কোনে মোক তুলি তালি

©Admin
0
মই কোন ? মই ক'ৰ পৰা আহিছোঁ ? কেনেকৈ আজিৰ দৰে হ'লো ? মোৰ কাম
 কি ? মোক কোনে গঢ়িলে আদি কথাবোৰে অকলশৰীয়া মুহুৰ্তত মোক আমনি কৰে  |
     মোৰ অস্তিত্ব , মোৰ বিকাশ কেনেকৈ আৰু ক'ত হল , সেয়াবাৰু বিস্ময় নহয়নে ? কানে কানে যেন মোক কোনোবাই কয় |
     কোনে মোক তুলি তালি কৰিলে ডাঙৰ
  মৌসনা মিঠামাতে পাহৰি ভাগৰ  |
কাৰ গৰ্ভত স্থিতি লৈ অন্ধকাৰ এখন পৃথিৱীৰ পৰা পোহৰ দেখিলো | বাঃ এই পৃথিৱী ইমান সুন্দৰ , ইয়াৰ বতাহ ইমান নিৰ্মল , সুনীল আকাশ | আকাশৰ তলত পাৰাপাৰহীন মহাসাগৰ , সাগৰ, নদী, পৰ্বত, পাহাৰ, জান, জুৰি ,সেউজীয়া অৰণ্য , চৰাই ,হৰিণ , মানুহ ,কিযে বিচিত্ৰ, অপূৰ্ব | এই পৃথিৱীখন  যে মই দেখা পাইছো তাৰবাবে গৌৰৱৰ অধিকাৰী কোন ? কাৰ ওচৰত মই শিৰ নত কৰিম ? কাক পুজিম চিৰদিন চিৰকাল | কাৰ কোলাত মুৰ থৈ ভাগৰ জিৰাম , পিয়াহত কাক খুজি পানী খাম ? ভোকত ভাত কাক খুজিম সেয়া বাৰু 
কোন ? কোনে মোক কানে কানে কয় সেয়া তোৰ আই  |
    মোৰ যেন বিচাৰিবলৈ মন যায় , ক'ত মোৰ মা , ক'ত মোৰ মা তই জাননে খবৰ ? ক'ত আছে তেওঁ বিচাৰি ফুৰিলেও মই নাপাও খবৰ | ক'ত হেৰাই থাকিল তেওঁ , কলৈ গ'ল তেওঁ ? মই কিয় বিচাৰি নাপাওঁ , দেখা নাপাওঁ | শয়নে সপোনে , জাগ্রত সময়তো মই বিচাৰি ফুৰো অৰঙে দৰঙে নাই একো খবৰ যিয়ে মোক সুন্দৰ ধৰণি দেখুৱালে , মোক লালন পালন কৰিলে , তুলি তালি ডাঙৰ কৰিলে , শিক্ষা দীক্ষাৰে উপযুক্ত কৰিলে , সমাজত মানুহ হিচাপে ঠিয় দিব পৰা কৰিলে আজি তেওঁ মোৰ লগত নাই | জানো কলৈ গ'ল আৰু ঘুৰি নাহো বুলি কৈ থৈ গ'ল | সেয়েহে মই বিচাৰি নাপাওঁ | বৰ মনত পৰে তেওঁলৈ কাৰণ তেওঁ মেৰ মা , মাৰ সমান হ'ব কোন ? কোনো হ'ব নোৱাৰে | মা সদাই মা হয় | মা কাৰো সমান নহয় | কি কৰিম একো উত্তৰ নাই |
    কৰবাৰ পৰা ঘৰলৈ উলটি আহিলে মোৰ ভাগৰুৱা মুখখনিলৈ চাবলৈ মা নাই | কাৰণ কথাতে কয় মায়ে চাই মুখলৈ , তিৰিয়ে চাই হাতলৈ | এয়া সমাজৰ নিয়ম কাৰ দোষ দিম | সেয়েহে এতিয়া ভাবিছোঁ মা অবিহনে কিমান দুখ কষ্ট পোৱা যায়  |
      সমাদক ঘটা ঘটনাবোৰ দেখি ভাবো কিছু লোকে মাকক কেনেকৈ ইমান কষ্ট দিব পাৰে , বৃদ্ধাশ্রমত থব পাৰে , ৰাষ্টাত অকলশৰে এৰি থৈ আহিব পাৰে | ধিক তেওঁলোক | মা সদাই মা হৈ থাকক | সকলো মালৈ মোৰ সহস্র প্রণাম  |

  🖋️ হেমেন হাজৰিকা
           মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)