" হে সপ্ত ভনী মোক অজশ্ৰ ধনৰ প্ৰয়োজন কৃপা কৰি মোক ধন দিয়ক ইয়াৰ বিনিময়ত মই নিতৌ পাঁচ লিটাৰকৈ গাখীৰ
আগবঢ়াম "
এইবুলি কৈ সি ঘৰলৈ উভতি আহিল ৷ পাছদিনাখন কাহিলীপুৱাতে গৈ দেখে যে সঁচাকৈ একলহ সোণ গছজোপাৰ তলত ৰখা আছে ৷ মণিৰাম ইফালেসিফালে চাই লৰালৰিকৈ ৰঙা কাপোৰেৰে ঢাকি ঘৰলৈ উভতিল ৷ ঘৰত নি তিৰি সন্তানক ক’লে
" তঁহতে এই ৰহস্য কাৰো আগত ব্যক্ত নকৰিবি "
তিৰি সন্তানে নকৰোঁ বুলি কথা দিলে ৷
মণিৰামে গুণাগঁথা কৰি গাড়ী ডিলাৰ লৈ গৈ আটাইতকৈ দামী গাড়ীখন কিনি আনিলে তাৰ ঘৰতো মানুহৰ সোঁত ববলৈ ধৰিলে ৷ এজন মানুহে মণিৰামক ক’লে
" ভাই চেনিৰামতকৈ দামী গাড়ী আনি তাৰ ইজ্জত বাগানত কমাই দি ভাল কৰিলা বাৰু বেয়া নোপোৱা যদি এটা কথা কোৱাচোন "
মণিৰামে ক’লে
" কি কথা ? "
মানুহজনে এটা কপটীয়া হাঁহি মাৰি ক’লে
" শুনিছিলো তোমাৰ ওচৰত ইমান টকা ক ’ , তেন্তে ইমান দামী গাড়ী কিনিবলৈ টকা কৰপৰা পালা "
কথাষাৰ শুনি মণিৰামৰ খং উঠিল মানুহজনৰ পিনে তীক্ষ্ণ দৃষ্টিৰে চাই ক’লে
" আপুনি পাৰ্টি খাবলৈ আহিছে পেটভৰাই খাই যাওক মই আহিছো বাকী সকলৰ লগতো অলপ কথা পাতোগৈ "
মণিৰাম গুচি গ'ল ৷ মানুহজনে নিজকে ক’লে
" একো নাই তুমি নকলেও মই এই ৰহস্য ভেদ কৰিমেই , যিজন মানুহৰ তাত দুচকীয়া কিনিবলৈ টকা নাছিল সেই মানুহহে আটাইতকৈ দামী গাড়ী কিনিবলৈ ইমান সোপা ধন কৰপৰা পালে ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ