এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায় (খণ্ড-০৭)

©Admin
0
 হঠাতে আহিলি যে? মোক ক'বটো পাৰ"? কাৰ লগত আহিলি?
বৰ্ষা_______ মা আহিছে লগত।
________ মা আহিছে....?
গেট খনৰ আঁৰৰ পৰা মা ওলাই আহিছে। মাক দেখি মই হতবাক হৈ গৈছো। মোকটো আহিব বুলি কোৱা নাছিল। নোকোৱাকৈ কিয় আহিলে? এগালমান প্ৰশ্নই আগুচি ধৰিছে।
_______ মা......
মা______ আচৰিত হব নালাগে।তোক নিবলৈ আহিছো।
________ মই ঘৰলৈ যাম বুলি তোমালোকে কেনেকৈ গম পালা।
মা_______ পাখিলৈ ফোন কৰিছিলো তেতিয়া কলে।হব বল এতিয়া।
আচৰিত! পাখিয়ে মায়ে ফোন কৰিছিল বুলি মোক এবাৰো কোৱা নাই।
    মা আৰু বৰ্ষাক ওপৰলৈ লৈ গ'লো। মই আগত গৈ ফোন টো লুকুৱাইছো। ৰুমলৈ সোমাই গ'লো। মা আৰু বৰ্ষাক দেখি পাখি অলপো হোৱা নেদেখি গম পালো তাই মা আৰু বৰ্ষা আহিব বুলি জানে। মই চিনাকি কৰাই দিয়াৰ আগতে পাখি আৰু বৰ্ষা দুই জনী কথা পাতিবলৈ লাগিয়ে গ'ল। মায়ে ওচৰতে বহি ইফালে সিফালে ৰুমটো চাই আছে।
________ পাখি মায়ে ফোন কৰিছিল বুলি তই মোক কোৱা নাছিলি যে...?
পাখি_________ অহ পৰহি কৰিছিল। তই বাথৰোমত আছিলি তেতিয়া।পাছত মই কবলৈ পাহৰি থাকিলো।
তাইলৈ চকু কেইটা ডাঙৰ কৰি খঙত চাই দিছোঁ। ভাল বাচিলো আজি দেই। নহলে আজি এই জনীয়ে মোক  মাৰিলে হেঁতেন। ৰোমটো চিনি পাই যদি মা নিজেই গুচি আহিলে হেঁতেন শেষ তেতিয়া আজি মই।ফোন চোন সব দেখি গল হেঁতেন।
বস্তু কেইটা ভাল কৈ বেগত ভৰাই লৈছো।
মা________ জীউ সোনকালে কৰ। বর্ষাও থাকিব আজি আমাৰ ঘৰতে।
________ হা বৰ্ষা তই থাকিবি আমাৰ ঘৰত? পাখিও থাক নহলে আজি আমাৰ ঘৰত ভাল লাগিব। গোটেই কেইজনী লগ পাইছো যেতিয়া। বৰ্ষাই কোৱা নিচিনাকৈ জমিব আজি।
পাখি________ হেই মই নাথাকো দেই। ঘৰত কাকো কোৱাই নাই। 
________ একো নহয় অ।
মা_________ অ পাখি থাকা আজি আমাৰ ঘৰতে। ঘৰত কৈ দিবা লগৰ এজনীৰ ঘৰত থাকিম বুলি।
মোৰ কথাতে কথা মিলাই মায়েও কলে।
পাখি_______ নহয় মাক বাৰু মই ফোন কৰি কৈ দিলেই হব। থাকিব দিব নিদিয়া নহয়। কিন্তু এতিয়া বস্তু- বাহনী লৈ.......?
মা________ এই একো নহয় এনেও আমাৰ সেইফালৰ পৰা তোমালোকৰ তাৰলৈ বেছি দূৰ নহয়। কাইলৈ গুচি যাবা তেতিয়া।
পাখি_______ হমমম্্্
________ থাকিবি তেতিয়া হলে?
পাখি_______ ওম
ওলাই হৈ গল। কলেজৰ ওচৰৰ পৰাই গাড়ী এখন ভাৰা কৰি আমি ঘৰলৈ যাব লৈছো। কাপোৰৰ মাজতে ফোন টো vibration কৰি ভৰাই লৈছিলো।এতিয়া কোনোবাই ফোন কৰিছে কাৰণে ভু-ভোৱাই আছে, যিমান পাৰো হাতখনে বেগটোৰ ওপৰতে টিপা মাৰি ধৰিছো।হয়টো প্ৰান্তিক দাই ফোন কৰিছে। যেনে তেনে ঘৰলৈ গৈ পালেগৈ হয় আৰু তাকে চিন্তা চিন্তা কৰি গৈছো। বৰ্ষাক ইমান দিনৰ মূৰত পাইছো তাইৰ লগত ধেৰ কথা পাতিবলৈ আছে।ভাবি ভাবি মনটো ভাল লাগি গৈছে।

       প্ৰায় ডেৰ ঘণ্টা মানৰ পাছত ঘৰ গৈ পালো গৈ। ইমান দূৰ এনেকৈ আহি একেবাৰে বেমাৰী বেমাৰী লাগিছে। ঘৰ পাইয়ে মই আগত কাপোৰ যোৰ খুলি গাটো ধুই ইহঁত দুই জনীক বাথৰোমৰ ফালে লৈ গৈছো।বৰ্ষাই আমাৰ ঘৰৰ সব চিনি পাইয়েই কিন্তু পাখিয়ে নাপাই কাৰণে তাইক দেখুৱাব লগীয়া হৈছে। গাটো ধুই হে অলপ ভাল লাগিছে। ঘৰত দেউতা নাই। হোষ্টেল যোৱাৰ পৰা ঘৰলৈ এবাৰো অহা নাছিলো এতিয়া আহি নিজকে কিবা আলহী আলহী লাগিছে। মোৰ ৰূমটো অৱস্থাই নাই,গোটেই ধূলি মাকতি পৰি। বৰ্ষা আৰু পাখিৰ গা ধুই হয় মানে মই ৰোমৰ বস্তু বোৰ অলপ জাৰী জোঁকাৰি ল'লো। মায়ে খোৱাৰ যোগাৰ কৰিছে। 
     
       বৰ্ষা গা ধুই আহিল।এই সুযোগতে তাইক কথা এটা সুধি ল'লো
________ অই তই মাক কত লগ পালি মানে...?মোৰ লগত সেইবোৰ হৈ যোৱাৰ পৰা টো তইয়ো মাৰ লগত কথা নপতা হ'লি এতিয়া আকৌ কেনেকৈ লগ পালি।
বৰ্ষা_______ oh.... কালি মোৰ লৈ ঘপক কৈ ফোন কৰি দিলে আৰু মোৰ নম্বৰ নো কত পালে সেইটোও নাজানো। প্ৰথমতে খা খবৰ লৈছে তাৰ পাছত কৈছে তই আজি কালি হেনো ভাল কৈ কথা বতৰা পাতিব নিবিচাৰ' অলপ মন চন বোৰ মাৰি থাক কাৰণে মোক অলপ বুজাবলৈ কৈছে। সেইকাৰণে আজি নিজেই আনিবলৈ গৈছে।
_________ ওম, তই ইয়াত থাকিবি বুলি ঘৰত গম পাই নেকি?
বৰ্ষা________ অ' মায়ে মোক থকাৰ কথা কলে কাৰণে ঘৰত সুধিলো , থাকিবলৈ কলে। আৰু তোক আইতাই মাতিছে এদিন।
_______ ওম যাম ৰ' এদিন।

       পাখিৰো গা ধুই হৈ গল। ভাত খাবলৈ গ'লো। তেনেকুৱাতে দেউতাও আহি পালেহি। দেউতাক ইমান দিনৰ মূৰত দেখি মোৰ দুখ লাগি আহিল। দেউতাই যিমান গালি নিদিলেও মাত কৈ মই বেছি দেউতাৰ ওপৰত খং কৰি থাকিব নোৱাৰোঁ। ইমান দিন মই দেউতাৰ লগত কথা নপতাকৈ আছিলো। ফোন টো মোৰ পৰা লৈ আকৌ ঘূৰাই নিদিয়াৰ খঙতে বেলেগৰ পৰাও কৰা নাছিলো। দেউতাই পাখিক দেখি কোন হয় বুলি চিনাকি লবলৈ ধৰোতেই মই চিনাকি কৰাই দিলো। তাইয়ো একেবাৰে বৰ্ষাৰ নিচিনা। চিনাকি হোৱাৰ লগে লগে কথা। মুঠতে দেউতাৰ লগত কোনোবা চিনাকি হোৱাৰ লগে লগে দুই পক্ষৰ পৰাই কথা আৰম্ভ হৈ যায়।‍মায়ে হোষ্টেলৰ কথা সুধি আছে।মই কৈ আছো। ভাল দৰে পঢ়াত মন দিবলৈ কৈছে।এনেকৈয়ে যিটি কথা মোক বুজাইছে।  মাৰ আচৰণ টো দেখি মোৰ এনেকুৱা লাগিছে যে মায়ে আগৰ কথা বোৰ সব পাহৰি গৈছে। দেউতাইও ভাল কৈ মাতিছে।

       ভাত খাই হৈ যোৱাৰ পাছত বৰ্ষা আৰু পাখি মোৰ ৰুমলৈ গল।মই বাচন কেইটা ধুই আহিলো। হোষ্টেলত খোৱা বাচন লগা লগ ধুই অভ্যাস হৈ গল কাৰণে ইয়াতো ধুই ল'লো। ভিতৰলৈ গৈ দেখিছোঁ ইহঁত দুই জনী একেবাৰে কথাত মচগুল।
________ কি কথা পাতিছ' মোকো ক'?
বৰ্ষা______ নকওঁ নকওঁ চিক্ৰেট।
পাখি_______ তই মানে সেইদিনা প্ৰান্তিক দাক গালি দিয়া কথাটো বৰ্ষাক কৈ দিলি?
_______ হিঃ হিঃ 
পাখি________ কিমান লাজ পাইছো মই হে জানো। তোকো দিম ৰ'।
তাইৰ কথা শুনি হাঁহি উঠি গল। তেতিয়ালৈকে ফোন টো বেগৰ ভিতৰতে আছিল। মনে মনে  চালো হয় প্ৰান্তিক দাই ফোন কৰিছিল।এতিয়া কথা পতাৰ সুবিধা নাই ভাবি পাছত পাতিম বুলি আকৌ বেগতে থৈ দিলো।

আগলৈ.....

✏️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)