গুৰু ৰবিদাস দেৱৰ ভক্তিৰ মাহাত্ম্য (দুটি প্ৰচলিত লোককথা)

©Admin
0

অসমৰ শ্ৰীমন্ত শংকৰদেৱৰ সমসাময়িক প্ৰায় একে ভক্তি মাৰ্গৰ নিৰ্দেশনা দিয়া গুৰু ৰবিদাস দেৱৰ আবিৰ্ভাৱ হৈছিল উত্তৰ প্ৰদেশৰ বাণাৰসৰ সমীপৰ সীৰ গোৱৰ্দ্ধণপূৰ নামেৰে জনাজাত এখন গাঁৱত, যাৰ পূৰ্বে নাম আছিল মণ্ডোৱাদীহ । পবিত্ৰ মাঘী পূৰ্ণিমাৰ ৰবিবাৰে ইংৰাজী ১৩৭৭ চনত অৰ্থাৎ হিন্দী ১৪৩৩ বিক্ৰমী সম্ৱত ত আবিৰ্ভাৱ হৈ মধ্য যুগৰ তিমিৰাচন্ন পৰিবেশত ভক্তিৰ আলোকেৰে মানৱক সুখ  আৰু শান্তিৰ পথ দেখুৱাইছিল গুৰু ৰবিদাস দেৱে । এইজনা গুৰুৰ পবিত্ৰ জন্ম উৎসৱ তীৰ্থস্থান কাশীভূমিত ৰাষ্ট্ৰীয় ভাবে অতি উলহ মালহৰে লাখ লাখ অনুগামীসকলৰ উপস্হিতিৰে প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ দিনা উদযাপন কৰা হয়। আমাৰ অসমতো প্ৰতি বছৰৰ দৰে এইবাৰো ৰাজ্যিক ভিত্তিত ধুবুৰী জিলা পুথিভঁৰাল প্ৰাংগনত অনুষ্ঠিত হ'ব। জন্ম উৎসৱ উপলক্ষে ৰবিদাস সমাজত প্ৰচলিত দুটি লোক-কথা উল্লেখ কৰিলো।                                          ‌  গুৰু ৰবিদাস দেৱৰ সৎসংগ ভৱনত প্ৰতিদিনে ধৰ্মালোচনা হৈ থাকে। এদিন নগৰৰ এজন ধনী -মানী ব্যক্তিও ৰবিদাস দেৱৰ ধৰ্মীয় প্ৰৱচন শ্ৰৱণৰ বাবে আহি সৎসঙ্গত বহিছিল। প্ৰৱচনৰ  শেষত ভগৱন্তৰ চৰণামৃত ল'লে যদিও ব্যক্তিজনে মনে মনে পিছফালে কোনেও নেদেখা কৈ পেলায় দিলে আৰু পেলাবৰ সময়ত তেওঁৰ পিন্ধি থকা কাপোৰ এখনত পৰি দাগ লাগি গল। ঘৰলৈ গৈ সেই কাপোৰ ধূবাক ধোবলৈ দিলে। কিন্তু পিছলৈ মানুহ জনৰ শৰীৰত কুষ্ঠ ৰোগ হ'ব লৈ ধৰিলে। অন্যহাতে কাপোৰখন ধোৱাৰ পিছৰ পৰাই কুষ্ঠ ৰোগত আক্ৰান্ত ধোবী কন্যাৰ লাহে লাহে ৰোগ উপশম হ'ল। ধোবিৰ জীয়ৰীৰ ৰোগ নিবৃত্তিৰ সংবাদ সেই মানুহ জনে পোৱাত তেওঁ আত্মজ্ঞান লাভ কৰি অনুভৱ কৰিলে যে, গুৰু ৰবিদাস দেৱৰ সৎসংগত চৰণামৃত গ্ৰহণ নকৰি তেওঁ বৰ ভুল কৰিলে। ইয়াৰ পৰাই এই কুষ্ঠ ৰোগ হ'ল আৰু সেই চৰণামৃত পৰা কাপোৰ খন ধোৱাৰ বাবে ধোবী জীয়ৰীৰ ৰোগ দূৰ হ'ল। ভীষণ অপৰাধবোধ কৰি তেওঁ আন এদিন ৰবিদাস দেৱৰ সৎসংগত গৈ অতিশয় শ্ৰদ্ধা-ভকতিৰে চৰণামৃত গ্ৰহণ কৰিলে আৰু ধৰ্মীয় প্ৰৱচনৰ শেষত সেই শান্তিজল পান কৰাত তেওঁ কুষ্ঠ ৰোগৰ পৰা আৰোগ্য লাভ কৰিলে। এনে ধৰণৰ ভক্তিৰ মহিমা বিষয়ক অনেক জনশ্ৰুতি বা লোক-কথা গুৰুজনাৰ সম্পৰ্কত প্ৰচলিত হৈ আহিছে। আজিৰ বুদ্ধিবাদী আধুনিক যুগত এই সকলোবোৰ কথা হয়তো বিশ্বাস কৰিবলৈ টান পাব পাৰে । কিন্তু এনেওটো হ'ব পাৰে যে সেই সময়ৰ দীনহীন জনতাই মোগল শাসনৰ সময়চোৱাত বিভিন্ন হেঁচা প্ৰয়োগৰ ফলতো যাতে দিকবিদিক হেৰুৱায় ইছলাম ধৰ্ম ল'বলৈ কুণ্ঠাবোধ কৰে, তাৰ বাবেও এনেধৰণৰ অলৌকিক কথা প্ৰচাৰ হ'ব পাৰে।*****                      ‌‌‌‌‌‌    আন এদিনৰ কথা। কৰ্মই ধৰ্ম, সেই বাণীকেই আজীৱন সাৰোগত কৰি গুৰুজনাই বংশানুক্ৰমে চলি অহা জোতা নিৰ্মাণৰ ব্যৱসায়ত ব্যস্ত আছিল। এনেতে এজন যাত্ৰী ব্ৰাহ্মণ আহিল। তেওঁ কোনো ৰাজ্যৰ ৰাজপুৰোহিত আৰু তেওঁ ৰজাৰ মংগালাৰ্থে গংগা নদীত ফুল, মুদ্ৰা আদি নৈবেদ্য উচৰ্গা কৰিবলৈ আহিছিল।কথা প্ৰসংগত ৰবিদাস দেৱেও গংগা দেৱীক উচৰ্গাৰ বাবে কিছু নৈবেদ্য দি ব্ৰাহ্মণ জনক ক'লে-"এয়া মোৰ উপহাৰ তেতিয়া সমৰ্পণ কৰিবা, যেতিয়া গংগা দেৱীয়ে স্বয়ং হাত পাতি গ্ৰহণ কৰে। অন্যথা এই নৈবেদ্য পুনৰ ঘূৰাই আনিবা।"ৰবিদাস দেৱৰ কথা শুনি ব্ৰাহ্মণ জনে হাঁহি কৌতুক জ্ঞান কৰি ভূৰভূৰাই গংগা ঘাটলৈ আঁতৰি গ'ল। গংগাৰ পাৰত উপস্হিত হৈ নিজ যজমান ৰজাৰ দান দক্ষিণা পূজা অৰ্চনাৰে গংগা নদীত বিসৰ্জন দিলে। উভতি আহিবৰ সময়ত ৰবিদাস দেৱে দিয়া নৈবেদ্যৰ কথা মনত পৰাত দূৰৰ পৰাই ব্ৰাহ্মণজনে সেই নৈবেদ্য গংগালৈ বুলি দলিয়াই দিলে। কিন্তু তেতিয়াই এক আচৰিত ঘটনাৰ সম্মুখীন হ'ল। জলধাৰাৰ পৰা দূখন হাত বাহিৰ ওলাই ৰবিদাস দেৱৰ নৈবেদ্য আজঁলি পাতি গ্ৰহণ কৰিলে। এই নোহোৱা নোপজা ঘটনাত ব্ৰাহ্মণ বিষ্ময়_বিমূগ্ধ হ'ল। কিছু সময়ৰ পাছত সেই জলধাৰাৰ পৰাই এক সুন্দৰ খাৰু লৈ সেই গংগা দেৱীৰ হাতখনেই বাহিৰ ওলাই আহিল আৰু জলধাৰাৰ পৰা শব্দ ভাঁহি আহিল,_"এই সোনৰ খাৰু প্ৰসাদ ৰূপত ভক্ত ৰবিদাসক দি দিবা।" ব্ৰাহ্মণ জনে সেই খাৰুপাত গ্ৰহণ কৰিলে।                     ‌‌‌‌‌‌‌                           কিন্তু খাৰু পাত গ্ৰহণ কৰি ব্ৰাহ্মণ জনৰ লোভ জন্মিল আৰু খাৰু পাত নিজ যজমান ৰজাক দিয়াৰ কথা চিন্তা কৰিলে। পুৰোহিত জনে ভাবিলে যে প্ৰসাদ ৰূপত ৰজাক খাৰু পাত দিলে ৰজা আনন্দিত হৈ বহুমূলীয়া উপহাৰ দিয়াৰ সম্ভাৱনা আছে। ভৱামতেই ব্ৰাহ্মণে খাৰু পাত গৰ্বৰে ৰজাক দিলে। পুৰুহিত জনৰ বুদ্ধিদীপ্ত মিছা কথাত ৰজা পতীয়ন গ'ল আৰু অতি আনন্দিত হ'ল। আকৰ্ষণীয় খাৰুপাত পাই ৰাণীও অতিশয় আনন্দিত হ'ল। ৰাণী প্ৰসন্ন হ'ল যদিও এক অভিলাষ থাকি গ'ল। ৰাণীয়ে ৰজাক নিজৰ অভিপ্ৰায় ব্যক্ত কৰিলে, "যদি ইয়াৰ সৈতে আৰু এপাত খাৰু পোৱা যায়, তেতিয়াহে যোৰাটো ভাল মিলিব।" ৰজা বিবশ হৈ ব্ৰাহ্মণ জনক আদেশ দিলে,"ব্ৰাহ্মণ দেৱ, গংগা ঘাটলৈ গৈ নৈবেদ্য উচৰ্গা কৰি একেদৰে আন এপাত খাৰু আনাগৈ।" ব্ৰাহ্মণ জন উপায়হীন হৈ কাশী পালেগৈ, কিন্তু গংগা ঘাটলৈ নগৈ ৰবিদাস দেৱৰ কুটিৰতহে উপস্হিত হ'ল।চৰম ভয় আৰু লাজভাবে ৰবিদাস দেৱৰ সন্মূখত উপস্হিত হ'ল। ৰবিদাস দেৱে মিচিকি হাঁহি ক'লে," ব্ৰাহ্মণ দেৱ, ভয় নাপাবা। মই তোমাৰ মনত উদিত ভয়ৰ কাৰণ বুজিব পাৰিছো। এইয়া লোৱা,থিক তেনে এপাতেই খাৰু।"ৰবিদাস দেৱে পানী থকা চামৰাৰ পাত্ৰ এটাৰ পৰা খাৰু এপাত উলিয়ায় ব্ৰাহ্মণ জনক দিলে আৰু ক'লে ,"মন চংগা তৌ কঠৌতি মে গংগা।"অৰ্থাৎ মন নিকা হ'লে পাত্ৰটোতেই গংগাক পাব পাৰি। ব্ৰাহ্মণ জনে পাত্ৰটোৰ তলতে গংগাক বৈ যোৱা দেখিবলৈ পায় অভিভূত হৈ ৰবিদাস দেৱৰ চৰণত ক্ষমা ভিক্ষা মাগিলে আৰু ৰজাক সকলো সত্য প্ৰকাশ কৰিলে। এনেদৰেই দয়ালু ৰবিদাস দেৱৰ ভক্তিৰ মাহাত্ম্য চৌদিশে বিস্তাৰ লাভ কৰিলে। এনে ধৰণৰ কেইবাটাও ৰসাল লোক-কথা ৰবিদাস দেৱৰ অনুগামী সকলৰ মাজত প্ৰচলিত হৈ আছে।

🖊️‌‌‌‌‌‌‌‌‌‌‌‌‌‌পংকজ ৰবিদাস    
ৰঙামাটি , দেৰগাঁও,

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)