মই দেখিছো --
কাহিলি পুৱাতে কান্ধত নাঙলখন লৈ
তেখেতক পথাৰলৈ যোৱা
একোৱেই ৰুধিব নোৱাৰা
অদম্য যুঁজাৰু
তেওঁ মাটিৰ মানুহ ৷
তেওঁৰ দুচকুত মাথোঁ একেটাই সপোন
দুবেলা দুসাজ খুৱাই ল’ৰা ছোৱালী হালক ভাল মানুহ কৰা
নিজে সকলো কষ্ট সহ্য কৰি ল’ৰা ছোৱালী হালৰ মুখত হাঁহি ফুটাই তোলা৷
ওৰেটো দিন হাড়ভঙা পৰিশ্ৰম কৰিও ভাগৰি নপৰা এজন খাটি খোৱা সঁচা মানুহ,
মোৰ দেউতা
নাই কোনো ক্ষোভ কিম্বা লোভ
মুখমণ্ডলত সদায় এক প্ৰশান্তি বিৰাজমান৷
তেওঁ এজন খেতিয়ক
এয়াই তেওঁৰ অহংকাৰ
কৰ্তব্য পালন কৰা তেওঁৰ স্বভিমান
তেওঁৰ তাহানিৰ ফাটি চিৰাচিৰ হোৱা চোলাটো আজিও আইক ধুই চিকুনাই থবলৈ কয়,কাৰণ সেইটোৱেই তেওঁৰ একমাত্ৰ আভূষণ সভা সমিতিলৈ যোৱাৰ৷
নিজৰ কি আছে কি নাই তালৈ তেওঁৰ অকণো কাণসাৰ নাই
সদাব্যস্ত মোৰ দেউতা
মাটিৰ চিকুণ মানুহ ৷
📝 কানন গোস্বামী,ধুবুৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ