পৃথিৱীৰ দুখ

Rinku Rajowar
0

নকৰিবি অ’ আৰু একে অন্যায়

নিদিবি মোক আৰু কষ্ট
লিহিৰি লিহিৰি গছবোৰ পলকতে শুই পৰিল
ওখ ওখ পাহাৰবোৰো দেখোন সমান হৈ আহিল
নদীৰ বুকুখনো বাম হৈ পৰিল
সেউজীয়াবোৰেও  দেখোন দুখতে মুখ লুকুৱালে
মোৰ কোলাতে তহতঁক আশ্ৰয় দিলোঁ
মৰমৰ প্ৰতিদান যে এনেকৈ দিলি
সামৰো কেনেকৈ ?
নদীৰ বুকুত জাবৰৰ দম, হাবিত কেৱল গছৰ মুঢ়া
নিৰ্মল, শান্ত পৰিৱেশ  আজি অশান্ত
কল কাৰখানাৰ ধোৱাত আজি মই জৰ্জৰিত
মোৰ বুকু খান্দি খান্দি মোক ফোপোলা কৰিলি
কেনেকৈ সামৰো এই মৰমৰ প্ৰতিদান ?
কেনেকৈ আকোঁৱালি লওঁ তহঁতক ?
হেৰ’ মোৰ মৰমৰ সন্তান, অলপ মোৰ কথাও ভাবিবি
তহঁতৰ সুখৰ কাৰণে যুগে যুগে সহি আহিছোঁ
অলপ মৰম মোকো দিবি ৷


✍️ দশমী শইকীয়া
গোলাঘাট


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)