নাৰী

হে পুৰুষ সমাজ নাৰীৰ পৰাই অস্তিত্ব গঢ়া আৰু নাৰীকে অপমান কৰা...
নাৰীৰ গৰ্ভত ন মাহ দহ দিন  অতি আৰামে কটোৱা,
তেতিয়া মনলৈ নাহে যে মই পুৰুষ নাৰীৰ ওপৰত স্হান মোৰ।
যিমানেই নিজকে সৰ্বশ্ৰেষ্ঠ বুলি নোকোৱা কিয়...
জন্মতো লোৱা নাৰীৰ গৰ্ভৰ পৰাই( নাৰীৰ শ্ৰী চৰণ)।
নাৰীক অপমান নহয়নে...
কিন্তু, এয়া কিয় পাহৰা
সেই নাৰী নহ'লে তোমালোকৰ অস্তিত্ব শূণ্য।
এক নাৰীয়ে হাড় ভঙা কষ্ট সহ্য কৰি তোমাক জন্ম দিয়ে, যি নাৰীৰ মমতাৰ আচল নহ'লে তোমাৰ জীৱন শূণ্য,
সেই নাৰী হ'ল তোমাৰ মা।
এক নাৰী সেই জনী ...
যি জনীয়ে তোমাৰ কপালত ফুট দি
তোমাৰ ৰ্দীঘায়ু কামনা কৰে,
সেই নাৰী হ'ল তোমাৰ ভন্টি।
আৰু অন্য এক নাৰী যি নাৰীয়ে তোমাৰ এটা হাঁহিত সৰ্বস্ব ত্যাগ কৰিবলৈ কুন্ঠাবোধ নকৰে ,
সেই নাৰী হ'ল তোমাৰ প্ৰেয়সী।
আৰু অন্য এক নাৰী যি জনীয়ে তাইৰ সমস্ত ত্যাগ কৰি তোমাৰ সৈতে আহে,
তোমাৰ আধৰুৱা জীৱনত পূৰ্ণতাৰ বীজ ৰোপিত কৰিবলৈ...
সেই নাৰীক তুমি বহুত অপমান লাঞ্চনা দিয়া ,
তথাপি সেই নাৰীয়ে হাঁহি মুখে তোমাৰেই গুণ গান কৰে...।
সেই নাৰীয়ে দিয়ে তোমাৰ বংশৰ প্ৰদীপ..
সেই নাৰী হ'ল তোমাৰ অধ্যাঙ্গীনি।
আৰু এক অন্ত নাৰী যি নাৰীয়ে তোমাক আদৰ্শ পুৰুষ ৰূপে পূজা কৰে ,
সেই জনী হ'ল তোমাৰ কন্যা।
                 
                   
               🖋️মমতা মন্ডল
                হোজাই,অসম।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send