হৃদয় শিখৰত জীৱনৰ অনুভৱ

চিনাকী বঁকিয়াইদি
এমুঠি জীয়া সপোনৰ পম খেদি
আশাহীনভাৱে বৈ গৈছে,
অভিমানৰ এছাটি আবিৰ.....।

মৌন ওঁঠৰ ভাষাবোৰ
কলমৰ টোপ্-টোপ্ চিঞাঁহীৰে
জীৱনৰ আলি-দোমোজাত নিগৰিব,
নিমাত ৰাতিবোৰ জয়াল হৈ উঠিব.....।

হেৰুৱা সময়ৰ ঠিকনা বিচাৰি
ক্লান্ত হ'ব হৃদয়;
ভাঁহি ৰ'ব মাথোঁ
অপূৰ্ণ সপোনৰ ধ্বংসস্তুপ.....।

ভালপোৱাৰ অনুভৱবোৰ সজাই লৈ
পুৰণি হাঁহিৰ সন্ধান কৰিব;
স্বপ্নৰ কাঠি-কামিৰে
সপোনৰ সেউজীয়া দেশ গঢ়িব।

চিনাকী ফাগুণত মতলীয়া হ'ব
জীৱনৰ মায়াবোৰ সাৱটি,
উশাহৰ স্পৰ্শত
যন্ত্ৰণাবোৰে ছটফটাব.....
উন্মাদ উচ্চাৰণ কৰিব;
প্ৰতিটো দিনৰ সৰাপাত গণি-গণি,
কেতিয়াবা বেদনাত বুৰ যাব
আৰু,
       কেতিয়াবা কথাৰ নদীত.....।

জীৱনৰ সঠিক ঠিকনা বিচাৰি
সময় বালিত খোজ দিব;
এপাহ দুপাহকৈ উশাহবোৰ সৰিব.....;
আৰু জীৱনৰ আবেলিত
এমুঠি এঙাৰৰঙী অনুভৱ সামৰি 
নুমাই যাব,
              ঢিমিক্-ঢামাককৈ জ্বলি থকা
সপোন আৰু আশাৰ চিতা.....।

🖊️ প্ৰজ্ঞা দেৱী ভূঞা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send