মই পাহাৰ হব খোজো

©Admin
0

মই পাহাৰ হব খোজো

মই পাহৰৰ দাতিত থকা খেজুৰ হব খোজো
খেজুৰৰ সোৱাদ হেনো তোৰ প্ৰিয়।

তোমাৰ নদী প্ৰিয় বাবে
মই পাহৰৰ মাজেদি বৈ যোৱা নদী হব খোজো
মোৰ পাৰত বহি উন্মাদিনি হৈ
মোৰ বুকুত নৃত্য কৰিবা মনৰ আৱৰণ খুলি।

মই পাহাৰৰ ওখ গছটো হব খোজো
তোমাৰ ভিজা চুলি
মোৰ তলতে শুকাব দিয়া কিজানি!

তুমি শান্তি ভালপোৱা বাবে
মই পাহাৰ হব খোজো
কাৰণ,পাহাৰৰ  দাতিতে শান্তিৰ ঠিকনা।

তুমি প্ৰেম ভালপোৱা বাবে
মই পাহাৰ হব খোজো
শুনিছো পাহাৰত প্ৰেমৰ মুক্ত বিচৰণ।

মই পাহাৰ হব খোজো।


📝ধনঞ্জয় ৰায়

ধুবুৰী ডুমৰদহ ৪ৰ্থ খণ্ড

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)