গুৰু ৰবিদাসদেৱ ( জীৱনী )

©Admin
0
ৰবিদাস সম্প্ৰদায়ৰ লোক সকলে পবিত্ৰ মাঘী পূৰ্ণিমা তিথিত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ অসম মুলুকতো সন্ত শিৰোমণি গুৰু ৰবিদাসদেৱৰ জন্মোৎসৱ উদযাপন কৰি আহিছে। অসমীয়া ক'লা সংস্কৃতি তথা অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, পঞ্জাৱৰ শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকদেৱ, উত্তৰ ভাৰতৰ কবিৰদেৱ  আদি ভক্তিৰ আন্দোলনৰ পুৰুধা মহান মনিষী সকলৰ সমসাময়িক এইজনা সন্তৰ বিষয়ে এসময়ত সাহিত্যিক সকলৰ ফালৰ পৰাও উপেক্ষিত হৈ থকাত বিশেষ প্ৰচাৰ নাপালে।এক কথাত কবলৈ গলে এইজনা ভাৰতীয় সমাজ ব্যৱস্থাৰ তথাকথিত নিম্ন বংশজাত আধ্যাত্মিক মাৰ্গ প্ৰদৰ্শক মণিষীৰ বিষয়ে অসমৰ মানুহে বিশেষ একো নাজানে বুলি ক'লে ও ভূল নহয়। পঞ্চদশ শতাব্দীত উত্তৰ প্ৰদেশৰ পবিত্ৰ কাশীভূমিত আবিৰ্ভাৱ হোৱা এই জনা মহান সন্ত মহাপুৰুষ ৰবিদাস দেৱেও ব্ৰাহ্মণ্যবাদৰ কুলিণ প্ৰথাৰ বিৰুদ্ধে মুকলিকৈ যুক্তিযুদ্ধ কৰি একশৰণ নামধৰ্মই প্ৰচলনৰ বাবে সংগ্ৰাম কৰিছিল। শংকৰদেৱে নাম ধৰ্ম ই সাৰ বুলি কোৱাৰ দৰেই ৰবিদাসদেৱেও "নাম তেৰ' আৰতি ভজন মুড়াৰি" বুলিয়েই ভক্তি গীত গাই ভগৱন্তক আৰাধনা কৰিছিল। বলি বিধান আদিৰ বিৰুদ্ধাচৰণ কৰি সহজ সৰল ভক্তি পদ্ধতিৰ পোষকতা কৰিছিল। ৰাম ৰহিম আদি একেজন ঈশ্বৰৰ নাম বুলি কৈ মানুহৰ মাজত সম্প্ৰীতিৰ বাৰ্তাবাহক হৈ থিয় দি দিশহাৰা জনগণক আধ্যাত্মিক মাৰ্গ দৰ্শন দিছিল। তেৰাৰ এক প্ৰশিদ্ধ বাণী হ'ল "মন সাংগা তৌ কঠৌতি মে গংগা"। এই বাণীৰ অৰ্থ হ'ল মন পবিত্ৰ হ'লে ঘৰতে ভগৱানক পাব পাৰি অৰ্থাৎ মন নিকা হ'লে ভগৱানৰ দৰ্শন অন্তৰতে পাব পাৰি।১৩৭৭ চনত জন্ম গ্ৰহণ কৰা এইজনা সন্তৰ ভক্তিৰ মহীমা সম্পৰ্কত কেইবাটাও জনশ্ৰুতি প্ৰচলিত হৈ আহিছে। উত্তৰ প্ৰদেশৰ কাশীত এটা  ৰবিদাসদেৱৰ জন্মস্থান মন্দিৰ আৰু কাশীৰ গংগাৰ পাৰত ৰাজঘাটত আন এক মনোমোহা মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে। ৰাজ্যখনত "সন্ত ৰবিদাস নগৰ" নামৰ জিলা গঠন কৰা হৈছিল যদিও পাছলৈ জিলাৰ নাম ভদোহি ৰখা হয়। পঞ্জাব ৰাজ্যত গুৰুজনাৰ নামত এখন আয়ুৰ্বেদিক বিশ্ববিদ্যালয় আছে আৰু কেন্দ্ৰীয় চৰকাৰে বিগত কালত গুৰুজনাৰ সন্মানাৰ্থে ফটোসহ এটা ডাকটিকট প্ৰচলন কৰিছিল। উল্লেখযোগ্য যে গুৰুজনাৰ জন্মোৎসৱ কেন্দ্ৰীয় ভাৱে জন্মস্থান কাশীত উদযাপন কৰা হয় বাবে ৰেলবিভাগে পঞ্জাবৰ পৰা এখন বিশেষ ৰেল গাড়ীৰ ব্যবস্থা প্ৰতি বছৰে কৰি আহিছে। গুৰু জনাই বেগমপুৰা ৰাজ্যৰ সপোন দেখিছিল আৰু ইয়াৰ অৰ্থ হৈছে দূখবিহীন ৰাজ্য। গুৰুজনাৰ ভাষাতেই চৰকাৰে ৰেলখনৰ নামো বেগমপুৰা এক্সপ্ৰেছ ৰাখিছে। উল্লেখ কৰিব বিচৰো যে পঞ্জাৱ বিধানসভাত আগেয়ে এবাৰ আদমপুুৰ  এয়াৰপ'ৰটৰ (adompur airport) নাম গুৰুু ৰবিদাসৰ  নামেৰে ৰখাৰ প্ৰস্তাৱ লোৱা হৈছিল যদিও শেষত হোৱা দেখা নগ'ল। মধ্য যুগৰ সমাজ ব্যৱস্থাৰ দ্বাৰা অৱহেলিত এই গুৰুজনাৰ ভক্তিৰ মহাত্মাত আপ্লুত হৈ চিটোৰৰ মহাৰাণা সাংগা, মহাৰাণী ঝালী আৰু মীৰাবাঈ আদিয়েও শিষ্যত্ব গ্ৰহণ কৰাত পাছত চিটোৰৰ ৰাজগুৰু হিচাপে পৰিচিত হৈ সন্মানিত হৈছিল। আনহাতে গুৰু নানকদেৱেও ৰবিদাসদেৱৰ মহত্ব উপলব্ধি কৰি ৰবিদাসদেৱ বিৰচিত দুকুৰি পদ শিখ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ গুৰুগ্ৰন্হ চাহেবত আদৰ্শৰে অন্তৰ্ভুক্ত কৰিছিল। গুৰুজনাৰ পিতৃ ৰঘূদেৱ বা ৰাঘৱ আৰু কিছুমান গ্ৰন্থত সন্তোষ দাস বুলি উল্লেখ থকাৰ বিপৰীতে মাতৃৰ নাম কৰমাদেৱী বুলি জনা যায়।ৰঘূৰ পত্নী হেতুকে ৰঘূৰানী আৰু এই শব্দৰ অপভ্ৰংশ হৈ ঘূৰবিনীয়া হোৱাৰ থল আছে আৰু সেয়ে কিছুমান গ্ৰন্থত গুৰুজনাৰ জননীৰ নাম ঘূৰবিনীয়া বুলিও উল্লেখ আছে।                           গুৰু ৰবিদাসদেৱৰ পদসমূহত প্ৰেমস্বৰূপা ভক্তিৰ লগতে দাস্য ভাৱ প্ৰকত হোৱা দেখা যায়।তেৰাৰ বাণীত ভক্তিৰ স্বৰূপৰ বিষয়ে প্ৰকাশ পাইছে এইদৰে -ভক্তৰ অন্তৰত অহংকাৰৰ স্হান নাই।অভিমানী লোক ভক্ত হ'ব নোৱাৰে।পৰম তত্ব পৰমাত্মাক নিচিনাকৈ নাচ,গান আৰু তপ কৰাটোৱো নিৰৰ্থক। দেৱতাৰ মূৰ্তিৰ চলন পখালি, চুলি খোৰাই,তীৰ্থ ব্ৰত কৰি,শৰণ বা দীক্ষা ললেও একো লাভ নহ'ব; যেতিয়ালৈকে ভক্তৰ হিয়াত পৰম জ্ঞানৰ প্ৰাপ্তি নহ'ব। ভাগ্যবান জনেহে ভক্তি লভিব পাৰে। অহংকাৰ,অভিমান ত্যাগ কৰি ৰামৰ ভজন কীৰ্তনত আত্মহাৰা হোৱাটোৱেই বাস্তৱিক ভক্তি। যেতিয়ালৈকে কৃষ্ণ-কৰীম,ৰাম-ৰহিম এইসকলক এক ৰূপত দেখা নাযায়;বেদ, কুৰাণ,পুৰাণ আদি গ্ৰন্থত বৰ্ণিত ব্ৰহ্মক এটা ৰূপত ভবা নহয়; তেতিয়ালৈকে ভগৱান প্ৰাপ্তি অথবা ঈশ্বৰক সন্তুষ্টিৰ অৰ্থে কৰা পূজা উপাসনা অনৰ্থক।তেৰা সৰ্বব্য়াপক ব্ৰহ্ম ৰামৰ উপাসক আছিল, দশৰথ নন্দন ৰজা ৰামৰ উপাসক নাছিল বুলি নিজৰ পদত স্পষ্ট কৰিছে। গুৰুজনাই কৈছে- মনত চঞ্চল ভাৱ আৰু অসৎ,ৰজ ,তম আদি গুণ থাকিলে ভক্তি শুদ্ধ নহ'ব। চঞ্চল মনে মানুহক পৰমাত্মাৰ পৃথক কৰি ভক্তি মাৰ্গৰ পৰা আতঁৰাই কুমাৰ্গ, সাংসাৰিক বিষয়, ভোগ-বিলাস আদিত জড়িত কৰি ৰাখে।শৰীৰৰ মলি পানীৰ দ্বাৰা দূৰ হোৱাৰ দৰে ভগৱানৰ নামৰ দ্বাৰা সমস্ত পাপ আৰু বেয়াবোৰ দূৰ হৈ যায়।কামাতোৰৰ বিৰহ ব্য়থা কামিনীৰ সংগেৰেহে দূৰ হোৱাৰ দৰে ভক্ত হৃদয়ৰো বিৰহ ব্য়থা প্ৰভু মিলনৰেহে দূৰ হয় বুলি তেৰাই উল্লেখ কৰিছে। গুৰুজনাই কৈছে, জন্মতে সকলোৱে শূদ্ৰ আৰু অপৱিত্ৰ।শুভ কৰ্মৰ দ্বাৰাই উচ্চ জাতি বা উচ্চ পদ পাব পাৰি।মানুহ ভগৱন্তৰ অংশ সেই পৰমপিতা পৰমাত্মাৰ সন্তান। সেয়ে স্ৰজনকৰ্তা ভগৱন্তৰ ওচৰত সকলো সমান। সংসাৰৰ সকলো মানৱ একেই ব্ৰহ্ম জ্যোতিৰ অংশ, একেই ৰঙা তেজেৰে গঠিত। সেয়েহে উচ্চ-নীচৰ ভেদাভেদ কিদৰে? সেইবাবে জাত-পাতৰ বিভেদ এৰি সৎকৰ্ম কৰিব লাগে।শুভকৰ্ম ই মানুহক মহান কৰিব পাৰে আৰু গুণ কৰ্মানুসাৰেহে ব্ৰাহ্মণ, ক্ষত্ৰিয়,বৈশ্যৰ পাৰ্থক্য আছে। গুৰুজনাৰ কৰ্মময় জীৱনেই "কৰ্ম ই ধৰ্ম"ৰ উৎকৃষ্ট আৰ্হি দেখুৱাই গৈছে। কাৰণ গুৰুজনাই ভগৱানৰ নাম ভজন কীৰ্তন কৰাৰ উপৰিও নিজৰ বংশানুক্ৰমিক ব্যৱসায় চলাই গৈছিল। হিন্দী সাহিত্যত সন্ত কবিৰ দাসক সৰ্বপ্ৰথম ৰহস্যবাদী কবি বুলি কোৱা হয় যদিও ৰবিদাসদেৱৰ ৰহস্যবাদ সূৰ্য্যৰ দৰে উজ্বল হৈয়ো আন্ধাৰতে থাকি গ'ল।ৰবিদাসদেৱৰ ৰহস্যবাদত এক মনোমোহা ভক্ত হৃদ‌য়ৰ উল্লাস অনুৰণিত হোৱা দেখা যায়। শেষত ক'ব পাৰি যে ভাৰতবৰ্ষৰ আকাশ পৰিপূৰ্ণ হৈ আছে তাৰকাসদৃশ সন্ত-মহাত্মাৰে আৰু এই তাৰকাৰ ভিতৰত গুৰু ৰবিদাসদেৱ অতুলনীয় আৰু  অনন্য।***

🖍️পঙ্কজ ৰবিদাস

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)