কালজয়ী কবিতা

©Admin
0
তুমি নিৰাশ নহবা কবিতা
কাহিলি পুৱা বিচাৰি যাম মই !
সূৰ্য হেঙুলীয়া কিৰণ সানি,
আঘোণৰ পথৰুৱা বাটে বাটে 
নিয়ৰ গচকি গচকি, সোণালী ধানৰ মাজে মাজে
শব্দৰ সন্ধান বিচাৰি কবিতা ।
দুহাতেৰে বুটলি আনিম,
শব্দৰ মালা গাঁঠি পিন্ধাম তোমাক,
আজীৱন কালজয়ী হৈ থাকিবা তুমি ।
মোৰ দুহাতৰ পৰশত,কলমেৰে ৰং সানি,
উকা সাঁচি পাতত লিখিম, কবিতা
যুগমীয়া হৈ জিলিকি থাকিবা তুমি ।
তুমি মোৰ গৰ্ভত স্মৃতিৰ পাতনি মেলিবা!
তুমি নিৰাশ নহবা কবিতা,
তুমি নিৰাশ নহবা ।।

📝বিনিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)