প্ৰতিচ্ছবি

©Admin
0

বিৰামবিহীন তোমাৰ চকুৰ চাওঁনি
হেৰাই যাব চাবা
সযত্লে
ৰাখিবা তোমাৰ
প্ৰেম অট্ৰালিকাৰ
সুসংযত গেটখন৷
গেটখন নুখুলিবা
পাৰিলে
আৰ কাপোৰ  লগাবা তাত ৷
চাবা 
দুর্ভগীয়া কোনোবাৰ আগমনে
কৰিব আচ্ছাদন
গেটখনৰ গ্ৰীলবোৰ ৷
এমুঠি অন্নৰ বাবে ক্ষুধার্ত বনুৱাই
চিৰাল ফটা ৰ"দত 
কামৰ শেষত ভাগৰিলে পথাৰত
ক্লান্ত দেহত শান্তিৰ খোৰাক
যোগাব 
তোমাৰ মিচিকিয়া হাঁহিটোৱে ৷
দূল্লভ হাঁহিটো
পাৰিলে
সঞ্চয় কৰিবা তোমাৰ হ্নদয়ৰ 
মনিকোঠত৷
মিচিকিয়া হাঁহিয়ে 
আকোৱালি লব
তেওঁলোকক
যিহঁতে হতাশাত কটাইছে 
দিনবোৰ৷
নিৰাশাৰে নিদ্ৰাবিহীন  এমুঠি 
অন্নৰ বাবে 
কৰিছে সংগ্ৰাম
তুমি কৰিছা  নিশ্ছয়
তাৰেই পণ ! 
তাৰেই সংগ্ৰাম !

📝শশধৰ কলিতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)