পুৱাৰ নান্দনিক সময়
শৰতে আগ সলায়
আধামেলা পুৱাত কুঁৱলীৰ সংগ হৈ।
শেৱালীয়ে হাঁহিব
শৰতৰ চোতালত গোন্ধ ওলাব
আধামেলা পুৱাতে ভিৰ ওলাব
শৰতৰ শেৱালীক আপোন কৰিবলৈ।
শেৱালীৰ স্নিগ্ধ সুৱাসত
শৰতৰ প্ৰেমৰ দেৱালতো
গোন্ধ ওলায়
শেৱালী শৰতৰ
শৰত শেৱালীৰ।
🖋️ধনঞ্জয় ৰায়।
ডুমৰদহ ৪ৰ্থ খণ্ড,ধুবুৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ