গাইজনী লৈ গৈ থাকোঁতে
ক'ৰবাত সুহুৰি এটা বাজি উঠিল
নিৰ্জনতাৰ মাজত
বুকুখন খুন্দিয়াই যোৱা
বাঁহীৰ সুৰ এটা
থৰকাচুতি হেৰোৱা মনৰ
অকোৱা-পকোৱা ভাৱনাবোৰৰ নিস্তব্ধতাত
দেও লাগিল।
সেই সুহুৰিটো
আজিও বৈ যায়
পথাৰৰ সোণালী আঁচলবোৰে
বিদ্ৰোহ কৰিলে,
পকা হালধীয়াবোৰে
কৰুণ ৰাগ জুৰিলে।
বিস্তীর্ণ জনাৰণ্যৰ
কোনোবা স্তব্ধ সময়ত
ঠিক ওলাই আহে
উদং বুকুৰ এটা
জীয়া হুমুনিয়াহ।
🖊️নাৰ্চিছাছ কাশ্যপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ