হাৰিয়ালি জীৱন

©Admin
0
সেউজীয়াৰ প্ৰাণৰ আপোন
সেই তাই জনীৰ
হৃদয়ত হাজাৰ সপোন দেখে
হাৰিয়ালি বাগানৰ মাজে মাজে
নাচি বাগি ফুৰে
সেই আজলী ছোৱালী জনী
"অসম দেশৰ বাগিচাৰে ছোৱালী
ঝুমুৰ তোমোৰ নাচি ফুৰো ধেমালি
হে,,,,,,, লক্ষ্মী নহয় মোৰ নাম চামেলি"
এইদৰেই তাইৰ
সুৰৰ‌ যাদুত কঁপে সেউজীয়াৰ
গছ লতা বনবোৰ
পায়েলৰ শব্দত চৰাই চিৰিকটিও উৰা মাৰে
তাই নেদেখা সাগৰৰ ঠিকনা বিচাৰে
কেতিয়াবা
সপোনৰ ঢৌ তাইৰ মনত
ৰঙা পাৰী বগা শাৰী
খোপাত লগাই কাঁশী ফুল
কপালত ৰঙা ফুট
ডিঙিত চন্দ্ৰহাৰ দুভৰিত আলতাৰে সুভজিত
সেই আজলী ছোৱালী জনী
মন এতিয়া উৰণীয়া
কেতিয়াবা নিৰৱতাই আগুৰি ধৰে তাইক
মাদলৰ মাতত গুঞ্জৰিত হৈ
তাইৰ হিয়াত।।

📝অদিতী তাঁতী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)