা প্রশাষনৰ মুৰব্বীয়ে এগৰাকী শিক্ষক সৃষ্টি কৰিব নোৱাৰে | 
    আজি আমি গৌৰৱান্বিত যে যি গৰাকী মহান শিক্ষকৰ পবিত্র জন্ম দিনত আমি শিক্ষক দিৱস পালন উদযাপন কৰিছোঁ সেয়া সকলোৰে জ্ঞাত | অনুৰাগী সকলে তেখেতৰ জন্মদিন উদযাপন কৰিবলৈ তেখেতৰ অনুমতি বিচৰাত তেখেতে কৈছিল মোৰ জন্মদিন পালন কৰিব নালাগে আপোনালোকে শিক্ষক দিৱস পাতক | ভাৰতবৰ্ষৰ ভূতপূৰ্ব উপৰাষ্ট্রপতি , পিছত ৰাষ্ট্রপতি , বিশিষ্ট পণ্ডিত গৱেষক , ৰাষ্ট্রদূত আৰু বিভিন্ন বিশেষণেৰে বিভুষিত আমাৰ সকলোৰে শ্রদ্ধাৰ ড"সৰ্ব্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে | এই সকলোবোৰ গুণৰ উপৰিও তেখেত আছিল এগৰাকী মহান শিক্ষক | এই পবিত্ৰ দিনটোত তেখেতক শ্রদ্ধা জনোৱাৰ উদ্দেশ্যেই পালন কৰা হয় এই শিক্ষক দিৱস |
     মহাভাৰতৰ যুগতেই হওক , গুৰুকুলীয়া শিক্ষা ব্যৱস্থাতেই হওক শিষ্যই শিক্ষা সাং কৰাৰ অন্তত গুৰুক গুৰু দক্ষিণা দিব লাগে | সেয়া পৰম্পৰা আছিল | আজিৰ তাৰিখত সেই পৰম্পৰা লোপ পালে | কাৰণ গুৰুকুলীয়া শিক্ষাব্যৱস্থাৰ অৱসান ঘটি প্রবৰ্তন হ'ল আনুষ্ঠানিক শিক্ষা ব্যৱস্থা | তথাপিও এগৰাকী ছাত্ৰৰ তাৰ উতকৃষ্ট শৈক্ষিক ফলাফলে এটা সন্মানজনক স্থিতিয়ে শিক্ষক গৰাকীৰ বাবে মূল্যবান গুৰুদক্ষিণা হ'ব পাৰে | তেখেতে বুকুত হাত থৈ গৌৰবেৰে কব নোৱাৰিবনে বৰ্তমানৰ আমাৰ মুখ্য সচিবজন , আমাৰ উপায়ুক্তজন মোৰ ছাত্ৰ আছিল | তাতকৈ আৰু এগৰাকী শিক্ষকক কি লাগে | আজিৰ এই লেখাত মোৰ শিক্ষকতা জীৱনত পোৱা দুটা অভিজ্ঞতাৰ কথা লিখিবলৈ ওলাইছোঁ | সেয়া আছিল বিগত বছৰত শিক্ষাবিভাগৰ দ্বাৰা পৰিচালিত হোৱা আটাইতকৈ দীঘলীয়া প্রশিক্ষণ | ভাৰতবৰ্ষৰ মানৱ সম্পদ উন্নয়ন মন্ত্রনালয ,N C E R Tআৰু ৰাজ্যৰ  S C E R T ৰ যুটীয়া সহযোগত NISHTHA নামৰ এক প্রশিক্ষণ সুকলমে সমাপ্তি হৈছিল | সেই প্রক্ষিক্ষণত মই এগৰাকী প্রশিক্ষক হিচাবে উপস্থিত আছিলো | সেই প্রশিক্ষণ কালত এগৰাকী সন্মানীয় প্রশিক্ষাৰ্থী শিক্ষক বন্ধুৱে আমাৰ আগত বৰ্ণনা কৰা কাহিনী | তেখেতৰ শিক্ষকতা জীৱনৰ জীয়া কাহিনী | তাক সমল হিচাবে বুটলি আনিছো এই কথা | এগৰাকী কৃতীমান ছাত্রৰ পৰা পোৱা তাতকৈ ডাঙৰ উপহাৰ কি হ'ব পাৰে | সেই শিক্ষক গৰাকীয়ে কৈছিল , তেখেতৰ একালৰ ছাত্ৰ এজনে কিদৰে তেখেতক গুৰু দক্ষিণা দিছিল | ছাত্রজনে প্রাথমিক বৃত্তি পৰীক্ষাত সু-খ্যাতিৰে উৰ্ত্তীৰ্ণ হৈ তেখেতৰ শাষণৰ আবেষ্টনীৰ পৰা ওলাই গৈছিল | নিসন্দেহে ছাত্রজন মেধাৱী আছিল | বহু বছৰৰ অন্তত যি দিনা M B B S পৰীক্ষাৰ ফলাফল ঘোষণা হৈছিল সেইদিনা সেই ছাত্ৰজনে ঘৰলৈ মাকৰ হাতৰ পৰা এখন ফুলাম গমোছা লৈ শিক্ষকজনৰ ঘৰত উপস্থিত হৈ ডিঙিত গামোছা পিন্ধাই ভৰি চুই সেৱা জনাই কৈছিল চাৰ, মই আজি ডাক্টৰ হৈ ওলালো | শিক্ষকজনৰ চকুৰে দুধাৰি আনন্দৰ চকুলো বৈ আঁহিছিল | ছাত্রজনক আশীৰ্বাদ দিছিল জীৱনত সফল হ'বলৈ , এগৰাকী সফল ডাক্টৰ হোৱাৰ লগতে এগৰাকী সু নাগৰিক হ'বলৈ |
এতিয়াও ছাত্রগৰাকীয়ে শিক্ষকজনৰ স্বাস্থ্যজনিত কথাৰ খবৰ ৰাখে | হস্পিতাললৈ গলে প্রথমে তেখতক সকলোকে চিনাকি কৰিদি কয় এয়া মোৰ ছাৰ আছিল , আপোনালোক অলপ বহক | মই ছাৰক চাই লওঁ | এগৰাকী শিক্ষকৰ বাবে এজন ছাত্রৰ পৰা পোৱা ডাঙৰ গুৰুদক্ষিণা ইয়াতকৈ আৰু কি হ'ব পাৰে |
       ঘটনাৰ ক্ৰমাং দুই | আজিৰ তাৰিখতো ভালবোৰ নোহোৱা হৈ যোৱা নাই | ভাল বোলা শব্দটোৰ অপমৃত্যু হোৱা নাই | ভাল সদাই ভালেই | উদণ্ড , অঘাইটং ছাত্রও নোহোৱা নহয় | 
    এখন উৰণ উদ্যত যাত্রীৰে পৰিপূৰ্ণ বিমান | বিমানৰ পাইলট গৰাকীয়ে গম পাইছিল যাত্রীৰ আসনত বহি আছে তেওঁৰেই এগৰাকী শিক্ষক | পাইলটৰ আসনৰ পৰা উঠি আহি হাতত ফুলৰ থোপা লৈ শিক্ষক গৰাকীৰ নামটো কৈ অনুগ্রহ কৰি থিয় হ'বলৈ কৈছিল | যেতিয়া শিক্ষক গৰাকী থিয় হৈছিল পাইলট জনে সকলোকে চিনাকি কৰি দি কৈছিল এয়া মোৰ চাৰ | আৰু ফুলৰ থোপা তুলি গি ভৰি চুই সেৱা জনাইছিল | যাৰ ফলত মই আজি পাইলট হ'ব পাৰিছোঁ |
সকলো যাত্রী অবাক হৈছিল আৰু হাত তালি বজাইছিল | এয়াই শিক্ষক | গতিকে শিক্ষকজনৰ বাবে তাতকৈ ডাঙৰ গুৰু দক্ষিণা কিবা হ'ব পাৰেণে ? তাৰ পিছত বিমানৰ যাত্রা আৰম্ভ হৈছিল |
     এই পবিত্র দিনটোত মোৰ জেষ্ঠ্য , মোৰ সহকৰ্মী বন্ধু, কণিষ্ঠ শিক্ষক বন্ধুৰ লগতে সমগ্র শিক্ষক সমাজলৈ ওলগ যাচিছোঁ |

      ✏️ হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)