ভঙা কলিজাত
ডাঠ ক’লা চামনি,
এৰুৱাব বিচাৰি ব্যৰ্থ মই
কলাবোৰ বিয়পি গ’ল ৷
মই নীৰৱে ৰ’লোঁ,
ক’লাবোৰকে আপোন বুলি
ভাবিবলৈ চেষ্টা কৰিলোঁ,
কলিজাটো নিজৰ নাছিল
বুলি ভাবিবলৈ আৰাম্ভ কৰিলোঁ ৷
নাই
মই নোৱাৰিলোঁ
মই নোৱাৰিলোঁ
স্বাৰ্থপৰ হ’ব
নোৱাৰিলোঁ আত্মবিভোৰ হ’ব ৷
নিজৰখিনি হেৰুওৱাৰ যন্ত্ৰণাই
অহৰহ কুৰুকি আছিল মোৰ সত্ত্বাক ৷
কলিজাক জোৰা লগোৱা
দৰৱ বিচাৰিলো,
নাপালোঁ ৷
ক’লা চামনি আঁতৰোৱাৰ
দৰৱ বিচাৰিলোঁ,
নিদিলে ৷
মই অতীতলৈ ওভোতাৰ
কচৰৎ কৰি আছোঁ,
আশাবোৰক সজীৱ কৰি ৰাখিছোঁ ...
🖋️ ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ