বেষ্ট ফ্ৰেণ্ড

©Admin
0
 

এলেনক লৈ এদিন মাক দেউতাকে shoping mall লৈ নিজা বাহনেৰে গৈ আছিল ৷এলেন পিচৰ চিটত বহিলে।এলেন অকলে বহাৰ সুযোগ লৈ তাই দেউতাকৰ Mobile টো বিচাৰিলে,যিহেতু mall পাবলৈ বহু সময় বাকী আছিল ৷সেয়ে তাই এখন নাটক চাবলৈ ধৰিলে ৷মাক দেউতাকৰ মাজত কথা বতৰা চলি থাকিল ৷মাকে মাজে সময়ে তাইক মাত দি থাকিল ৷Mall পোৱাৰ পিচত গাড়ীখন ৰাখি মাক দেউতাক গাড়ীৰ পৰা নামি তাইকো নামিবলৈ ক’লে ৷কিন্তু তাই ফেঁকুৰি ফেঁকুৰি কান্দি আছিল ৷দুয়ো গৰাকীয়ে এলেনক কন্দা দেখি আচৰিত হৈ কি হ’ল সুধিলে ৷বহুবাৰ সোধাত তাই ক’লে যে তাই চোৱা নাটক খনত কুকুৰ এটা মৰিল ৷মাক দেউতাকে কথাষাৰ শুনি হাঁহিত থৰ পৰি গ’ল ৷আৰু ক’লে কুকুৰ মৰিলেও কান্দা ?তাকো নাটকৰ? ?
তেতিয়া তাই উত্তৰ দিলে-"কুকুৰটো য়াচিকাৰ best friend  আছিল আৰু  কুকুৰটোও এটা জীৱ "৷ তাইৰ কথাত মাক দেউতাকৰ মাত নাইকিয়া হৈ গ’ল ৷

📝ৰঞ্জুমা ৰহমান

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)