প্ৰেম নে অভিনয়?(দ্বিতীয় দৃশ্য)

©Admin
0
(নদীৰ পাৰত বহি অবিনাশ আৰু পৰীয়ে কথা পাতে)

অবিনাশ---পৰী কি হ'ল মনে মনে আছা যে একো নোকোৱা নেকি?

পৰী--আজি তুমিয়েই কোৱা চোন অবি,মই শুনো।

অবিনাশ--মই(এটা মিঠা হাঁহি)

পৰী--কি হ'ল অবি হাঁহিলা যে?

অবিনাশ--নাই একো নাই।এনেই হাঁহিলো অ'।

পৰী--অহ'।মই আকৌ ভাবিছিলো মই কিবা নক'ব লগীয়া কথা ক'লো নেকি?

অবিনাশ--নাই তুমি আকৌ নক'ব লগীয়া কথা কিয় ক'বা নো।আচ্ছা পৰী  তোমাক মোৰ কথা এটা ক'ব লগীয়া আছিলে।

পৰী---কোৱা অবি কি কথা।কিবা ডাঙৰ কথা নেকি?

অবিনাশ--তেনেকোৱা একো ডাঙৰ কথা নহয় বাৰু।But মই একো বুজি পোৱা নাই ক'ৰ পৰা আৰম্ভ কৰো।মানে মানে।

পৰী---কি মানে মানে কৰি আছা নো।

অবিনাশ--তুমিটো জানা পৰী মই একেবাৰে দুখীয়া ঘৰৰ ল'ৰা।খেতি কৰি দুবেলা-দুমুঠি খাই আছো।আৰু তুমি হ'লা ধনী ঘৰৰ ছোৱালী।তোমাৰ মা-দেউতাই মোৰ দৰে দুখীয়া ল'ৰালৈ তোমাক বিয়া দিব জানো?

পৰী--অবি plz তুমি ধনী দুখীয়াৰ কথা মোক আৰু নক'বা মই বেয়া পাওঁ।আৰু  মই ধনী দুখীয়া চাই তোমাক ভাল পোৱা নাছিলো।এখন সঁচা হৃদয় থকা মোক মৰম কৰিব পৰা এজন ভাল মনৰ মানুহ বিচাৰি তোমাক ভাল পাইছিলো।আৰু সেই সকলো বোৰ মই তোমাৰ মাজত বিচাৰি পাইছো।মোক আৰু একো নালাগে অবি মাথো তোমাক লাগে।

অবিনাশ--পৰী মই সদায় তোমাৰ।তোমাৰ বাহিৰে মোৰ হৃদয়ত আগতে না কোনোবা আছিলে না বৰ্তমান কোনোবা আছে আৰু ভৱিষ্যৎতেও মোৰ হৃদয়ত তোমাৰ স্থান কোনেও ল'ব নোৱাৰে।

পৰী--মই জানো অবি তুমি সদায় মোৰ আৰু মই তোমাৰ।

অবিনাশ--পৰী এতিয়া যাও ব'লা।বহুত দেৰি হ'ল,নহ'লে তোমাৰ মা-পাপাই তোমাক বিচাৰি এই খিনি পাবহি।

পৰী--ummm ব'লা অবি।
দৃশ্যপট।

(অবিনাশ আৰু পৰী দুয়ো সেই ঠাইৰ পৰা আতৰি গ'ল)

🖋️দ্বীপ দীপাংকৰ লাহন।
বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)