পুৱাৰ কুঁৱলিৰ আৱৰণ ফালি দপদপকৈ জ্বলি উঠা অৰণ্যৰ জুইকুৰা আজি যেন মনৰ মাজতহে জ্বলিছে।
সিক্ত নয়নৰ সৰু সৰু অশ্ৰু টোপালবোৰ নিতৌ নিগৰিব ধৰিছে।
আস্ , কি যে নিৰৱতা !
অক্লান্ত দেশৰ ভুক্তভোগী হৈও নিৰৱ!
কিন্তু কিয়?
মই নিজেই নাজানো কিয়!
কাৰণ ইয়াৰ উত্তৰ নাই
কিন্তু প্ৰশ্ন হয়।
আমাৰ মাতৃভূমি আৰু মাতৃভাষাটোক ইমান অৱহেলা!প্ৰৱঞ্ছনা!
কোনে কেনেকৈ, ইমান সাহস পালে?
আস্ , ইমান দুঃসাহস !স্বৰ্গদেউ চুকাফাৰ সোণৰ অসমখন ভাঙিবলৈ?
আই অসমীক কন্দুৱাবলৈ ইমান সাহস!
কোনে শুনিব আই অসমীৰ এই নিমাত ক্ৰন্দন।
"আমি নে পৰদেশীবোৰে?"
কোনে শুনিব?
অ' তহঁত অবধ্য পৰদেশীবোৰকেই কৈছোঁ:
"আমি হ'লো খাৰ খোৱা অসমীয়া।
সোঁতৰ বাৰ পৰাক্ৰমী মোগলক পৰাস্ত কৰা অসমীয়া।
আমাৰ শিৰে শিৰে বৈ যায় লাচিতৰ তেজ।
হেংদাং হাতত ল'লে এতিয়াও লুইতৰ পানী শোণিতেৰে ৰাঙলী হ'ব।
এতিয়াও ,আমি সোণৰ অসমৰ অসমীয়া ।
এতিয়াও, আমাৰ দেশ প্ৰেম হোৱা নাই শেষ।
কাৰণ ,আমি দেশতকৈ মোমাই ডাঙৰ নহয় বোলা লাচিতৰ দেশৰ মানুহ"।।
'আছে হেংদাং লোৱা নাই ল'লে ৰক্ষা নাই'
সাৱধান বিদেশী!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ