এতিয়া অকলে থাকিয়েই ভাল লাগে
আৱদ্ধ কোঠাটোত বিচাৰি পাওঁ
অন্য এক উন্মাদনা
বেৰত প্ৰতিধ্বনি হোৱা
মোৰ হুমুনিয়াহবোৰক
বুজনি দিওঁ
খিৰিকীৰে জুমি চাইছো
উন্মুক্ত আকাশখন
ডাৱৰবোৰৰ দৰেই
ওলমি ৰ'ব মোৰ
সপোন.........
ৰীতা চৌধুৰী,মনালিচা শইকীয়াৰ দৰে
খ্যাতনামা উপন্যাসিকাৰ উপন্যাসৰ
প্ৰতিটো সুখ আৰু দুখৰ বাক্যত
তন্ন তন্নকৈ নিজক বিচাৰিছোঁ
বাবুল চুটাৰৰ প্ৰতিটো চুটত
উৰুৱাই দিছো দুখৰ এলান্ধুবোৰ
বেনামী.....
বৰ অকলশৰীয়া অ'।
🖊️মৈত্ৰী দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ