আনৰ দেশৰ পৰা উলটি আহোঁতে



   
 যশস্বী কবি পদ্মধৰ চলিহাই তেখেতৰ এটা কালজয়ী কবিতাত লিখিছিল.....
  আনৰ দেশৰ পৰা উলটি আহোতে
ফুৰি চাকি ঘৰমুৱা হৈ
জ্বলা নাই হিয়া যাৰ
স্বদেশ প্রেমেৰে
আছেনে কোনোবা ঐ
স্বদেশ প্রেমৰ জলন্ত নিদৰ্শন ইয়াতকৈ আৰু কি হ'ব পাৰে |
স্বদেশ প্রেম মানে মাতৃভূমিৰ প্রতি থকা
 প্রেম | কাৰ নাই বাৰু মাতৃভূমিৰ প্রতি ভালপোৱা | যদি নাই তেওঁ কাঠচিতিয়া হ'বই লাগিব  সেয়ে কবিয়ে কৈছিল.....
     আছে যদি এনে কোনো
     এনে কাঠচিত
   চিনি থবা তাক ভালকৈ
   তাৰ বাবে গায়কৰ
    উচ্ছ্বাস উথলি
   নুঠে তাৰ গান গাবলৈ  |
  হয় তেওঁ কাঠচিতিয়া হ'বই লাগিব | যিয়ে নিজৰ মাতৃভূমিক ভাল পাব নোৱাৰে তেওঁ কাকোৱেই ভাল পাব নোৱাৰে | সেইটো ধুৰুপ | যিখন ঠাইত জন্ম লৈছো , যাৰ বতাহ পানী ডাঙৰ দীঘল হৈছো সেই ঠাইখনক ভাল নোপোৱাকৈ থাকিব পাৰি জানে  ?
বিশেষকৈ যেতিয়া আমি ভ্রমণৰ কাৰণে , ফুৰিবলৈ যাওঁ আমাৰ মাতৃভূমিক এৰি থৈ যাওঁ | আমি ভ্রমণ কৰিব লাগে , ভ্রমণ কৰিলে আমাৰ জ্ঞান বাঢ়ে , নানা ঠাই ফুৰি , নানাধৰণৰ মানুহ লগ পাই , তেওঁলোকৰ লগত ভাৱ বিনিময় কৰি , সংস্কৃতিৰ বতৰা লৈ আমি উপকৃত হওঁ | তাৰ বাবেই আমি ভ্রমণ কৰা উচিত | তেতিয়া আমাৰ মনৰ পৰিষৰ বৃদ্ধি পায় | মনটো আনন্দৰে ভৰি পৰে | মাতৃভূমিৰ পৰা আতৰি থাকিলে চেৰেং চেৰেংকৈ মাতৃভূমিলৈ মনত পৰি থাকে | ফুৰিবলৈ যোৱা ঠাইখন যিমানেই সুন্দৰ নহওক কিয় সেয়া বেলেগৰ ঠাই | কিছুদিনৰ কাৰণে সেই সৌন্দৰ্য উপভোগ কৰিলেও মাতৃভূমি সদাই মাতৃভূমিয়েই |
গতিকে আনৰ দেশত থাকোতে নিজৰ ঠাইখনলৈ মনত পৰি থাকিবই | মাতৃভূমিক চাবলৈ মনটোৱে হাঁহাকাৰ কৰি উঠে | মাতৃভূমিৰ প্রতি থকা অগাধ প্রেমে বুকুৰ কোনোবাখিনিত হেচা মাৰি ধৰে | সেয়া প্রত্যেকৰে হয় | এয়া স্বদেশ প্রেম | হিয়াখন জলিবই | হৃদয়হীন পাষাণ প্রতিমা | সেইজন কাঠচিতিয়া | নিজৰ মাকক ভাল পাব নোৱাৰা কোনোবা সন্তান থাকিব পাৰে | যিয়েই নহওক মা সদাই মা | মাৰ সমান কোনো হ'ব নোৱাৰে | আমি আমাৰ মাক ভাল পাবই লাগিব | মাতৃ প্রেম সদাই
 স্বৰ্গীয়  |

     📝হেমেন হাজৰিকা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send